ইছলামীয় খিলাফতী ৰাজত্বকালৰ অদ্যম সাহসী , নিষ্ঠৱান ধৰ্ম্মপৰায়ণ , সফল পৰিকল্পনাকাৰী দ্বিতীয় খলিফা হিচাবে প্ৰসিদ্ধ এক সৰ্বপৰিচিত নাম হৈছে উমৰ বিন আল-খাত্তাব ৰাজিয়াল্লাহু আনহু । দ্বীন ইছলামৰ অন্তিম গৰাকী নবী মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ মাধ্যমেৰে সদ্য অংকুৰিত পৰিপূৰ্ণ ইছলাম ধৰ্ম্মটিৰ প্ৰচাৰ ও প্ৰসাৰতা বৃদ্ধিত এই গৰাকী খলিফাৰ অৱদান ইছলামীয় বুৰঞ্জীত স্বৰ্ণলিপিৰে লিপিবদ্ধ হৈ আছে ।
এগৰাকী পৈনত মল্লযুদ্ধা ও সফল ঘোঁৰা দৌৰবিদ হিচাবে উক্ত সময়ত আৰৱ দেশৰ চৌদিশে ক্ষ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা উমৰ ৰাজিয়াল্লাহু আনহু প্ৰাৰম্ভিক অৱস্থাত মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ আছিল এগৰাকী অন্যত্বম প্ৰধান শত্ৰু।পৰম্পৰাগত ধৰ্ম্মব্যৱস্হাৰ পৰিৱৰ্তন আনিব বিচৰা নিতীৰ বিৰোধীতা কৰি নিজ তৰোৱালেৰে এদিন মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামক হত্যাৰ পৰিকল্পনাৰে উলাই গৈও পৰৱৰ্তী সময়ত ইছলাম গ্ৰহণ কৰি উমৰ ৰাজিয়াল্লাহু আনহু হৈ পৰিছিল নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ এগৰাকী অন্যত্বম সফল সহযোগী ।
সৰ্বপ্ৰথম খলিফা আবু বক্কৰ ৰাজিয়াল্লাহু আনহুৰ ইন্তেকালৰ আগত সহযোগী সকলোৰে আলোচনাৰ সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে উমৰ ৰাজিয়াল্লাহু আনহু দ্বিতীয় খলিফা হিচাবে নিৰ্বাচিত হৈছিল । দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ইতিমধ্যে প্ৰচাৰ লাভ কৰা ইৰাক , চিৰিয়া ও ইজিপ্তত নিদিষ্ট ইছলামীয় আইন প্ৰৱৰ্তনৰ বাবে উক্ত ৰাজ্য সমূহৰ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰি পৰৱৰ্তী সময়ত ইয়াৰ কাৰ্য্যকাৰীতাৰ বুজ লবলৈ নিজেও বহুবাৰ তালৈ গমন কৰিছিল । যুদ্ধ ও বিভিন্ন প্ৰকাৰে সংগৃহীত ৰাজহুৱা ধন মুচলীম মানুহৰ মাজত বিতৰণ ও কৰ্মচাৰী বেতন আদিৰ বাবে ৰাজকোষ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰিছিল । সৈন্যবাহিনী পৰিচালনাৰ বাবে প্ৰতি সাতগৰাকী সৈন্যৰ মাজত এজনক উচ্চ পদত মকৰল কৰি তেখেতসকলৰ প্ৰশিক্ষণ , বেতন ইত্যাদি সকলো চোৱাচিতা কৰাৰ বাবে নতুন নিতীৰ প্ৰৱৰ্তন কৰিছিল । মুচলীম সকলৰ বিভিন্ন বিচাৰ ও সমস্যা সমাধানৰ বাবে উপযুক্ত বিচাৰপতিৰ নিযুক্তি দিছিল । বিভিন্ন ৰাজহুৱা অনুস্হান সমূহৰ সুৰক্ষাৰ বাবে নৈশ পহৰাদাৰী নিয়োগ কৰিছিল । ইৰাকৰ কো’ফা , বাচৰাহ ও মৌচিল আৰু ইজিপ্তৰ ফুচতাত্ ও জিযা চহৰ সমূহ পৰিকল্পিত নগৰ হিচাবে গঢ়ি তুলিবলৈ ইয়াৰ বাটপথৰ পৰা আদি কৰি বিভিন্ন দিশৰ পৰিকল্পনা সমূহ নিজে প্ৰস্তুত কৰি কাৰ্য্যকৰীতাৰ ব্যৱস্থা কৰিছিল ।
