ৰাফ‘উল ইয়াদাঈন আৰু বুকুত হাত বন্ধা সম্বন্ধে ছহীহ বুখাৰীত থকা হাদীছসমূহৰ লগতে বিভিন্ন হাদীছগ্ৰন্থৰ দলীলসমূহ-

ৰাফ‘উল ইয়াদাঈন আৰু বুকুত হাত বন্ধা সম্বন্ধে ছহীহ বুখাৰীত থকা হাদীছসমূহৰ লগতে বিভিন্ন হাদীছগ্ৰন্থৰ দলীলসমূহ-

(১)
1 : 12 : 735
1. Sahih Bukhari ›› 10a. Characteristics of prayers ››

حَدَّثَنَا مُحَمَّدُ بْنُ مُقَاتِلٍ، قَالَ أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ أَخْبَرَنَا يُونُسُ، عَنِ الزُّهْرِيِّ، أَخْبَرَنِي سَالِمُ بْنُ عَبْدِ اللَّهِ، عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ، رضى الله عنهما قَالَ رَأَيْتُ رَسُولَ اللَّهِ صلى الله عليه وسلم إِذَا قَامَ فِي الصَّلاَةِ رَفَعَ يَدَيْهِ حَتَّى يَكُونَا حَذْوَ مَنْكِبَيْهِ، وَكَانَ يَفْعَلُ ذَلِكَ حِينَ يُكَبِّرُ لِلرُّكُوعِ، وَيَفْعَلُ ذَلِكَ إِذَا رَفَعَ رَأْسَهُ مِنَ الرُّكُوعِ وَيَقُولُ ‏ “‏ سَمِعَ اللَّهُ لِمَنْ حَمِدَهُ ‏”‏‏.‏ وَلاَ يَفْعَلُ ذَلِكَ فِي السُّجُودِ‏.‏
            চালাতৰ বৈশিষ্ট্যসমূহ ::
ছহীহ বুখাৰী :: খণ্ড ১ :: অধ্যায় ১০ :: হাদীছ ৭৩৫
            মুহাম্মদ ইবনু মুকাতিল (ৰহ.)….আব্দুল্লাহ্ ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে, “মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক দেখিছোঁ, তেওঁ যেতিয়া চালাতৰ কাৰণে থিয় হৈছিল তেতিয়া উভয় হাত কান্ধ বৰাবৰ উঠাইছিল আৰু যেতিয়া তেওঁ ৰুকু’ৰ কাৰণে তাকবীৰ কৈছিল তেতিয়াও এনেকুৱা কৰিছিল। আকৌ যেতিয়া ৰুকু’ৰ পৰা মাথা উঠাইছিল তেতিয়াও এনেকুৱা কৰিছিল আৰু حَمِدَهُ سَمِعَ اللهُ لِمَنْ ‘ছামিআল্লাহু লিমান হামিদাহ’ কৈছিল। কিন্তু ছিজদাৰ সময়ত এনেকুৱা কৰা নাছিল’’। (৭৩৬, ৭৩৭, ৭৩৮, ৭৩৯; মুছলিম ৪/৯, হাঃ ৩৯০, আহমাদ ৪৫৪০) (আ.প্ৰ. ৬৯১, ই.ফা. ৬৯৯)
1 : 12 : 736
1. Sahih Bukhari ›› 10a. Characteristics of prayers ››
مُحَمَّدُ بْنُ مُقَاتِلٍ قَالَ أَخْبَرَنَا عَبْدُ اللهِ قَالَ أَخْبَرَنَا يُونُسُ عَنْ الزُّهْرِيِّ أَخْبَرَنِي سَالِمُ بْنُ عَبْد اللهِ عَنْ عَبْد اللهِ بْنِ عُمَرَ رَضِيَ اللهُ عَنْهُمَا قَالَ رَأَيْتُ رَسُولَ
اللهِ صلى الله عليه وسلم إِذَا قَامَ فِي الصَّلاَ ةِ رَفَعَ يَدَيْهِ حَتَّى يَكُونَاحَذْو مَنْكِبَيْهِ وَكَانَ يَفْعَلُ ذَلِكَ حِينَ يُكَبِّرُ لِلرُّكُوعِ وَيَفْعَلُ ذَلِكَ إِذَا رَفَعَ رَأْسَهُ مِن الرُّكُوعِ وَيَقُولُ سَمِعَ اللهُ لِمَنْ حَمِدَهُ وَلاَ يَفْعَلُ ذَلِكَ فِي السُّجُودِ.
