.
আপুনি যেতিয়া কাৰোবাক ভাল, সুন্দৰ বা তেওঁৰ পছন্দৰ কোনো কাম উপহাৰ দিয়ে তেতিয়া অধিকাংশ মানুহেই আপোনাক কৈ থাকে, “জাযাকাল্লাহু খাইৰা”।
.
প্রশ্ন হ’ল- এই বাক্যটোৰ অর্থ কি? আঁহক! জানি লওঁ বাক্যটোৰ অর্থ।
ইয়াৰ বহুত সুন্দৰ কেইটামান অর্থ আছে।
.
১। ﺧﻴﺮ ( খাইৰ) শব্দটোৱে সেইসমূহ বিষয়ক বুজায় যিটো আল্লাহৰ ওচৰত প্রিয়। সেয়ে “খাইৰ” শব্দৰ মাধ্যমত আপোনাৰ কাৰণে সকলো ধৰণৰ কল্যাণ কামনা কৰা হ’ল।
.
২। “জাযাকাল্লাহু খাইৰা”
অর্থ- আল্লাহে আপোনাক জান্নাত আৰু জান্নাতত তেওঁৰ দিদাৰৰ দ্বাৰা সৌভাগ্যৱান কৰক।
.
৩। “জাযাকাল্লাহু খাইৰা”
অর্থ- আল্লাহে আপোনাক মুশ্বৰিকসকলৰ স্থান জাহান্নামৰ পৰা হিফাজত কৰক।
.
৪। “জাযাকাল্লাহু খাইৰা”
অর্থ- আল্লাহে যেন আপোনাক চিৰাতে মুস্তাক্কিম তথা সৰল পথত পৰিচালিত কৰে।
.
৫। “জাযাকাল্লাহু খাইৰা”
অর্থ- আল্লাহে যেন আপোনাৰ ওপৰত কোনো অভিশপ্ত শ্বয়তানক চপাই নিদিয়ে।
.
৬। “জাযাকাল্লাহু খাইৰা”
অর্থ- আল্লাহে যেন আপোনাৰ ৰিজিকৰ মাজত বৰকত দান কৰে।
.
৭। “জাযাকাল্লাহু খাইৰা”
অর্থ- শেষ দিৱসলৈকে আল্লাহে যেন আপোনাক মাতা-পিতাৰ প্রতি সদ্ব্যৱহাৰকাৰী কৰে।
.
৮। “জাযাকাল্লাহু খাইৰা”
অর্থ- আল্লাহে যেন আপোনাক ৰাছূলৰ ছুন্নাতৰ অনুসাৰী কৰে।
.
৯। “জাযাকাল্লাহু খাইৰা”
অর্থ- আল্লাহে আপোনাক নেক সন্তান দান কৰক।
.
১০। “জাযাকাল্লাহু খাইৰা”
আল্লাহে আপোনাক সকলো ধৰণৰ কল্যাণ দান কৰক।
.
.
ইয়াৰ দ্বাৰা আৰু অসংখ্য অর্থ বুজোৱা হয়। কিয়নো খাইৰ ( ﺧﻴﺮ ) আল্লাহৰ ওচৰত অগণিত। যাক গণনা কৰা অসম্ভৱ। কিন্তু আমি বাক্যটোৰ শাব্দিক অর্থ কৰোঁ-
“আল্লাহে আপোনাক উত্তম প্রতিদান দান কৰক” বুলি।
ﻋﻦ ﺃﺳﺎﻣﺔ ﺑﻦ ﺯﻳﺪ ﺭﺿﻲ ﺍﻟﻠﻪ ﻋﻨﻬﻤﺎ ﻗﺎﻝ : ﻗَﺎﻝَ ﺭَﺳُﻮﻝُ ﺍﻟﻠَّﻪِ ﺻَﻠَّﻰ ﺍﻟﻠَّﻪُ ﻋَﻠَﻴْﻪِ ﻭَﺳَﻠَّﻢَ : ( ﻣَﻦْ ﺻُﻨِﻊَ ﺇِﻟَﻴْﻪِ ﻣَﻌْﺮُﻭﻑٌ ﻓَﻘَﺎﻝَ ﻟِﻔَﺎﻋِﻠِﻪِ : ﺟَﺰَﺍﻙَ ﺍﻟﻠَّﻪُ ﺧَﻴْﺮًﺍ . ﻓَﻘَﺪْ ﺃَﺑْﻠَﻎَ ﻓِﻲ ﺍﻟﺜَّﻨَﺎﺀِ ) .
