“ক্ববীসাহ ইবনু মুখাৰিক্ব আল হিলালী (ৰা:) ৰ পৰা বৰ্ণিত – তেওঁ কয় ৰছূলুল্লাহ ছা: এ কৈছে : তিনি প্ৰকাৰ লোকৰ বাহিৰে অন্য কাৰোবাৰ ভিক্ষা কৰা বৈধ নহয়।
যি ব্যক্তি কাৰো ঋণ পৰিশোধৰ জামানত হৈ আছে তাৰ বাবে তেও সেই পৰিমাণৰ ভিক্ষা কৰা বৈধ যি পৰিমাণ তেওঁ জামানত হৈ আছে ।তাৰ পিছত সেয়া বন্ধ কৰি দিব।
যি ব্যক্তিৰ সম্পদ প্ৰাকৃতিক দুৰ্যোগত ধ্বংস প্ৰাপ্ত হৈছে ,তেওঁৰ জীৱন যাত্ৰাক প্ৰতিষ্ঠিত কৰা পৰ্যন্ত ভিক্ষা কৰিব পাৰে।
আৰু সেই অভাবী ব্যক্তি যাৰ অভাৱৰ পক্ষে তাৰ গোত্ৰৰ তিনি জন জ্ঞানী ব্যক্তি য়ে সাক্ষী দিয়ে ।তেওঁৰ আৰ্থিক জীৱন ধাৰণৰ বাবে যিমান খিনিৰ প্ৰয়োজন সেই পৰিমাণ ভিক্ষা কৰা তেওঁৰ বাবে বৈধ ।
হেৰা,ক্ববীসাহ! জানি ৰাখা ইয়াৰ বাহিৰে যি কোনো প্ৰকাৰ ভিক্ষা কৰা হাৰাম। যিয়ে অবৈধ ভিক্ষা কৰিব তেওঁ হাৰাম ভক্ষণ কৰিব।
(মুছলিম – ২২৭৩ পৃ ৩৮১; আবু দাউদ – ১৬৮০; নাসায়ী- ২৫৯১,৩৫৭৯)। ছহীহ।
✍✍✍…. হাদী হুছনুল ইছলাম