তায়াম্মুমৰ বিবৰণ আৰু তায়াম্মুমৰ কাৰণ সমূহ

তায়াম্মুমৰ  বিবৰণ (صفة التيمم ) :

সংজ্ঞা : তায়াম্মুম (التيمم) অর্থ ‘সংকল্প কৰা ’। পাৰিভাষিক অর্থত : ‘পানী নোপোৱা হ’লে অজু  বা গোছলৰ  পৰিবর্তে পাক মাটিৰ  দ্বাৰা  পবিত্রতা অর্জনৰ  ইছলামী পদ্ধতিক ‘তায়াম্মুম’ বুলি কোৱা হয় । এইটো  মুছলিম উম্মাহৰ বাবে  আল্লাহৰ  অন্যতম বিশেষ অনুগ্রহ। যিটো ইয়াৰ আগত কোনো  উম্মতক দিয়া হোৱা নাই। [77] আল্লাহে কৈছে ,

وَإِنْ كُنْتُمْ مَرْضَى أَوْ عَلَى سَفَرٍ أَوْ جَاءَ أَحَدٌ مِنْكُمْ مِنَ الْغَائِطِ أَوْ لآمَسْتُمُ النِّسَاءَ فَلَمْ تَجِدُوْا مَآءً فَتَيَمَّمُوْا صَعِيْدًا طَيِّبًا فَامْسَحُوْا بِوُجُوْهِكُمْ وَأَيْدِيْكُمْ مِنْهُ، (المائدة 6)-

‘ আৰু  যদি তোমালোক  পীড়িত হোৱা বা চফৰত ( ভ্ৰমণত )  থাকা  অথবা পায়খানাৰ পৰা আহা বা  স্ত্রী স্পর্শ কৰি  থাকা তাৰপিছত যদি পানী নোপোৱা, তেতিয়াহলে তোমালোকে  পবিত্র মাটিৰ  দ্বাৰা  ‘তায়াম্মুম’ কৰা আৰু তাৰ দ্বাৰা  তোমালোকৰ  মুখমন্ডল আৰু  হস্তদ্বয় মাচাহ কৰা  …।[78]

পদ্ধতি : পবিত্রতা অর্জনৰ  নিয়তত  ‘বিছমিল্লাহ কৈ  মাটিৰ ওপৰত  দুইহাত মাৰি  তাতে ফুঁক দি মুখমন্ডল আৰু দুইহাতৰ  কব্জি পর্যন্ত এবাৰ মুচিব বা বুলাব । [79] দুবাৰ হাত মাৰা আৰু কিলাকুঠিলৈকে মাচাহ কৰাৰ  হাদীছ যঈফ। [80]