ﺭﻭﺍﻩ ” ﺍﻟﺘﺮﻣﺬﻱ ” ﻭﺍﻟﻨﺴﺎﺋﻲ ﻓﻲ ” ﺍﻟﺴﻨﻦ ﺍﻟﻜﺒﺮﻯ “
অর্থ- হযৰত উচামা বিন যায়েদ (ৰাযি.)ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, যদি কাৰোবাৰ প্রতি কৃতজ্ঞতাৰ আচৰণ কৰাৰ পিছত তাৰ বিনিময়ত সেই ব্যক্তিয়ে আচৰণকাৰীক “জাযাকাল্লাহু খাইৰা” বুলি কয়, তেনেহ’লে সি তাৰ যথাযোগ্য প্রশংসা কৰিলে।
.
.
ﻋﻦ ﺃﺑﻲ ﻫﺮﻳﺮﺓ ﺭﺿﻲ ﺍﻟﻠﻪ ﻋﻨﻪ ﻗﺎﻝ : ﻗﺎﻝ ﺭﺳﻮﻝ ﺍﻟﻠﻪ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ ” ﺇِﺫَﺍ ﻗَﺎﻝَ ﺍﻟﺮَّﺟُﻞُ ﻟِﺄَﺧِﻴﻪِ : ﺟَﺰَﺍﻙَ ﺍﻟﻠَّﻪُ ﺧَﻴْﺮًﺍ، ﻓَﻘَﺪْ ﺃَﺑْﻠَﻎَ ﻓِﻲ ﺍﻟﺜَّﻨَﺎﺀِ “
অর্থ- হযৰত আবু হুৰায়ৰা (ৰাযি.)ৱে কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, কোনোবাই যেতিয়া তাৰ ভাইক কয়, “জাযাকাল্লাহু খাইৰা” তেনেহ’লে সি তাৰ ভূয়সী প্রশংসা কৰিলে।
.
.
ﻗﺎﻝ ﻋﻤﺮ ﺑﻦ ﺍﻟﺨﻄﺎﺏ ﺭﺿﻲ ﺍﻟﻠﻪ ﻋﻨﻪ : ﻟَﻮْ ﻳَﻌْﻠَﻢُ ﺃَﺣَﺪُﻛُﻢْ ﻣَﺎ ﻟَﻪُ ﻓِﻲ ﻗَﻮْﻟِﻪِ ﻟِﺄَﺧِﻴﻪِ : ﺟَﺰَﺍﻙَ ﺍﻟﻠَّﻪُ ﺧَﻴْﺮًﺍ، ﻟَﺄَﻛْﺜَﺮَ ﻣِﻨْﻬَﺎ ﺑَﻌْﻀُﻜُﻢْ ﻟِﺒَﻌْﺾٍ . ( ﺍﻟﻤﺼﻨﻒ ﻻﺑﻦ ﺃﺑﻲ ﺷﻴﺒﺔ )
হযৰত ঊমৰ (ৰাযি.)ৱে কৈছে, তোমালোকৰ কাৰোবাৰ যদি জনা থাকিলেহেঁতেন যে, তাৰ আন ভাইক “জাযাকাল্লাহু খাইৰা” কোৱাৰ মাজত তাৰ কাৰণে কি আছে!
তেনেহ’লে তোমালোকে এজনে আনজনৰ কাৰণে তাক বেছিকৈ ক’লাহেঁতেন!
.
.
আঁহক Thank’s, Thank You ইত্যাদিৰ পৰিৱর্তে আমি পৰস্পৰে “জাযাকাল্লাহু খাইৰা”-ৰ বিনিময় কৰোঁ।
–