            চালাতৰ বৈশিষ্ট্যসমূহ ::
ছহীহ বুখাৰী :: খণ্ড ১ :: অধ্যায় ১০ :: হাদীছ ৭৩৬
            মুহাম্মাদ ইবনু মুকাতিল (ৰহ.)….আব্দুল্লাহ্ ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে, “মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক দেখিছোঁ, তেওঁ যেতিয়া চালাতৰ কাৰণে থিয় হৈছিল তেতিয়া উভয় হাত কান্ধ বৰাবৰ উঠাইছিল। আৰু যেতিয়া তেওঁ ৰুকু‘ৰ কাৰণে তাকবীৰ কৈছিল তেতিয়াও এনেকুৱা কৰিছিল। আকৌ যেতিয়া ৰুকু‘ৰ পৰা মাথা উঠাইছিল তেতিয়াও এনেকুৱা কৰিছিল আৰু حَمِدَهُ سَمِعَ اللهُ لِمَنْ  কৈছিল। কিন্তু ছিজদাৰ সময়ত এনেকুৱা কৰা নাছিল”। (৭৩৫) (আ.প্ৰ. ৬৯২, ই.ফা. ৭০০)
1 : 12 : 737
1. Sahih Bukhari ›› 10a. Characteristics of prayers ››

حَدَّثَنَا إِسْحَاقُ الْوَاسِطِيُّ، قَالَ حَدَّثَنَا خَالِدُ بْنُ عَبْدِ اللَّهِ، عَنْ خَالِدٍ، عَنْ أَبِي قِلاَبَةَ، أَنَّهُ رَأَى مَالِكَ بْنَ الْحُوَيْرِثِ إِذَا صَلَّى كَبَّرَ وَرَفَعَ يَدَيْهِ، وَإِذَا أَرَادَ أَنْ يَرْكَعَ رَفَعَ يَدَيْهِ، وَإِذَا رَفَعَ رَأْسَهُ مِنَ الرُّكُوعِ رَفَعَ يَدَيْهِ، وَحَدَّثَ أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم صَنَعَ هَكَذَا‏.‏
            চালাতৰ বৈশিষ্ট্যসমূহ ::
ছহীহ বুখাৰী :: খণ্ড ১ :: অধ্যায় ১০ :: হাদীছ ৭৩৭
            ইছহাক ওৱাছিতী (ৰহ.)…… আবু কিলাবা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ মালিক ইবনু হুৱাইৰিছ ৰাদ্বিয়াল্লাহু আনহুক দেখিছে, তেওঁ যেতিয়া চালাত আদায় কৰিছিল তেতিয়া তাকবীৰ কৈছিল আৰু তেওঁৰ দু’হাত উঠাইছিল। আৰু যেতিয়া ৰুকু’ কৰাৰ ইচ্ছা কৰিছিল তেতিয়াও তেওঁৰ উভয় হাত উঠাইছিল, আকৌ যেতিয়া ৰুকু’ৰ পৰা মাথা উঠাইছিল তেতিয়াও তেওঁৰ উভয় হাত উঠাইছিল আৰু তেওঁ বৰ্ণনা কৰে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এনেকুৱা কৰিছিল। (মুছলিম ৪/৯, হাঃ ৩৯১, আহমাদ ২০৫৫৮) (আ.প্ৰ. ৬৯৩, ই.ফা. ৭০১)
1 : 12 : 738
1. Sahih Bukhari ›› 10a. Characteristics of prayers ››

حَدَّثَنَا أَبُو الْيَمَانِ، قَالَ أَخْبَرَنَا شُعَيْبٌ، عَنِ الزُّهْرِيِّ، قَالَ أَخْبَرَنَا سَالِمُ بْنُ عَبْدِ اللَّهِ، أَنَّ عَبْدَ اللَّهِ بْنَ عُمَرَ ـ رضى الله عنهما ـ قَالَ رَأَيْتُ النَّبِيَّ صلى الله عليه وسلم افْتَتَحَ التَّكْبِيرَ فِي الصَّلاَةِ، فَرَفَعَ يَدَيْهِ حِينَ يُكَبِّرُ حَتَّى يَجْعَلَهُمَا حَذْوَ مَنْكِبَيْهِ، وَإِذَا كَبَّرَ لِلرُّكُوعِ فَعَلَ مِثْلَهُ، وَإِذَا قَالَ سَمِعَ اللَّهُ لِمَنْ حَمِدَهُ‏.‏ فَعَلَ مِثْلَهُ وَقَالَ ‏ “‏ رَبَّنَا وَلَكَ الْحَمْدُ ‏”‏‏.‏ وَلاَ يَفْعَلُ ذَلِكَ حِينَ يَسْجُدُ وَلاَ حِينَ يَرْفَعُ رَأْسَهُ مِنَ السُّجُودِ‏.‏
            চালাতৰ বৈশিষ্ট্যসমূহ ::
ছহীহ বুখাৰী :: খণ্ড ১ :: অধ্যায় ১০ :: হাদীছ ৭৩৮
            আবুল ইয়ামান (ৰহ.)……. আব্দুল্লাহ্ ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে, মই নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামক তাকবীৰ দি চালাত আৰম্ভ কৰা দেখিছোঁ, তেওঁ যেতিয়া তাকবীৰ কৈছিল তেতিয়া তেওঁৰ উভয় হাত উঠাইছিল আৰু কান্ধ বৰাবৰ কৰিছিল। আৰু যেতিয়া ৰুকু’ৰ তাকবীৰ কৈছিল তেতিয়াও এনেকুৱা কৰিছিল। আকৌ যেতিয়া حَمِدَهُ سَمِعَ اللهُ لِمَنْ ‘ছামিআল্লাহু লিমান হামিদাহ’ কৈছিল, তেতিয়াও এনেকুৱা কৰিছিল আৰু ‘ৰাব্বানা ওৱালাকাল হামদ’ কৈছিল। কিন্তু ছিজদাত যাওঁতে এনেকুৱা কৰা নাছিল। ছিজদাৰ পৰা মাথা উঠোৱাৰ সময়তো এনেকুৱা কৰা নাছিল। (৭৩৫) (আ.প্ৰ. ৬৯৪, ই.ফা. ৭০২)