উমৰ ৰাজিয়াল্লাহু আনহুৱে উপলব্ধি কৰিছিল যে এখনি সফল সমাজ গঢ় দিবলৈ হলে সমাজৰ প্ৰতিগৰাকী মুচলীমে কোৰআন ভালদৰে পঢ়ি বুজি তাৰ আদৰ্শৰে পৰিচালিত হোৱাটো অতিকৈ প্ৰয়োজন । সেই উদ্দেশ্য আগত ৰাখিয়েই সমাজৰ প্ৰতিটো অঞ্চললৈ কোৰআনৰ শিক্ষা দিব পৰা উপযুক্ত শিক্ষক প্ৰেৰণ কৰিছিল । এনে পৰিকল্পনাৰ প্ৰতি মানুহক আকৰ্ষিত ও অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে কম সময়ত কোৰআন মুখস্থ কৰা লোকলৈ নিদিষ্ট পুৰস্কাৰো ঘোষণা কৰিছিল । পবিত্ৰ কোৰআন আৰু ইয়াৰ ব্যৱহাৰিক বাখ্যাৰ ( ইছলামীক শ্বৰীয়ত ) জ্ঞান সাধাৰণ মানুহক বুজাই দিবলৈ নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সকলো সহযোগী চাহাবাক নিৰ্দেশ দিছিল । শ্বৰীয়তৰ বিভিন্ন প্ৰশ্নৰ সমাধান দিবলৈ উপযুক্ত আইন উপদেষ্টা ( মুফতী ) নিয়োগ কৰিছিল । ৰাজ্য সমূহৰ চাৰিওফালে প্ৰৰ্য্যাপ্ত সংখ্যক মছজিদ নিৰ্মানত এইগৰাকী মহান খলিফাই বিশেষ গুৰুত্ব প্ৰদান কৰিছিল । তেখেতৰ কাৰ্য্যকালত ৰাজ্য সমূহত তিনি হেজাৰতকৈও অধিক মছজিদ নিৰ্মাণ হোৱাৰ ত্বথ্য পোৱা যায় । ৰাজ্যপাল সমূহৰ সৈতে হোৱা চিঠিৰ আদান প্ৰদানত কোনো তাৰিখ ও চন উল্লেখ নথকাত বাৰ্ষিক কেলেন্ডাৰৰ প্ৰয়োজনতা উপলব্ধি কৰি তেখেতৰ দিনতেই নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ মদিনালৈ হিজৰত কৰা বৰ্ষটিক প্ৰাৰম্ভিক বৰ্ষ হিচাবে লৈ ইছলামীক কেলেন্ডাৰ প্ৰস্তুত কৰা হৈছিল । সৈন্য বাহিনী সকলৰ বাবে প্ৰস্তুত কৰা আইন সমূহৰ ভিতৰত এক উল্লেখযোগ্য আইন হৈছে যে কোনো সৈন্যই একেৰাহে চাৰিমাহতকৈ অধিক কাল নিজৰ পৰিয়ালক এৰি নিজ কৰ্ম্মত ব্যস্ত থাকিব নোৱাৰিব । অৰ্থাৎ প্ৰতি চাৰি মাহৰ অন্তৰত হলেও প্ৰতিগৰাকী সৈনিক নিজ পৰিয়ালৰ কাষলৈ যোৱাটো বাধ্যতামূলক কৰিছিল । মদিনাৰ পৰা মক্কালৈ বিশেষকৈ হজ্বযাত্ৰী সকলৰ বাবে উন্নত পথ নিৰ্মাণ ও বাটৰ কাষত জিৰণিঘৰ নিৰ্মাণত দ্বিতীয় খলিফা গৰাকীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল ।
এনে এগৰাকী কৰ্ম্মোদ্দম সাহসী ব্যক্তি দেশৰ খলিফা পদত থাকিও মহান আল্লাহৰ ওপৰত থকা অগাধ বিশ্বাসৰ বাবেই নিজৰ দেহৰক্ষী সকলো সময়ত নিজৰ সৈতে লৈ ফুৰাত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল । তাৰেই উপযুক্ত সুবিধা এদিন গ্ৰহণ কৰিছিল ফিৰোজ্ নামৰ এক উদন্ড ফাৰ্চি যুৱকে ! নিজৰ ব্যক্তিগত কোনো আক্ৰোশ পূৰ্ণ কৰা উদ্দেশ্যৰে দেহৰক্ষী অবিহনে পুৱতি নিশা মছজিদত ফজৰৰ চালাত আদায় কৰি থকা অৱস্থাত উমৰ ৰাজিয়াল্লাহু আনহু বলি হৈছিল উক্ত যুৱক গৰাকীৰ নিৰ্মম চুৰিৰ আক্ৰমণত ! উপৰ্য্যুপৰিমানে চালাৰত অৱস্থাতেই উমৰ ৰাজিয়াল্লাহু আনহুক চুৰিৰে হানি খুচি ফিৰোজে নিজেও তাতেই আত্মহত্যা কৰিছিল । এই ঘটনাৰ তিনিদিনৰ পাছত নিজগৃহত দ্বীন ইছলামৰ এইগৰাকী উজ্জ্বল ভুতাতৰা দুনিয়াৰ পৰা বিলুপ্ত হৈ পৰিল ।
“ইন্না লিল্লাহী ৱ ইন্না ইলাইহি ৰা-জিওন “
ইন শ্বা আল্লাহ নিশ্চিতভাৱে এইগৰাকী সিংহ পুৰুষ জান্নাতে ফিৰদৌচত এক অন্যত্বম ভুতাতৰা হিচাবেই অনন্ত কাললৈ জিলিকি থাকিব । আল্লাহে উমৰ বিন আল-খাত্তাব ৰাজিয়াল্লাহু আনহুক উত্তমতকৈ উত্তম প্ৰতিদান দিয়ক ………. আমীন চুম্মা আমীন ।
✍✍✍✍… মোক্তাবুল হুছেইন