💢প্ৰশ্ন: সম্পূৰ্ণ ফাছিকৰ হুকুম (বিধান) কি ⁉
💢উত্তৰ: যি ব্যক্তি মুমিন আৰু তাওহীদত বিশ্বাসী কিন্তু বাৰে বাৰে গুনাহৰ কাম কৰে সেই ব্যক্তি মুমিন, যিহেতু তাৰ ঈমান আছে, কিন্তু সি ফাছিক। কিয়নো সি ঈমানৰ চাহিদা পূৰণ কৰা নাই, সেই ব্যক্তি অপূৰ্ণাঙ্গ ঈমান্দাৰ। এই ধৰণৰ মানুহে ঈমানৰ কাৰণে আল্লাহৰ ওৱাদাকৃত নি‘আমতৰ অধিকাৰী হোৱাৰ যোগ্য আকৌ পাপৰ কাৰণে আল্লাহৰ শাস্তিৰো প্ৰাপ্য। তথাপিও সেই ব্যক্তি জাহান্নামত চিৰস্থায়ী নহ’ব। কিয়নো সাধাৰণতে পূৰ্ণ ঈমান থাকিলেই সেয়া জাহান্নামত প্ৰৱেশ কৰাত বাৰণ কৰে আৰু অপূৰ্ণ ঈমান হ’লে জাহান্নামত চিৰস্থায়ী হোৱাত বাধা দিয়ে।