1 : 12 : 739
1. Sahih Bukhari ›› 10a. Characteristics of prayers ››

(৩)
حَدَّثَنَا عَيَّاشٌ، قَالَ حَدَّثَنَا عَبْدُ الأَعْلَى، قَالَ حَدَّثَنَا عُبَيْدُ اللَّهِ، عَنْ نَافِعٍ، أَنَّ ابْنَ عُمَرَ، كَانَ إِذَا دَخَلَ فِي الصَّلاَةِ كَبَّرَ وَرَفَعَ يَدَيْهِ، وَإِذَا رَكَعَ رَفَعَ يَدَيْهِ، وَإِذَا قَالَ سَمِعَ اللَّهُ لِمَنْ حَمِدَهُ‏.‏ رَفَعَ يَدَيْهِ، وَإِذَا قَامَ مِنَ الرَّكْعَتَيْنِ رَفَعَ يَدَيْهِ‏.‏ وَرَفَعَ ذَلِكَ ابْنُ عُمَرَ إِلَى نَبِيِّ اللَّهِ صلى الله عليه وسلم‏.‏ رَوَاهُ حَمَّادُ بْنُ سَلَمَةَ عَنْ أَيُّوبَ عَنْ نَافِعٍ عَنِ ابْنِ عُمَرَ عَنِ النَّبِيِّ صلى الله عليه وسلم‏.‏ وَرَوَاهُ ابْنُ طَهْمَانَ عَنْ أَيُّوبَ وَمُوسَى بْنِ عُقْبَةَ مُخْتَصَرًا‏.‏
            চালাতৰ বৈশিষ্ট্যসমূহ ::
ছহীহ বুখাৰী :: খণ্ড ১ :: অধ্যায় ১০ :: হাদীছ ৭৩৯
             আয়িছা (ৰহ.)….. নাফি’ (ৰহ.)-ৰ দ্বাৰা বর্ণিত যে, ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া চালাত আৰম্ভ কৰিছিল তেতিয়া তাকবীৰ কৈছিল আৰু দু’হাত উঠাইছিল আৰু যেতিয়া ৰুকু কৰিছিল তেতিয়াও দু’হাত উঠাইছিল। ইয়াৰ পিছত যেতিয়া حَمِدَهُ سَمِعَ اللهُ لِمَنْ ‘ছামিআল্লাহু লিমান হামিদাহ’ কৈছিল তেতিয়াও দু’হাত উঠাইছিল আৰু দু’ৰাকাত আদায়ৰ পিছত যেতিয়া থিয় হৈছিল তেতিয়াও দু’হাত উঠাইছিল। এই সকলোবোৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দ্বাৰা বর্ণিত বুলি ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে। এই হাদীছটো হাম্মাদ ইবনু চালামা ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্রে নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দ্বাৰা বৰ্ণনা কৰিছে। ইবনু তাহমান, আইয়ুব আৰু মুছা ইবনু ‘উকবাহ (ৰহ.)-ৰ দ্বাৰা এই হাদীছটো সংক্ষেপে বৰ্ণনা কৰিছে। (আ.প্ৰ. ৬৯৫, ই.ফা. ৭০৩)
*আধুনিক প্ৰকাশনীৰ ৬৯৫ নং হাদীছৰ বিশাল এটা টোকা লিখা হৈছে বহু মাৰফু’ হাদীছক প্ৰত্য়াখ্য়ান কৰি মাযহাবী ৰছম ৰেওৱাজ চালু ৰখাৰ কাৰণে। হানাফী মাজহাবত তাকবীৰে তাহৰীমাৰ বাহিৰে ক’তো ৰাফ‘উল ইয়াদাঈন কৰা নহয়। অথচ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আজীৱন চালাতত তাকবীৰে তাহৰীমাৰ বাহিৰেও ৰাফ‘উল ইয়াদাঈন বা হাত উত্তোলন কৰিছিল। তলৰ হাদীছ তাৰ জলন্ত প্ৰমাণ :
            আব্দুল্লাহ্ ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে, “মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক দেখিছোঁ, তেওঁ যেতিয়া চালাতৰ কাৰণে থিয় হৈছিল তেতিয়া উভয় হাত কান্ধ বৰাবৰ উঠাইছিল আৰু যেতিয়া তেওঁ ৰুকু’ৰ কাৰণে তাকবীৰ কৈছিল তেতিয়াও এনেকুৱা কৰিছিল। আকৌ যেতিয়া ৰুকু’ৰ পৰা মাথা উঠাইছিল তেতিয়াও এনেকুৱা কৰিছিল”। ইমাম বুখাৰী (ৰহ.)-এ এইটো বৰ্ণনা কৰিছে। তাৰ পিছৰ বৰ্ণনাত এইটোও আছে যে, যেতিযা তেওঁ (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে) দ্বিতীয় ৰাকাতৰ পৰা (তৃতীয় ৰাকাতৰ কাৰণে) থিয় হৈছিল তেতিয়াও দুয়োখন হাত (কান্ধ বৰাবৰ) উঠাইছিল।
