চুফীসকলৰ যাহেৰী আৰু বাতেনী-

চুফীসকলৰ যাহেৰী আৰু বাতেনী-

চুফীসকলে দ্বীনক যাহেৰী আৰু বাতেনী এই দু’টি স্তৰত ভাগ কৰি থাকে। শ্বৰীয়তক তেওঁলোকে যাহেৰী স্তৰ হিচাবে বিশ্বাস কৰে, যিটো সকলোৰে বাবে মানা জৰুৰী। বাতেনী স্তৰত কেৱল নির্বাচিত ব্যক্তিসকলেই গৈ উপনীত পাৰে।

কিন্তু ইছলামী শ্বৰীয়তত যাহেৰী আৰু বাতেনী বুলিবলৈ একো নাই। কুৰআন আৰু ছুন্নাহৰ মাজত যি আছে, সেয়ে ইছলাম। কুৰআন আৰু হাদিছত যি নাই সি ইছলামতেই নাই। ৰাছূলল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে-

   (عَلَيْكُمْ بِسُنَّتِي وَسُنَّةِ الْخُلَفَاءِ الْمَهْدِيِّينَ الرَّاشِدِينَ تَمَسَّكُوا بِهَا وَعَضُّوا عَلَيْهَا بِالنَّوَاجِذِ وَإِيَّاكُمْ وَمُحْدَثَاتِ الأُمُورِ فَإِنَّ كُلَّ مُحْدَثَةٍ بِدْعَةٌ وَكُلَّ بِدْعَةٍ ضَلاَلَةٌ)

আমাৰ পিছত তোমালোকৰ মাজত যিসকল জীৱিত থাকিব, সিহঁতে বহুত মতবিৰোধ দেখিবলৈ পাব। গতিকে তোমালোকে সেই সময়ত মোৰ ছুন্নাত আৰু খোলাফায়ে ৰাশ্বেদাৰ ছুন্নাতক খামুচি ধৰিবা। তোমালোকে দ্বীনৰ মাজত নতুন বিষয় আৱিষ্কাৰ কৰাৰ পৰা বিৰত থাকিবা, কিয়নো প্রত্যেক নতুন বিষয়েই বিদআত। আকৌ প্রতিটো বিদআতৰ পৰিণাম গোমৰাহী বা ভ্রষ্টতা। (আবু দাউদ, অধ্যায়- কিতাবুচ্ ছুন্নাহ, তিৰমিযী, অধ্যায়- কিতাবুল ইল্ম। ইমাম তিৰমিযীয়ে কৈছে- হাদীছটো হাছান ছহীহ। মুছনাদে আহমাদ, (৪/১২৬), মাজমুওয়ায়ে ফাতাওৱা ১০/৩৫৪)।

পথভ্ৰষ্টতাৰ পৰিণাম জাহান্নাম। আজি আমি কুৰআন আৰু ছহীহ হাদিছ পোৱাৰ পিছতো গোমৰাহী বাদ নিদি বাপ-দাদাৰ দোহাই দি শুদ্ধ অশুদ্ধ বিচাৰ নকৰি সমাজত যি ইবাদাত চালু আছে তাকেই কৰি গৈছোঁ। অথচ সেইবোৰৰ সৰহ সংখ্যক ইবাদাতেই নহয়। বিদাতবোৰকেই আমি ছুন্নাত বুলি আমল কৰি আছোঁ। ইয়াৰ মূল কাৰণ বিনা দলিলৰ ভেজাল কিতাপসমূহৰ অধ্যয়ন, পীৰ-মুৰিদ, কুৰআন ও ছহীহ হাদিছৰ জ্ঞানৰ অভাৱ আৰু মাজহাবী গোড়ামি ইত্যাদি।

এই বিষয়ে তলত উল্লেখিত আয়াতসমূহৰ প্ৰতি লক্ষ্য কৰি আমল কৰাৰ চেষ্টা কৰোঁ আঁহক। আল্লাহে কৈছে-

ছূৰা কাহফ:57 – তাতকৈ অধিক জালিম কোন, যাক তাৰ পালনকর্তাৰ কালামৰ দ্বাৰা বুজোৱা হয়, তাৰ পিছত সি তাৰ পৰা মুখ ঘূৰাই নিয়ে আৰু তাৰ পূর্বৱর্তী কৃতকর্মসমূহ পাহৰি যায়? আমি সিহঁতৰ অন্তৰৰ ওপৰত পর্দা ৰাখি দিছোঁ, যেন তাক নুবুজে আৰু সিহঁতৰ কাণত আছে বধিৰতাৰ বোজা। যদি আপুনি সিহঁতক সৎপথৰ প্রতি দাৱাত দিয়ে, তেনেহ’লে কেতিয়াও সিহঁতে সৎপথত নাহিব।

ছূৰা কাহফ:103 – কোৱা! আমি কি তোমালোকক সেইসকল লোকৰ সংবাদ নিদিমনে, যিসকলে কর্মৰ ফালৰ পৰা খুবেই ক্ষতিগ্রস্ত?

ছূৰা কাহফ:104 – সিহঁতেই সেইসকল লোক, যিসকলৰ প্রচেষ্টা পার্থিৱ জীৱনত বিভ্রান্ত হৈছে, অথচ সিহঁতে ভাৱে যে, সিহঁতে তো সুন্দৰ আমলেই কৰিছে।

ছূৰা আল বাক্কাৰাহ:153 “হে মুমিনসকল! তোমালোকে ধৈর্য্য আৰু ছালাতৰ মাধ্যমত সাহায্য প্রার্থনা কৰা। নিশ্চয় আল্লাহ ধৈর্য্যশীলসকলৰ লগত আছে।”

ছূৰা আল আন-আম:159 – নিশ্চয় যিসকলে স্বীয় ধর্মক খণ্ড-বিখণ্ড কৰিছে আৰু বহু দলত বিভক্ত হৈছে, সিহঁতৰ সৈতে আপোনাৰ কোনো সম্পর্ক নাই। সিহঁতৰ বিষয় আল্লাহ তা‘আলাৰ ওচৰত সমর্পিত¸ তেৱেঁই ইয়াৰ পিছত জনাই দিব যিবোৰ সিহঁতে কৰি থাকে।

ছূৰা আল ক্কামাৰ:17 – আমি কুৰআনক বুজাৰ কাৰণে সহজ কৰি দিছোঁ। গতিকে, কোনো চিন্তাশীল আছে নেকি?

Leave a comment