তাওহীদ প্ৰকাশনৰ বুখাৰী হদীছৰ ‘জানাজা’ অধ্যায়ৰ নিম্ন হদীছত এনেদৰে উল্লেখ আছে –
১৩৯৪. ইবনু ‘আব্বাচ (ৰাঃ) দ্বাৰা বর্ণিত । তেখেতে কৈছে, আবূ লাহাব লানাতুল্লাহি ‘আলাইহি নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক লক্ষ্য কৰি কলে, সমগ্ৰ দিনৰ বাবে তোমাৰ অনিষ্ট হওক ! (তেওঁৰ এই কথাৰ পৰিপ্রেক্ষিতত) নাজিল হয়ঃ (যাৰ অর্থ) ‘‘আবূ লাহাবৰ হাত দুখন ধ্বংস হওক আৰু তেওঁ ধ্বংস হওক’’- (আল-মাচাদঃ ১) । (৩৫২৫, ৩৫২৬, ৪৭৭০, ৪৮০১, ৪৯৭১, ৪৯৭২, ৪৯৭৩, মুছলিম ১/৮৯, হাঃ ২০৮, আহমদ ২৮০২) (আধুনিক প্রকাশনীঃ ১৩০৪, ইছলামী ফাউন্ডেচনঃ ১৩১২)*
*মানুহ মৃত্যুৰ দোৱাৰ ডলিত উপনীত হলে বা মৃত্যুৰ পিছত তেওঁৰ ৰূহ, জানাজা ও কবৰক আগুচি বিভিন্ন ধৰণৰ নাজায়েয ও বিদ‘আতী কাৰ্য্যকলাপ মুছলমান সকলৰ অজ্ঞতাৰ কাৰণে সমাজত প্ৰচলিত হৈ আছে । বিশ্ববিখ্যাত মুহাদ্দিছ নাচিৰুদ্দীন আলবানী তেখেতৰ প্রণীত কিতাপ “আহকামুল জানায়িজ”-ত এনে ধৰণৰ ২৪১ টা বিদ’আতৰ কথা উল্লেখ কৰিছে । আমি সকলোৱে অৱশ্যে এই বিদাত সমূহৰ পৰা বাচি থাকিব লাগিব । পাঠক সকলে মূল কিতাপ খন সংগ্ৰহ কৰি জানি লব পাৰিব । তাৰে কেইটামান ইয়াত উল্লেখ কৰা হ’ল : (১) মৰণাপন্ন ব্যক্তিৰ কাষত বা মৃতকৰ কাষত বা তেওঁৰ কবৰৰ কাষত বা অন্য স্থানত তেওঁলৈ চৱাব পৌঁচোৱাৰ আশাত, ছুৰা য়াচিন বা ছুৰা ফাতিহা বা ছুৰা ইখলাচ বা কূৰআনৰ যি কোনো ছুৰা পাঠ কৰা বা তচবীহ পাঠ কৰা বা কুৰআন খতম কৰা, (২) কফনত দোৱা লিখা, (৩) জানাজাক সুসজ্জিত কৰা, (৪) জিকৰ, কুৰআন তিলাৱতৰ দ্বাৰা উচ্চ শব্দ কৰা, (৫) উপস্থিত লোক সকলৰ পৰা মৃতকৰ প্রশংসা- গীতি আদায় কৰা, (৬) কবৰত প্ৰথম একাজলি মাটি দিওঁতে ‘মিনহা খালাকনাকুম, ২য় বাৰ দিওঁতে ৱ ফীহা নু’য়ীদুকুম আৰু ৩য় বাৰ দিওঁতে ৱ মিনহা ….. উখৰা’ পঢ়া, (৭) কবৰৰ কাষত বা অন্য কোনো স্থানত শোক পালনৰ বাবে একগোট হোৱা বা শোক প্রকাশ কৰা, (৮) মৃতকৰ পৰিয়ালৰ পক্ষৰ পৰা আপ্যায়নৰ ব্যবস্থা কৰা, (৯) মৃতকৰ বাবে প্রথম দিনা বা তৃতীয় দিনা বা সপ্তম দিনা বা চল্লিশ দিনৰ দিনা বা বর্ষপূর্তিত আপ্যায়নৰ ব্যবস্থা কৰি চিওম, কুলখানী, চালিছা বা মৃত্যুবার্ষিকী অনুষ্ঠান পালন কৰা, (১০) নেকী পৌঁচোৱাৰ উদ্দেশ্যে মৃত্যুৰ পূর্বে ভোজন বা মেহমানদাৰীৰ বাবে কুৰআন তিলাৱত, তচবীহ তাহলীল, নফল ছালাত, ইছতিগফাৰ ও নবী ছাল্লাল্লাহু ‘আলাইহি ৱাছাল্লামৰ প্রতি দৰূদ পঢ়াৰ বাবে টকা-পয়ছা খৰছ কৰা, (১১) নির্দিষ্ট হিচাপে ধাৰ্য্য কৰি মৃত্যুৰ তিনি দিন পিছত, সপ্তাহৰ প্রথমে, তাৰ পিছত ১৫তম দিনত ও চল্লিশতম দিনত বা প্রতি জুম্মাৰ দিনত বা আছুৰাৰ দিনত বা চা’বান মাহৰ ১৫ তাৰিখে বা দুই ঈদৰ দিনা কবৰ জিয়াৰত কৰা, (১২) ছালাতৰ দৰে দুই হাত বান্ধি কবৰৰ কাষত থিয় হৈ থকা ও পিছত বহা, (১৩) দোৱা কবুল হোৱাৰ আশাত দোৱা কৰিবলৈ কবৰস্থান যোৱা, (১৪) কবৰত শুই থকা ব্যক্তিৰ মাধ্যমত বা অচিলাত আল্লাহৰ ওচৰত সাহায্য বিচৰা, (১৫) নবী ও সৎ লোক সকলৰ কবৰ জিয়াৰত কৰিবলৈ ভ্ৰমণ কৰা, (১৬) কবৰত মছজিদ নিৰ্মাণ কৰা বা দেৱাল, খুটা, ঘৰ আদি নিৰ্মাণ কৰা বা সুসজ্জিত কৰা, (১৭) কবৰক স্পর্শ কৰা, চুমা খোৱা, পেট ও পিঠি লগোৱা বা কবৰৰ ধূলি বালি গাত সানি লোৱা, (১৮) জিকিৰ, ছালাত, চিয়াম বা জবেহ্ কৰাৰ বাবে কবৰলৈ যোৱাৰ মনস্থ কৰা, (১৯) কবৰক সম্মান বা সেৱা কৰাৰ বাবে কবৰত অবস্থান কৰা, (২০) আল্লাহ বাদে ৰছুলৰ ওচৰত সাহায্য বিচৰা, (২১) নবী (‘আ.) ও পৰহেযগাৰ ব্যক্তি সকলৰ কবৰ মাছাহ কৰা, তৱাফ কৰা, চুমা খোৱা, পেট ও পিঠি লগোৱা, (২২) মৃতকৰ নখ কাটা ও গুপ্তাঙ্গৰ নোম কটা, (২৩) নাপাকী নথকা স্বত্ত্বেও জানাজাৰ ছালাতত জুতা খুলি থিয় হোৱা ইত্যাদি ।
হাদিছৰ মানঃ ছহিহ (Sahih)
✍✍ .. Ikramul Hussain