                (বুখাৰী ১ম খণ্ড ১০২ পৃষ্ঠা। মুছলিম ১৬৮ পৃষ্ঠা। আবু দাঊদ ১ম খণ্ড ১০৪, ১০৫ পৃষ্ঠা। তিৰমিযী ১ম খণ্ড ৫৯ পৃষ্ঠা। নাচাঈ ১৪১, ১৫৮, ১৬২ পৃষ্ঠা। ইবনু খুযাইমাহ ৯৫, ৯৬ মিশকাত ৭৫ পৃষ্ঠা। ইবনে মাজাহ ১৬৩ পৃষ্ঠা। যাদুল মা‘আদ ১ম খণ্ড ১৩৭, ১৩৮, ১৫০ পৃষ্ঠা। হিদায়া দিৰায়াহ ১১৩ ৰ পৰা ১১৫ পৃষ্ঠা। কিমিয়ায়ে চায়াদাত ১ম খণ্ড ১৯০ পৃষ্ঠা। বুখাৰী আধুনিক প্ৰকাশনী ১ম খণ্ড হাদীছ নং ৬৯২, ৬৯৩, ৬৯৫। বুখাৰী আযীযুল হক ১ম খণ্ড হাদীছ নং ৪৩২ ৰ পৰা ৪৩৪। বুখাৰী ইছলামিক ফাউণ্ডেচন ১ম খণ্ড হাদীছ নং ৬৯৭ ৰ পৰা ৭০১ অনুচ্ছেদসহ। মুছলিম ইছলামিক ফাউণ্ডেচন ২য় খণ্ড হাদীছ নং ৭৪৫ ৰ পৰা ৭৫০। আবু দাঊদ ইছলামিক ফাউণ্ডেচন ১ম খণ্ড হাদীছ নং ৮৪২ ৰ পৰা ৮৪৪। তিৰমিযী ইছলামিক ফাউণ্ডেচন ২য় খণ্ড হাদীছ নং ২৫৫। মিশকাত নুৰ মহম্মদ আযমী ও মাদ্ৰাছা পাঠ্য় ২য় খণ্ড হাদীছ নং ৭৩৮, ৭৩৯, ৭৪১, ৭৪৫। বুলগুল মাৰাম ৮১ পৃষ্ঠা। ইছলামিয়াত বি-এ. হাদীছ পৰ্ব ১২৬ ৰ পৰা ১২৯ পৃষ্ঠা)
            আব্দুল্লাহ্ ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে যেতিয়া চালাত আৰম্ভ কৰিছিল, যেতিয়া ৰুকু কৰিছিল আৰু ৰুকুৰ পৰা মাথা উঠাইছিল তেতিয়া হস্তদ্বয় উত্তোলন কৰিছিল, কিন্তু ছিজদাৰ মাজত হস্তদ্বয় উত্তোলন কৰা নাছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে মহান আল্লাহৰ সৈতে সাক্ষাৎ অৰ্থাৎ তেওঁৰ মৃত্য়ু পৰ্যন্ত সৰ্বদাই তেওঁৰ চালাত এনেকুৱা কৰিছিল। (বায়হাকী, হেদায়াহ দেৰায়াহ ১ম খণ্ড ১১৪ পৃষ্ঠা)
            আব্দুল্লাহ্ ইবনু উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাফ‘উল ইয়াদাঈন হ’ল চালাতৰ সৌন্দৰ্য। ৰুকুত যোৱাৰ সময়ত আৰু ৰুকুৰ পৰা উঠাৰ সময়ত কোনোৱে ৰাফ‘উল ইয়াদাঈন নকৰিলে তেওঁ তাক সৰু শিলগুটি মাৰি পঠিয়াইছিল। (নায়লুল আওত্বাৰ ৩/১২, ফাতহুল বাৰী ২/২৫৭)

 (৪)
           হাদীছ জগতৰ শ্ৰেষ্ঠ ইমাম ইছমা‘ঈল বুখাৰী জুযউৰ ৰাফ‘উল ইয়াদাঈন নামৰ এখন স্বতন্ত্ৰ হাদীছ গ্ৰন্থই ৰচনা কৰিছে। যাৰ মাজত ১৯৮ টা হাদীছ বিদ্য়মান। (ছপা তাওহীদ পাব্লিকেচন, ঢাকা)
            যুগ শ্ৰেষ্ঠ মুহাদ্দিছ নাছিৰুদ্দিন আলবানীয়ে তেওঁৰ চিফাতু চালাতুন্নাবী গ্ৰন্থত বুখাৰী আৰু মুছলিমৰ হাদীছ “তেওঁ ৰুকু’ৰ পৰা চিধা হৈ থিয় হোৱাৰ সময়ত দু’হাত উঠাইছিল” উল্লেখ কৰি টোকাত লিখিছে – এই হাত উত্তোলন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা মুতাওৱাতিৰ সূত্ৰে সাব্য়স্ত। কিছু সংখ্য়ক হানাফী আলিম সহ বেছিভাগ আলিমে হাত উঠোৱাৰ পক্ষে মত পোষণ কৰে।
ৰাফ‘উল ইয়াদাঈন ও খোলাফায়ে ৰাশ্বিদ্বীন আৰু আশ্বৰা মুবাচ্ছাৰীন :
            ইমাম যায়লা‘ঈ (ৰহ.) আল্লামা আব্দুল হাই লক্ষ্নৌবী হানাফী (ৰহ.) আল্লামা আনোৱাৰ শ্বাহ কাশ্মিৰী হানাফী (ৰহ.) আৰু হাফিজ ইবনু হাজাৰ আচকালানী (ৰহ.) আটায়ে হাকিম (ৰহ.)-ৰ পৰা বৰ্ণনা কৰিছে :
            ইমাম হাকিম (ৰহ.)-এ কৈছে, “ৰাফ‘উল ইয়াদাঈন ব্য়তীত অন্য় কোনো ছুন্নাতৰ বৰ্ণনাৰ ক্ষেত্ৰত খোলাফায়ে ৰাশ্বিদ্বীন, আশ্বৰা মুবাচ্ছাৰা (জান্নাতৰ শুভ-সংবাদ প্ৰাপ্ত দহজন চাহাবা) আৰু বিখ্য়াত চাহাবীসকল (সিহঁতে দূৰ দেশত সিচঁৰিত হোৱাৰ পিছতো) একত্ৰিত হৈছে বুলি মোৰ জ্ঞাত নহয়”। (নাচবুৰ ৰায়াহ ১/৪১৮ পৃষ্ঠা, নাইলুল ফাৰকাদাইন ২৬ পৃষ্ঠা, তালখীছ আলহাবীৰ ১/৮২)
সেইখ আব্দুল কাদিৰ জিলানী ও ৰাফ‘উল ইয়াদাঈন :
