অজু কৰাৰ সঠিক নিয়ম

## অজু কৰাৰ সঠিক নিয়ম ##

১) প্ৰথমতে মনে মনে অজুৰ নিয়ত কৰিব। (বুখাৰী হা/১, মুছলিম, মিশকাত) সাৱধান!!! মুখেৰে উচ্চাৰণ কৰি (প্ৰচলিত বিছমিল্লাহিল আলিয়্যিল আযীম…..) নিয়ত পঢ়া বিদ‘আত৷

২) কেৱল বিছমিল্লাহ ক’ব। (তিৰমিযী হা/২৫, ইবনু মাজাহ, মিশকাত)

৩) সোঁ-হাতত পানী লৈ (আবু দাউদ হা/১৹৮) দুই হাত কব্জিলৈ ধুব¸ (বুখাৰী হা/১৫৯, মুছলিম, আহমদ, নাছাঈ, মিশকাত) তাৰ লগতে হাতৰ আঙুলিসমূহ খিলাল কৰিব। (তিৰমিযী হা/৭৮৮, নাছাঈ, মিশকাত, আবু দাউদ, ইবনু মাজাহ) আঙুঠি থাকিলে লৰচৰ কৰি তাত পানী প্ৰবেশ কৰাব। (বুখাৰী)

৪) সোঁ-হাতত পানী লৈ একেলগে মুখ আৰু নাকত পানী দিব আৰু নাক পৰিষ্কাৰ কৰিব৷ (বুখাৰী হা/১৯১, মুছলিম, মিশকাত)

৫) কপালৰ গুৰিৰ পৰা দুইকাণৰ লতিসহ থুতৰিৰ তললৈ সম্পূৰ্ণ মুখমণ্ডল ধুব (বুখাৰী হা/১৫৯, মুছলিম, মিশকাত) আৰু দাঁড়ি খিলাল কৰিব৷ (আবু দাউদ হা১৪৫, তিৰমিযী)

৬) প্ৰথমতে সোঁ-হাত আৰু পিছত বাওঁ-হাত কিলাকুটিলৈকে ধুব৷ (বুখাৰী হা১৪০, নায়লুল আওত্বাৰ)

৭) নতুন পানী লৈ (মুছলিম হা/৫৮২, মিশকাত, তিৰমিযী) দুই হাতৰ ভিজা আঙুলিৰে মূৰৰ সন্মুখৰ পৰা পিছলৈ আৰু পিছফালৰ পৰা সন্মুখলৈ এবাৰ সম্পূৰ্ণ মূৰ মাছাহ কৰিব৷ (বুখাৰী হা/১৮৫, মুছলিম, মিশকাত) একেলগে ভিজা শ্বাহাদাত আঙুলিৰ দ্বাৰা কাণৰ ভিতৰ অংশ আৰু বুঢ়া আঙুলিৰ দ্বাৰা কাণৰ বাহিৰৰ অংশ মাছাহ কৰিব৷ (নাছাঈ হা/১৹২, আবু দাউদ, মিশকাত)

৮) সোঁ-ভৰি আৰু হাওঁ-ভৰি সৰুগাঁঠিসহ ভালকৈ ধুব (বুখাৰী হা/১৮৫, মিশকাত, মুছলিম) আৰু বাওঁ-হাতৰ কনিষ্ঠ আঙুলিৰ দ্বাৰা ভৰিৰ আঙুলিসমূহ খিলাল কৰিব৷ (আবু দাউদ হা/১৪৮, তিৰমিযী, মিশকাত)

৯) অজুৰ শেষত বাওঁ-হাতত অলপ পানী লৈ লজ্জাস্থানলৈ ছটিয়াই দিব৷ (আবু দাউদ হা/১৬৮, মিশকাত)

১০) তাৰ পিছত দু’আ (কলিমায়ে শ্বাহদাত) পাঠ কৰিব৷ উল্লেখযোগ্য যে অজুৰ অঙ্গসমূহ এবাৰ, দুবাৰ আৰু তিনিবাৰ ধুব পাৰি, ইয়াতকৈ বেছি ধুব নোৱাৰি৷ (বুখাৰী হা/১৫৭, মিশকাত হা/৩৯৫, ৩৯৬, ৩৯৭)

Leave a comment