প্রশ্ন-১. তালকিন কি ও তাৰ নিয়ম কি? অমুছলিম মুমূর্ষ ব্যক্তিক কালিমাৰ তালকিন কৰাটো বৈধনে?

প্রশ্ন-১. তালকিন কি ও তাৰ নিয়ম কি? অমুছলিম মুমূর্ষ ব্যক্তিক কালিমাৰ তালকিন কৰাটো বৈধনে?

উত্তৰ: মুমূর্ষ ব্যক্তিক কালিমা স্মৰণ কৰাই দিয়া আৰু তাক কালিমা পাঠ কৰাৰ দীক্ষা দান কৰাকে আৰৱীত ‘তালকিন’ বোলা হয়। যেতিয়া কোনো ব্যক্তিৰ ওপৰত মৃত্যুৰ আলামত প্ৰকাশ পায়¸ তেতিয়া উপস্থিত ব্যক্তিসকলৰ উচিত যে তেওঁক لا إله إلا الله (লা-ইলাহা ইল্লাল্লাহ)কোৱাৰ কাৰণে উদ্বুদ্ধ কৰা আৰু আল্লাহক স্মৰণ কৰিবলৈ কোৱা। উপস্থিত লোকসকলৰ সৈতে এই কলিমা এবাৰ পাঠ কৰাই তেওঁৰ বাবে যথেষ্ট, কিন্তু পঢ়িবলৈ জোৰ-জবৰদস্তী কৰি তেওঁক বিৰক্ত কৰা নিষেধ।

আমাৰ দেশত দাফনৰ পিছত তালকিন কৰা হয় যাৰ শ্বৰী‘আতত কোনো প্রমাণ নাই, সেইবাবে এইটো বিদাত। দাফনৰ পিছত তালকিন প্রসঙ্গত বর্ণিত হাদীছবোৰ জাল ও আমলৰ অযোগ্য, সেয়ে তালকিন কেৱল মুমূর্ষাৱস্থাত কৰিব লাগে, মৃত্যুৰ পিছত নহয়।

সম্ভৱ হ’লে অমুছলিম ব্যক্তিকো কলিমাৰ তালকিন কৰা বৈধ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ জনৈক ইহুদী খাদিম মমূর্ষাৱস্থাত পতিত হোৱাত, তেখেতে তেওঁক চাবলৈ যায় আৰু তেওঁক কলিমাৰ তালকিন কৰি কয়, কোৱাঃ
« أشْهَدُ أَنْ لاَإِلَه إلاّ اللهَ وأَنَّ مُحَمّدَ رَسُوْلُ اللهِ »
“মই সাক্ষী দিছো যে, আল্লাহ ব্যতীত সত্য কোনো ইলাহ নাই আৰু মুহাম্মদ আল্লাহৰ ৰাছুূল”। এই কথা শুনি ল’ৰাজনে তেওঁৰ পিতা-মাতাৰ ফালে লক্ষ্য কৰিলে, তেওঁলোকে ল’ৰাজনক ক’লে- “তুমি আবুল কাছিমৰ আনুগত্য কৰা”। এনেদৰে ইহুদী ল’ৰাজনে কলিমা পঢ়ি ইন্তেকাল কৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে- “সকলো প্রসংশা মহান আল্লাহ তালাৰ কাৰণে যিয়ে মোৰ জৰিয়তে এই ল’ৰাজনক জাহান্নামৰ জুইৰ পৰা মুক্ত কৰিলে।

সুত্রঃ সংকলন: সেইখ আব্দুল আজিজ ইব্‌ন আব্দুল্লাহ ইব্‌ন বায ৰাহিমাহুল্লাহ
সূত্র: ইছলাম প্রচাৰ ব্যুৰো, ৰাবওয়াহ, ৰিয়াধ, চৌদিআৰৱ।

Leave a comment