            সেইখ আব্দুল কাদিৰ জিলানী (ৰহ.)-এ চালাতৰ ছুন্নাতসমূহ বৰ্ণনা কৰিবলৈ গৈ কৈছে, “চালাত আৰম্ভ কৰাৰ সময়ত, ৰুকু’ত যোৱাৰ সময়ত আৰু ৰুকু’ৰ পৰা উঠাৰ সময়ত ৰাফ‘উল ইয়াদাঈন কৰা ছুন্নাত” । (গুনইয়াতুত ত্বালিবীন পৃষ্ঠা ১০)
হানাফী আলিমসকল আৰু ৰাফ‘উল ইয়াদাঈন :
            সেইখ আবু ত্বালিব মক্কী হানাফী (ৰহ.)-এ তেওঁৰ কুতুল কুলুব নামৰ গ্ৰন্থত চালাতৰ ছুন্নাতসমূহ বৰ্ণনা কৰিবলৈ গৈ কৈছে, “ৰুকু’ত যোৱাৰ সময়ত ৰাফ‘উল ইয়াদাঈন কৰা আৰু তাকবীৰ কোৱা ছুন্নাত। তাৰ পিছত ‘ছামিআল্লাহু লিমান হামিদাহ’ কৈ ৰাফ‘উল ইয়াদাঈন কৰা ছুন্নাত”। (কুতুল কুলুব ৩/১৩৯)
            কাজী চানাউল্লাহ পানিপত্তী (ৰহ.)-এ কৈছে, “বৰ্তমান সময়ত অধিকাংশ আলিমৰ দৃষ্টিত ৰাফ‘উল ইয়াদাঈন কৰা ছুন্নাত। অধিকাংশ ফকীহ আৰু মুহাদ্দিছসকলে ইয়াকে প্ৰমাণ কৰি থাকে”। (মালা বুদ্দা মিনহু পৃষ্ঠা ৪২, ৪৪)
ইমাম আবু ইউচুফৰ শিষ্য় ইছাম আৰু ৰাফ‘উল ইয়াদাঈন :
            আল্লামা আব্দুল হাই লক্ষ্নৌবী হানাফী (ৰহ.)-এ কৈছে, “ইছাম ইবনু ইউচুফ ইমাম আবু ইউচুফ (ৰহ.)-ৰ শিষ্য় শ্বাগৰিদ আৰু হানাফী আছিল। তেওঁ ৰুকু’ত যোৱাৰ সময়ত আৰু ৰুকু’ৰ পৰা উঠাৰ সময়ত দু’হাত উঠাইছিল”। (আল ফাওৱায়েদুল বাহিয়্য়াহ ১১৬, নুৰ মুহাম্মাদ প্ৰেছ)
            আব্দুল্লাহ ইবনুল মুবাৰক, চুফিয়ান চাওৰী আৰু শু’বাহে কৈছে, “ইছাম ইবনু ইউচুফ মুহাদ্দিছ আছিল। সেয়ে তেওঁ ৰাফ‘উল ইয়াদাঈন কৰিছিল। (আল ফাওৱায়েদুল বাহিয়্য়াহ ১১৬, নুৰ মুহাম্মাদ প্ৰেছ)
            আল্লামা আব্দুল হাই লক্ষ্নৌভী হানাফী (ৰহ.)-এ কৈছে, “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা ৰাফ‘উল ইয়াদাঈনৰ প্ৰমাণ অধিক আৰু অগ্ৰাধিকাৰযোগ্য়। (আত্ তা’লিকুল মুমাজ্জাদ ৯১ পৃষ্ঠা)
            তেওঁ আৰু কৈছে, “সত্য় কথা হ’ল ৰুকু’ত যোৱা আৰু ৰুকু’ৰ পৰা মথা উঠোৱাৰ সময়ত  ৰাফ‘উল ইয়াদাঈন কৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু অসংখ্য় চাহাবীৰ পৰা শক্তিশালী চনদ আৰু হাদীছৰ দ্বাৰা প্ৰমাণিত। (আচ্ চিয়ায়াহ ১/২১৩)
(৫)
            ৰুকু’ত যোৱা আৰু ৰুকু’ৰ পৰা উঠাৰ সময়ত ৰাফ‘উল ইয়াদাঈন কৰা সম্পৰ্কে চাৰি খলিফাসহ প্ৰায় ২৫ জন চাহাবীৰ পৰা বৰ্ণিত ছহীহ হাদীছ বিদ্য়মান। এটা হিচাবমতে ৰাফ‘উল ইয়াদাঈনৰ হাদীছৰ ৰাবীৰ সংখ্য়া আশ্বাৰায়ে মুবাচ্ছাৰাসহ নুন্য়তম ৫০ জন চাহাবী। (ফিকহুল ছুন্নাহ ১/১০৭, ফাতহুল বাৰী ২/২৫৮) আৰু সৰ্বমুঠ ছহীহ হাদীছ ও আছাৰৰ সংখ্য়া নুন্য়তম ৪০০) ইমাম চুয়ুতীয়ে ৰাফ‘উল ইয়াদাঈনৰ হাদীছক মুতাওৱাতিৰ পৰ্যায়ৰ বুলি মন্তব্য় কৰিছে।
            কিছুমান নিৰ্বোধ লোকে কয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সময়ত যিসকলে নতুনকৈ ঈমান আনিছিল সিহঁতে সিহঁতৰ পূৰণা আচৰণৰ বশৱৰ্তী হৈ কাষলতিত পুতলা ৰাখিছিল আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে জানিব পাৰি ৰাফ‘উল ইয়াদাঈনৰ নিৰ্দেশ দিয়ে। পিছত সিহঁতৰ ঈমান মজবুত হোৱাত ৰাফ‘উল ইয়াদাঈন কৰাৰ নিৰ্দেশ মানচুখ হৈ যায়। এই কথাটো নিতান্তই আল্লাহৰ ৰাছুলৰ চাহাবীসকলৰ ঈমান সম্বন্ধে সন্দেহ পোষণ। কাৰণ তেওঁলোকৰ ঈমান আমাৰ ঈমানতকৈ বহুত বেছি দৃঢ় আৰু মজবুত আছিল। ইয়াৰ বাহিৰেও এই কথাটো চাহাবীসকলৰ ওপৰত মিছা অপবাদৰ নামান্তৰ।
