প্ৰশ্ন : পৃথিৱীৰ আকাশত (প্ৰথম আকাশত) আল্লাহৰ ৰহমত নাযিল হয় আৰু তেওঁ নিজেই অৱতৰণ কৰে এই বিষয়ে আপোনাৰ ধাৰণা কি ⁉

💢 প্ৰশ্ন : পৃথিৱীৰ আকাশত (প্ৰথম আকাশত) আল্লাহৰ ৰহমত নাযিল হয় আৰু তেওঁ নিজেই অৱতৰণ কৰে এই বিষয়ে আপোনাৰ ধাৰণা কি ⁉

💢উত্তৰ: আল্লাহে নিজৰ বাবে যিবোৰ গুণ যেনে ৰহমত, সন্তুষ্টি, পৃথিৱীৰ আকাশত অৱতৰণ কৰা, আগমন কৰা ইত্যাদি যি বৰ্ণনা কৰিছে আৰু তেওঁৰ নবীয়ে (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁৰ বিষয়ে যিবোৰ গুণ বৰ্ণনা কৰিছে যিবোৰ সৃষ্টিৰ লগত কোনো উপমা বা সদৃশ নহয় সেইবোৰৰ প্ৰতি আমি ঈমান পোষণ কৰো আৰু দৃঢ় বিশ্বাস কৰো। তেওঁৰ অনুৰূপ একো নাই। আল্লাহৰ সত্বাৰ অনুৰূপ কোনো সত্বা নাই। এইদৰেই আল্লাহৰ ছিফাত আছে যিবোৰ আনৰ ছিফাতৰ (গুণৰ) সদৃশ নহয়। এই কথাৰ প্ৰমাণ হৈছে, কোৰআন আৰু হাদীছত যিবোৰ গুণৰ বিস্তাৰিত বৰ্ণনা আছে, আল্লাহৰ যিবোৰ গুণৰ প্ৰশংসা আছে আৰু যিবোৰ গুণ সাধাৰণভাৱে তেওঁৰ সদৃশ, সমকক্ষ, সমতা আৰু অংশীদাৰমুক্ত সেইবোৰ সাব্যস্ত কৰা।

💢প্ৰশ্ন: আল্লাহৰ কালাম আৰু কোৰআনৰ বিষয়ে আপোনাৰ মতামত কি⁉

💢 উত্তৰ: আমি কওঁ, আল-কোৰআন আল্লাহৰ কালাম, এইটো তেওঁৰ তৰফৰ পৰা নাযিলকৃত, এইটো তেওঁৰ সৃষ্টি নহয় আৰু তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব। ইয়াৰ শব্দ আৰু অৰ্থ স্বয়ং আল্লাহেই কথা কৈছে, কিন্তু কোৰআন আযালী (সদায় বিদ্যমান আছিল তেনে কথা) নহয়। আল্লাহে যেতিয়া ইচ্ছা কৰে তেতিয়াই কথা কয় আৰু ক’ব, তেওঁৰ কথা কেতিয়াও শেষ নহয় আৰু ইয়াৰ শেষ সীমাও নাই।

Leave a comment