[77] . ফিক্বহুচ চুন্নাহ ১/৫৯। এইটো  আছিল মুছলিম উম্মাহৰ বাবে   আবুবকৰ -পৰিয়ালৰ  অন্যতম গুৰুত্বপূৰ্ণ  অবদান। কিয়নো  সম্ভবত: ৫ম হিজৰী চনত  বনুল মুছত্বালিক্ব যুদ্ধ ৰ পৰা ওভতি অহাৰ  পথত  মদীনাৰ  উপকণ্ঠত  ‘বায়দা’ (البَيْدَاء) নামৰ  স্থান গৈ পোৱাৰ  পিছত  আয়েশ্বা  (ৰা:)- ৰ ডিঙিৰ হাঁৰ হেৰাই যায়। তেতিয়া  ৰাছুলুল্লাহ  (ছাঃ) সেইটো বিচাৰি উলিয়াবৰ বাবে  কাফেলা ৰখাই দিয়ে ।  কিন্তু তাত  কোনো  পানী নাছিল । ফলত  এনেকৈয়ে পানী অবিহনে পুৱা হৈ যায়। তেতিয়া  আল্লাহে  তায়াম্মুমৰ  আয়াত নাযিল কৰিলে  (মায়েদাহ ৬)। ছাহাবী উচায়েদ বিন হুযায়েৰ ( ৰা:) হজৰত  আবুবকৰ  (ৰা:)-ক  অভিনন্দন জনাই ক’লে  , হে আবুবকৰ – পৰিয়াল এইটো  উম্মতৰ কাৰণে  আপনালোকৰ  প্রথম অবদান নহয়  (مَا هِىَ بِأَوَّلِ بَرَكَتِكُمْ يَا آلَ أَبِى بَكْرٍ)’। আয়শ্বা ( ৰা:) ক’লে , তাৰপিছত  আমালোকে উটক  উঠাই দিলোঁ , যাৰ ওপৰত আমালোক আছিলোঁ আৰু তাৰ তলত হাঁৰটো পালোঁ’  (বুখাৰী  ফৎহুল বাৰী  হা/৩৩৪ ‘তায়াম্মুম’ অধ্যায়-৭, হা/৪৬০৮ ‘তাফছীৰ ,  অধ্যায়-৬৫, অনুচ্ছেদ-৩; মুছলিম  হা/৮৪২ ‘তায়াম্মুম’ অনুচ্ছেদ-২৮)। [78] . মায়েদাহ ৫/৬, নিছা  ৪/৪৩।[79] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত  হা/১; তিৰমিজি  ইবনু মাজাহ প্রভৃতি মিচকাত  হা/৪০২ ‘পবিত্রতা’ অধ্যায়-৩, অনুচ্ছেদ-৪; আবুদাঊদ হা/১০১-০২; মুত্তাফাক্ব ‘আলাইহ, মিচকাত  হা/৫২৮ ‘তায়াম্মুম’ অনুচ্ছেদ-১০। [80] . আবুদাঊদ হা/৩৩০, অনুচ্ছেদ-১২৪; ঐ, মিচকাত  হা/৪৬৬ ‘পবিত্রতা’ অধ্যায়-৩, অনুচ্ছেদ-৬।

তায়াম্মুমৰ  কাৰণ সমূহ :

(১) যদি পাক পানী পোৱা  নাযায়
(২) পানী পাবলৈ গ’লে যদি ছালাত ক্বাজা হোৱাৰ  ভয় থাকে
(৩) পানী ব্যবহাৰত  যদি ৰোগ বৃদ্ধিৰ  আশংকা থাকে
(৪) যদি কোনো  বিপদ বা জীবনেৰ ঝুঁকি থাকে ইত্যাদি। উপৰোক্ত কাৰণ সমূহৰ  প্রেক্ষিতত অজু  বা ফৰজ  গোছলৰ  পৰিবর্তে প্রয়োজনত  দীর্ঘদিন ধৰি  একেলগে  ‘তায়াম্মুম’ কৰা  যাব। [81]

ৰাছুলুল্লাহ  (ছাঃ) ইৰশ্বাদ কৰিছে ,

إِنَّ الصَّعِيْدَ الطَّيِّبَ وَضُوْءُ الْمُسْلِمِ وَإِنْ لَمْ يَجِدِ الْمَاءَ عَشْرَ سِنِيْنَ…

‘নিশ্চয় পবিত্র মাটি মুছলমানসকলৰ বাবে অজুৰ  মাধ্যম স্বৰূপ । যদিও সি  ১০ বছৰ  পর্যন্ত পানী  নাপায় ’। [82]

পবিত্র মাটি :