            ৰাফ‘উল ইয়াদাঈন সম্পৰ্কে চাহাবী আব্দুল্লাহ ইবনু মাছউদৰ হাদীছৰ উল্লেখ কৰি কোৱা হয় ৰাফ‘উল ইয়াদাঈন কৰিব নালাগে। কিন্তু মুহাদ্দিছীনে কিৰামৰ ওচৰত এই কথাটো প্ৰসিদ্ধ যে, তেওঁৰ শেষ বয়সত বাৰ্ধক্য়জনিত কাৰণত স্মৃতিভ্ৰম ঘটে। ফলত হব পাৰে এই হাদীছটিও সেইসমূহৰ অন্তৰ্ভুক্ত। কাৰণ তেওঁ বহুকেইটা বিষয়ত আন চাহাবীসকলৰ বিপৰীতে কথা কৈছে। যেনে – (১) মুৱাব্বিযাতাইন- ছুৰা নাছ আৰু ফালাক ছুৰা দুটা কুৰআনৰ অংশ নহয় বুলি ভাৱিছিল। (২) তাতবীক- ৰুকু’ত তাতবীক বা দু’হাতক জোৰকৈ আঁঠুৰ দ্বাৰা চেপি ৰাখিব কৈছিল। (৩) দুজন চালাতত থিয় হ’লে কেনেকৈ থিয় হব। (৪) আৰাফাৰ ময়দানত কেনেকৈ তেওঁ (চ:) দু’ওৱাক্ত একেলগে আদায় কৰিছে। (৫) হাত মেলি ছিজদা কৰা। (৬) وماخلق الذكروالا نشىকেনেকৈ পঢ়িছে। (৭)ৰাফ‘উল ইয়াদাঈন এবাৰ কৰিছে। [নাচবুৰ ৰাইয়াহ (ইমাম যাইলায়ী) ৩৯৭ ৰ পৰা ৪০১ পৃষ্ঠা, ফিকহুচ ছুন্নাহ ১/১৩৪]
1 : 12 : 740
1. Sahih Bukhari ›› 10a. Characteristics of prayers ››

حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مَسْلَمَةَ، عَنْ مَالِكٍ، عَنْ أَبِي حَازِمٍ، عَنْ سَهْلِ بْنِ سَعْدٍ، قَالَ كَانَ النَّاسُ يُؤْمَرُونَ أَنْ يَضَعَ الرَّجُلُ الْيَدَ الْيُمْنَى عَلَى ذِرَاعِهِ الْيُسْرَى فِي الصَّلاَةِ‏.‏ قَالَ أَبُو حَازِمٍ لاَ أَعْلَمُهُ إِلاَّ يَنْمِي ذَلِكَ إِلَى النَّبِيِّ صلى الله عليه وسلم‏.‏ قَالَ إِسْمَاعِيلُ يُنْمَى ذَلِكَ‏.‏ وَلَمْ يَقُلْ يَنْمِي‏.‏

            চালাতৰ বৈশিষ্ট্যসমূহ ::
ছহীহ বুখাৰী :: খণ্ড ১ :: অধ্যায় ১০ :: হাদীছ ৭৪০
            আব্দুল্লাহ্ ইবনু মাছলামা (ৰহ.)….. চাহল ইবনু ছা’দ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে, সকলোকে নির্দেশ দিয়া হ’ল যে, চালাতত প্রত্যেকে সোঁ-হাত বাওঁ-হাতৰ যিৰা’ৰ ওপৰত ৰাখিব।* আবু হাযিম (ৰহ.)-এ কৈছে, চাহল (ৰহ.)-এ এই হাদীছটি নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা বৰ্ণনা কৰিছিল বুলিয়েই জানে। ইছমা’ঈল (ৰহ.)-এ কৈছে, এই হাদীছটি নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰাই বৰ্ণনা কৰা হৈছিল। কিন্তু তেওঁ এনেকৈ কোৱা নাছিল যে, চাহল (ৰহ.)-এ নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা বৰ্ণনা কৰিছিল। (আ.প্ৰ. ৬৯৬, ই.ফা. ৭০৪)

(৬)
     *আধুনিক প্ৰকাশনীৰ ৬৯৬ নম্বৰত এই হাদীছৰ অনুবাদত এটা বিৰাট জালিয়াতি তথা ধোঁকাবাজি কৰা হৈছে। পাঠকসকলৰ সুবিধাৰ্থে মূল হাদীছৰ ইবাৰতসহ সংক্ষিপ্ত আলোচনা তুলি ধৰা হ’ল :-
            চালাতত নাভিৰ তলত হাত বন্ধাৰ কথা ছহীহ হাদীছত নাই। নাভিৰ তলত হাত বন্ধা প্ৰমাণহীন। বৰং হাত বুকুৰ ওপৰত বন্ধাৰ কথা ছহীহ হাদীছৰ দ্বাৰা প্ৰমাণিত।
            ওৱাইল বিন হুজৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ লগত চালাত আদায় কৰিছোঁ। তেওঁ তেওঁৰ বুকুত সোঁ-হাত বাওঁ-হাতৰ ওপৰত ৰাখিছিল।
            বুখাৰীৰ হাদীছৰ আৰবী ইবাৰতত ذِرَاعِهِ শব্দৰ অৰ্থ কৰিছে হাতৰ কব্জি। কিন্তু এনেকুৱা কোনো অভিধান নাই য’ত ذِرَاع শব্দৰ অৰ্থ কব্জি কৰা হৈছে। আৰবী অভিধানসমূহত ذِرَاع শব্দৰ অৰ্থ পূৰ্ণ একগজ বিশিষ্ট হাত। অনুবাদকে কেৱল ছহীহ হাদীছৰ অৰ্থ বিকৃত কৰি মাযহাবী মতক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্য়ে ইচ্ছাকৃতভাৱে অনুবাদত পূৰ্ণ হাতৰ পৰিৱৰ্তে কব্জি বুলি উল্লেখ কৰিছে। তথাপিও সংশয় দূৰ কৰাৰ কাৰণে এই সম্পৰ্কে কিছু বহলাই আলোচনা কৰা হ’ল :-
