বিশ্ব ভালপোৱা দিবস , কোনো মুছলিমৰ বাবে বৈধ নহয় ইহুদি, খৃস্টান আৰু মুশ্বৰিকসকলৰ উৎসব পালন কৰা , যেনে নববর্ষ, ভালপোৱা দিবস,জন্মদিন আৰু অন্যান্য উৎসবসমূহ।

*বিশ্ব ভালপোৱা দিবস*

কোনো মুছলিমৰ বাবে বৈধ নহয় ইহুদি, খৃস্টান আৰু মুশ্বৰিকসকলৰ উৎসব পালন কৰা , যেনে  নববর্ষ, ভালপোৱা  দিবস,জন্মদিন আৰু  অন্যান্য উৎসবসমূহ।
এজন মুছলিম হিচাপে আমাৰ  উচিত কুৰআন আৰু  চুন্নাহ অনুসৰন কৰা ।*

 *কাফিৰসকলৰ  অনুসৰণ কৰিলে  কি হয়?*

*“যি ব্যক্তি কোনো  সম্প্রদায়ৰ লগত  সামঞ্জস্য/মিল ৰাখিলে সি  সিহঁতৰ  (দলৰ) অন্তর্ভুক্ত।”*
-[আবুদাউদ: (৩৫১৪)]

*“হে মুমিনসকল! তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু”*-[ ছূৰা  বাকাৰা : ২০৮]

*মুসলিমসকলৰ  উৎসবৰ  দিন কোনটো ?*

*“নবী চাল্লাল্লাহু আলাইহি ওওৱাছাল্লাম যেতিয়া  মদিনাত  আগমন কৰিছিল , তেতিয়া সিহঁতৰ   দু’টি দিন আছিল, যত সিহঁতে   খেলা-ধুলা কৰিছিল । তেওঁ ক’লে : এই দু’টি দিন কি? সিহঁতে ক’লে : আমি এই দিনত  জাহিলি যুগত খেলা-ধুলা কৰিছিলো  ।’ৰাছুলুল্লাহ (ছা:) ক’লে :  নিশ্চয় আল্লাহ তাআলা  তাৰ  পৰিবর্তে তাতোকৈ   উত্তম দু’টি দিন দিছে :ঈদুল ফিতৰ আৰু   ঈদুল আদহা ।”*-[আবুদাউদ: (১১৩৪)

ইব্‌ন তাইমিয়াহ ৰাহিমাহুল্লাহ এ কৈছে ,
 “এই হাদিছে প্রমাণ কৰে কাফিৰ সকলৰ   উৎসব পালন কৰা হাৰাম  ।

 মহানবী (ছা:) কৈছে – *”অবশ্যই তোমালোকে  পূর্ববর্তী পথভ্রষ্ট জাতিৰ হুবহু অনুসৰণ আৰম্ভ কৰিবা  । সিহঁত যদি একহাত সন্মুখত যায় তোমালোক ও যাবা । এগজ পিছত গলেও  তোমালোকেও সেইটো কৰিবা । আনকি সিহঁত  যদি কোন সাপৰ গাততো  প্রবেশ কৰি থাকে , তোমালোকেও  সাপৰ গাতত প্রবেশ কৰিবা । চাহাবাসকলে  আৰজ কৰিলে – ইহুদী-খৃষ্টানদৰ দৰে  ? নবীজী (ছা:) ক’লে , সেয়া  নহলে আৰু কাৰ দৰে  ?’*(মুছলিম ৪৭/৭)

*নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।।*… (আন নূৰ – ১৯)

*নিশ্চয় সি তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ বিষয় কয় (আদেশ দিয়ে) যিটো তোমালোকে নাজানা ।*(২:১৬৯)

Leave a comment