আৰবী পৰিভাষায়তক  ‘মাটি’ বুলিলে  ভূ-পৃষ্ঠক বুজায়  । [83] আৰব দেশৰ  মাটি অধিকাংশ পাথৰ আৰু  বালিময় । বিভিন্ন চফৰত  আল্লাহৰ  নবী (ছাঃ)  ছাহাবীসকল  বালিময় মৰুভূমমিৰ মাজেৰে বহু দূৰৰ ৰাস্তা  অতিক্রম কৰিছিল ।  বিশেষ কৰি  মদ্বীনা ৰ পৰা  প্রায় ৭৫০ কি: মি: দূৰত  ৯ম হিজৰীৰ ৰজব  মোতাবিক  ৬৩০ খৃষ্টাব্দৰ  অক্টোবৰ  মাহত  তাবূক যুদ্ধৰ চফৰত সিহঁত মৰুভূমিৰ মাজত অশেষ পানীৰ  কষ্টত পৰিছিল । কিন্তু ‘তায়াম্মুমৰ ’ বাবে  দূৰৰ পৰা মাটি বহন কৰি লৈ গৈছিল বুলি জনা নাযায় ।  অতএব ভূ-পৃষ্ঠৰ  মাটি, বালি বা পাথৰেৰে  মাটি ইত্যাদি দি ‘তায়াম্মুম’ কৰা  যাব ।  কিন্তু  ধুলি -মাটিহীন স্বচ্ছ পাথৰ, কাঠ, কয়লা, লোহা, মোজাইক, প্লাষ্টাৰ , টাইলচ , চুন ইত্যাদিৰ  দ্বাৰা  ‘তায়াম্মুম’ জায়েয নহয়।[84]

জ্ঞাতব্য :

(১) ‘তায়াম্মুম’ কৰি  ছালাত আদায়ৰ পিছত ওৱাক্তৰ মাজত পানী পোৱা গ’লে পুণৰ সেই ছালাত আদায় কৰিব নালাগিব । [ 85]

(২) অজুৰ মাধ্যমেৰে যিবিলাক কাম কৰা যায়, তায়াম্মুমৰ  দ্বাৰা সেইবিলাক কাম  কৰা  যায়। তেনেকৈ যিবিলাক  কাৰণে অজু  ভঙ্গ হয়, সেইবোৰ কাৰণে  ‘তায়াম্মুম’ ভঙ্গ হয়।

(৩) যদি মাটি বা পানী একোৱেই পোৱা নাযায়, তেনেহলে  বিনা অজুতেই  ছালাত আদায় কৰিব ।[ 86] 

[81] . মায়েদাহ ৫/৬; মুত্তাফাক্ব ‘আলাইহ, মিচকাত  হা/৫২৭ ‘পবিত্রতা’ অধ্যায়-৩, ‘তায়াম্মুম’ অনুচ্ছেদ-১০ ; বুখাৰী  হা/৩৪৪, ১/৪৯ পৃঃ; আহমাদ, তিৰমিজি  ইত্যাদি মিচকাত  হা/৫৩০। [82] . আহমাদ, তিৰমিজি , আবুদাঊদ, নাছাঈ , মিচকাত  হা/৫৩০, ‘তায়াম্মুম’ অনুচ্ছেদ-১০। [83] . যেনে কোৱা হৈছে ,  الصعيد وجه الأرض ترابا كان أو غيره। ‘মাটি হ’ল ভূ-পৃষ্ঠ। লাগিলে সেইটো  নিৰট  মাটি হওঁক  বা অন্য কিবা হওঁক  (আল-মিছবাহুল মুনীৰ ) ।  [84] . আলোচনা দ্রষ্টব্য : ছাদেক শিয়ালকোটি, ছালাতুৰ ৰাছুল (ছা:)  টীকা, পৃঃ ১৪৮-৪৯। [85] . আবুদাঊদ, নাছাঈ  দাৰেমী , মিচকাত  হা/৫৩৩; আবুদাঊদ হা/৩৩৮। [86] . বুখাৰী  হা/৩৩৬; মুত্তাফাক্ব ‘আলাইহ ও অন্যান্য; নায়লুল আওত্বাৰ  ১/৪০০, ‘পানী  ও মাটি ব্যতীত ছালাত’ অনুচ্ছেদ। ।

Leave a comment