            ওৱাইল বিন হুজৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছে যে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ লগত চালাত আদায় কৰিছোঁ। (মই দেখিছোঁ) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে নিজৰ সোঁ-হাত বাওঁ-হাতৰ ওপৰত ৰাখি বুকুৰ ওপৰত ৰাখিলে। তলত উল্লেখিত ৰেফাৰেন্স অনুযায়ী হাদীছসমূহ পৰ্যালোচনা কৰিলে বুকু বা চিনা’ৰ ওপৰত হাত স্থাপনৰ বিষয়টো অকাট্য়ভাৱে প্ৰমাণিত হয়। (বুখাৰী ১০২ পৃষ্ঠা। ছহীহ ইবনু খুযাইমাহ ২০ পৃষ্ঠা। মুছলিম ১৭৩ পৃষ্ঠা। আবু দাঊদ ১ম খণ্ড ১১০, ১২১, ১২৮ পৃষ্ঠা। তিৰমিযী ৫৯ পৃষ্ঠা। নাচাঈ ১৪১ পৃষ্ঠা। ইবনু মাযাহ ৫৮, ৫৯ পৃষ্ঠা। মিশকাত ৭৫ পৃষ্ঠা। মুয়াত্তা মালিক ১৭৪ পৃষ্ঠা। মুয়াত্তা মুহাম্মাদ ১৬০ পৃষ্ঠা। যাদুল মায়াদ ১২৯ পৃষ্ঠা। হিদায়া দিৰায়াহ ১০১ পৃষ্ঠা। কিমিয়ায়ে চাআদাত ১ম খণ্ড ১৮৯ পৃষ্ঠা। বুখাৰী আযীযুল হক ১ম খণ্ড হাদীছ নং ৪৩৫, বুখাৰী আধুনিক প্ৰকাশনী ১ম খণ্ড হাদীছ নং ৬৯৬, বুখাৰী ইছলামিক ফাউণ্ডেচন ২য় খণ্ড হাদীছ নং ৭০২, মুছলিম ইছলামিক ফাউণ্ডেচন ২য় খণ্ড হাদীছ নং ৮৫১, আবু-দাঊদ ইছলামিক ফাউণ্ডেচন ১ম খণ্ড হাদীছ নং ৭৫৯, তিৰমিযী ইছলামিক ফাউণ্ডেচন ১ম খণ্ড হাদীছ নং ২৫২, মিশকাত নুৰ মুহাম্মাদ আযমী ২য় খণ্ড ও মাদ্ৰাছা পাঠ্য় হাদীছ নং ৭৪১, ৭৪২; বুলগুল মাৰাম বাংলা ৮২ পৃষ্ঠা)
            বুকুৰ ওপৰত হাত বন্ধা সম্বন্ধে এটা হাদীছ বৰ্ণিত হ’ল :- চিনা বা বুকুৰ ওপৰত এনেভাৱে হাত বান্ধিব লাগিব যাতে সোঁ-হাত ওপৰত আৰু বাওঁ-হাত তলত থাকে। (মুছলিম, আহমাদ, ইবনু খুযাইমাহ)
হাত বন্ধাৰ দুটা নিয়ম :
            প্ৰথম নিয়ম : সোঁ-হাতৰ কব্জি বাওঁ-হাতৰ কব্জিৰ যোৰাৰ ওপৰত থাকিব। (ইবনু খুযাইমাহ)
            দ্বিতীয় নিয়ম : সোঁ-হাতৰ আঙুলিবিলাক বাওঁ-হাতৰ কিলাকূটিৰ ওপৰত থাকিব, অৰ্থাৎ সম্পূৰ্ণ সোঁ-হাতখন বাওঁ-হাতৰ ওপৰত থাকিব। (বুখাৰী)
            এইটোৱেই যিৰা’হৰ ওপৰত যিৰা’হ ৰখাৰ পদ্ধতি।
বুকুত হাত বন্ধা সম্পৰ্কে আলোচনা :
            বুকুত হাত বন্ধা সম্পৰ্কে আল্লামা হায়াত সিন্ধী এখন আৰবী ৰিছালা লিখি তাত তেওঁ প্ৰমাণিত কৰিছে যে, চালাতত চিনাৰ ওপৰত হাত বান্ধিব লাগিব। তেওঁৰ পুস্তিকাৰ নাম “ফতহুল গফুৰ ফী তাহকীকে ওযয়িল ইয়াদাইনে আলাচ চদুৰ”। পুস্তিকাখনি ৮ পৃষ্ঠাত সমাপ্ত। তাৰ পৰা কেইটামান দলিল উল্লেখ কৰা হ’ল।
            ১। ইমাম আহমাদ স্বীয় মচনদ কবীচহা বিন হোলব- তেওঁ স্বীয় পিতা (হোলব)-ৰ পৰা ৰিওৱায়াত কৰিছে যে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক (চালাতৰ পৰা ফাৰিগ হৈ মুছল্লিৰ ফালে) সোঁ আৰু বাওঁ-ফালে ঘূৰা দেখিছোঁ, আৰু দেখিছোঁ তেওঁক স্বীয় চিনাৰ ওপৰত হাত বন্ধা। উক্ত হাদীছ ‘ইয়াহ্ইয়া’ নামৰ ৰাবী স্বীয় সোঁ-হাত বাওঁ-হাতৰ কব্জিৰ ওপৰত ৰাখি দেখুৱালে। আল্লামা হায়াত সিন্ধীয়ে কৈছে যে, মই ‘তাহকীক’ কিতাপতيضع يداه على صدره তেওঁ স্বীয়  চিনাৰ  ওপৰত হাত ৰাখিলে,  এই  কথা দেখিছোঁ। আৰু  মই কৈছোঁ যে, হাফিয আবু উমৰ
(৭)
ইবনু আব্দুল বৰ স্বীয় “আল ইস্তিয়াব ফী মাআৰিফাতিল আচহাব” কিতাপত উক্ত হাদীছ ‘হোলব’ চাহাবীৰ পৰা তেওঁৰ পুত্ৰ কবীচাই ৰিওৱায়াত কৰিছে এই কথা উল্লেখ কৰি উক্ত হাদীছ ছহীহ বুলি কৈছে। (২য় খণ্ড, ৬০০ পৃষ্ঠা)
            ২। ইমাম আবু-দাঊদ তাউচ (তাবে‘ঈ)-ৰ দ্বাৰা চিনাৰ ওপৰত হাত বন্ধাৰ হাদীছ ৰিওৱায়াত কৰিছে।
