ওপৰোক্ত কথাটি লোকসমাজত ইমানেই প্রসিদ্ধ যে, বহুতৰ ওচৰত সি কুৰআন-হাদীছৰ বাণীৰ দৰে স্বতঃসিদ্ধ। কিন্তু মাখলুকাতৰ এই নির্দিষ্ট সংখ্যা না কুৰআনত আছে, না কোনো ছহীহ হাদীছত আছে! বাস্তৱতা হ’ল, আল্লাহ তা‘আলাই অগণিত মাখলুক পয়দা কৰিছে। জল ও স্থলত বিস্তাৰিত হৈ থকা বিভিন্ন প্রজাতিৰ মাখলুক হ’ল আল্লাহৰ অসীম কুদৰতৰ প্রমাণ। মানুহৰ জনাৰ বাহিৰতো আছে অসংখ্য মাখলুক। আল্লাহ তা‘আলাই কিমান ধৰণৰ মাখলুক সৃষ্টি কৰিছে তাৰ নির্দিষ্ট সংখ্যা ছহীহ হাদীছত পাবলৈ নাই। এটা ‘মুনকাৰ’ বর্ণনাত ইয়াৰ সংখ্যা ‘এক হাজাৰ’ বুলি কোৱা হৈছে। কিন্তু বহুতো মুহাদ্দিছে বর্ণনাটি মাওযূ বা জাল বুলি আখ্যায়িত কৰিছে। (আলমাওযূআত, ইবনুল জাওযী ২/২১৬; আলফাওৱাইদুল মাজমুআ পৃ. ৪৫৮-৪৫৯)।
ইয়াৰোপৰি এই সংখ্যা সম্পর্কে কিছু মনীষীৰ উক্তিও আছে। যেনেকৈ মাৰওৱান ইবনুল হাকামৰ কথামতে সত্তৰ হাজাৰ জগত আছে। আৰু আবুল আলিয়াৰ অনুমান অনুযায়ী চৌধ্য হাজাৰ নাইবা ওঠৰ হাজাৰ মাখলুকাত আল্লাহে সৃষ্টি কৰিছে। এই বিভিন্ন সংখ্যা কিছু মনীষীৰ উক্তিমাত্র, হাদীছ নহয়। দ্বিতীয়তে সিহঁতৰ বক্তব্যৰ পৰাও অনুমান হয় যে, নির্দিষ্ট কোনো সংখ্যা বুজাবলৈ নহয়; বৰং আধিক্য বুজাবলৈ তেওঁলোকে এইবোৰ কথা কৈছে। সিও আকৌ অনুমান কৰি। এই কাৰণে ইয়াৰ কোনোটিকেই প্রমাণিত সত্য বুলি ভৱাৰ কোনো কাৰণ নাই; বৰং এই বিষয়ে ইবনে কাছীৰ (ৰাহ.)-ৰ কথাটিৱেই মূল কথা, যাক তেওঁ আবুল আলিয়াৰ পূর্বোক্ত কথাটি পূর্ণভাৱে উদ্ধৃত কৰাৰ পিছত কৈছে। আৰু সেইটো হ’ল,
هذا كلام غريب يحتاج مثل هذا إلى دليل صحيح
অর্থাৎ এইটো এনেকুৱা এটি আজৱ কথা, যাৰ কাৰণে বিশুদ্ধ দলীলৰ প্রয়োজন আছে। (তাফছীৰে ইবনে কাছীৰ। ১/২৬)
গতিকে ওঠৰ হাজাৰ নহয়; বৰং কোৱা উচিত যে, আল্লাহ তা‘আলাই অসংখ্য অগণিত মাখলুক পয়দা কৰিছে, যাক আমি গণি ও হিচাব কৰি শেষ কৰিব নোৱাৰিম। আল্লাহ তা‘আলাই কৈছে:
وَإِنْ تَعُدُّوا نِعْمَةَ اللَّهِ لَا تُحْصُوهَا ۗ إِنَّ اللَّهَ لَغَفُورٌ رَحِيمٌ
আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু। (ছূৰা আন-নাহল: ১৮)
وَآتَاكُمْ مِنْ كُلِّ مَا سَأَلْتُمُوهُ ۚ وَإِنْ تَعُدُّوا نِعْمَتَ اللَّهِ لَا تُحْصُوهَا ۗ إِنَّ الْإِنْسَانَ لَظَلُومٌ كَفَّارٌ
আৰু তোমালোকে যি বিচাৰিছা সেইটোৱেই তেওঁ তোমালোকক প্ৰদান কৰিছে। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ। (ছূৰা ইব্ৰাহীম: ৩৪)