            ৩। ইমাম ইবনু আব্দুল বৰ “আত্ তামহীদ লিমা ফীল মুৱাত্বা মিনাল মাআনী ওৱাল আচানীদ” কিতাপত উক্ত ‘তাউচ’ তাবে‘ঈৰ হাদীছ উল্লেখ কৰি চিনাৰ ওপৰত হাত বন্ধাৰ কথা কৈছে। ইয়াৰ বাহিৰেও ওৱাইল বিন হুজৰ দ্বাৰাও চিনাৰ ওপৰত হাত বন্ধাৰ হাদীছ উল্লেখ কৰিছে।
            ৪। ইমাম বাইহাকী… আলীয়ে “ফাচল্লি লি ৰাব্বিকা ওৱানহাৰ” ৰ অৰ্থ এনেকৈ বৰ্ণনা কৰিছে, তুমি চালাত আদায় কৰাৰ সময়ত সোঁ-হাত বাওঁ-হাতৰ ওপৰত ৰাখা। (জওহাৰুন্ নকীসহ চুনানে কুবৰা ২৪ ৰ পৰা ৩২ পৃষ্ঠা)
            ৫। ইমাম বুখাৰী স্বীয় ‘তাৰীখ’ত উকবাহ বিন চাহবান, তেওঁ (উকবাহ) আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা ৰিওৱায়াত কৰিছে যে, আলী ৰাদ্বিয়াল্লাহু আনহুৱে বাওঁ-হাতৰ ওপৰত সোঁ-হাত ৰাখি (হস্তদ্বয়) চিনাৰ ওপৰত বান্ধি “ফাচল্লি লি ৰাব্বিকা ওৱানহাৰ” (আয়াতৰ) অৰ্থ বুজাইছে। অৰ্থাৎ উক্ত আয়াতৰ অৰ্থ ‘তুমি চিনাৰ ওপৰত হাত বান্ধি চালাতলৈ যোৱা’। ইয়াৰ বাস্তৱ ৰূপ তেওঁ [আলী ৰাদ্বিয়াল্লাহু আনহুৱে] চিনাৰ ওপৰত হাত বান্ধি দেখুৱালে। উক্ত আয়াতৰ অৰ্থ আব্দুল্লাহ বিন আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰাও অনুৰূপ বৰ্ণিত হৈছে। এতিয়া নাভিৰ তলত হাত বন্ধাৰ কিবা হাদীছ আছে নেকি সেইটো দেখা যাওঁক।
নাভিৰ তলত হাত বন্ধা :                        
            ইমাম বাইহাকীয়ে  আলীৰ দ্বাৰা নাভিৰ তলত হাত বন্ধাৰ এটা হাদীছ উল্লেখ কৰি তাক যঈফ বুলি কৈছে।
নাভিৰ তলত হাত বন্ধাৰ কোনো ছহীহ হাদীছ নাই :
            আল্লামা সিন্ধী হানাফীয়ে বিদ্বানসকলৰ কথা উল্লেখ কৰি লিখিছে, যদি তুমি কোৱা যে, ইবনু আবী শ্বাইবাৰ ‘মুচান্নাফ’ (হাদীছৰ কিতাপৰ নাম)-ৰ দ্বাৰা সেইখ কাচিম বিন কাতলুবাগা ‘তাখৰীজু আহাদীছিল এখতিয়াৰ’ কিতাপত ‘ওকী’ মুছা বিন ওমাইৰাহৰ পৰা, মুছা আলকামা বিন ওৱাইল বিন হুজৰ দ্বাৰা যি ৰিওৱায়াত কৰিছে তাত ‘নাভিৰ তলত’ হাত বন্ধাৰ কথা উল্লেখ আছে। কিন্তু মই (আল্লামা সিন্ধী) কওঁ যে, নাভিৰ তলত হাত বন্ধাৰ হাদীছ ভুল। ‘মুচান্নাফ’ৰ ছহীহ গ্ৰন্থত উক্ত চনদৰ উল্লেখ আছে। কিন্তু ‘নাভিৰ তলত’ এই শব্দৰ উল্লেখ নাই। উক্ত হাদীছৰ পিছত (ইব্ৰাহীম) ‘নখঈ’ আছাৰ (চাহাবা আৰু তাবেঈসকলৰ উক্তি আৰু আচৰণক ‘আছাৰ’ বোলে) উল্লেখ আছে। উক্ত ‘আছাৰ’ আৰু হাদীছৰ শব্দ প্ৰায় ওচৰা-ওচৰি। উক্ত ‘আছাৰ’ৰ শেষ ভাগত ‘ফিচ্ চালাতে তাহতাচ্ ছুৰ্ ৰাহ’ অৰ্থাৎ চালাতৰ মাজত নাভিৰ তলত (হাত বন্ধাৰ কথা উল্লেখ আছে)। বোধহয় লিখকৰ লক্ষ্য় এটা শাৰীৰ পৰা আনটো শাৰীলৈ যোৱাত ‘মাওকুফ’ (হাদীছক) ‘মাৰফু’ লিখি দিছে। (যি হাদীছৰ সম্বন্ধ চাহাবাৰ সৈতে হয় তাক ‘মাওকুফ’ আৰু যাৰ সম্বন্ধ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সৈতে হয় তাক ‘মাৰফু’ হাদীছ বোলে) আৰু মই যিবোৰ ক’লো মোৰ কথাৰ পৰা এইটোৱেই প্ৰকাশ পায় যে, ‘মুচান্নাফ’ ৰ সকলো খণ্ডতে মিলিতভাৱে নাভিৰ তলত হাত বন্ধাৰ বিষয়ে এটা নহয় অৰ্থাৎ সকলোবোৰতে নাভিৰ তলত হাত বন্ধাৰ কথাটো উল্লেখ নাই। তাৰ বাহিৰেও বহুতো আহলে হাদীছ (মুহাদ্দিছ)- এ উক্ত হাদীছ ৰিওৱায়াত কৰিছে। অথচ ‘নাভিৰ তল’ৰ কথা কোনেও উল্লেখ কৰা নাই। আৰু আমি তেওঁলোকৰ মাজৰ কোনো ব্য়ক্তিৰ পৰা শুনা নাই। কেৱল ‘কাচিম বিন কাতলুবাগা’ই সেই কথাৰ (নাভিৰ তলত) উল্লেখ কৰিছে। তেওঁ ‘তামহীদ’ কিতাপৰ কথা উল্লেখ কৰি লিখিছে যে, (আহলে হাদীছৰ মাজত প্ৰথম) ইবনু আব্দিল বৰ’য়ে উক্ত কিতাপত কৈছে যে, চাওৰী আৰু আবু হানীফাই নাভিৰ তলৰ কথা কৈছে; আৰু সেইটো আলী আ

Leave a comment