কুৰআনৰ আলোকত মুমিনৰ গুণাৱলীঃ

# কুৰআনৰ আলোকত মুমিনৰ গুণাৱলীঃ—

■ আল্লাহ তা’লাৰ নাম ল’লে ভয়ত অন্তৰ কঁপি উঠেঃ
“প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰষা কৰে।”(ছুৰাঃ আল-আনফালঃ২)
■ আল্লাহ তা’লাৰ লগত কেতিয়াও শ্বিৰ্ক নকৰেঃ
“আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে ৷”(ছুৰাঃ আল-ফুৰকানঃ ৬৮)
■  জিনা নকৰেঃ
“তেওঁলোকে ব্যভিচাৰ নকৰে৷ “(ছুৰাঃ আল-ফুৰকানঃ ৬৮)
■ নিজৰ লজ্জাস্থানৰ হিফাজত কৰেঃ
“যিসকলে নিজৰ যৌনাংগক ৰাখে সংৰক্ষিত ৷” (ছুৰাঃ আল- মুমিনুনঃ ৫)
 ■ খুশু সহকাৰে ছালাত(নামাজ) আদায় কৰেঃ
“যিসকলে নিজৰ ছালাতত ভীতি-অৱনত,
আৰু যিসকলে নিজৰ ছালাতত থাকে যত্নবান৷”
(ছুৰাঃ আল-মুমিনুনঃ ২, ৯)
■ পিতৃ-মাতৃৰ লগত উফ শব্দও নকৰিবাঃ
“আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা।” (ছুৰাঃ আল-ইছৰাঃ ২৩)
■ অযথা কথা-বতৰাৰ পৰা দূৰত থাকেঃ
“আৰু যিসকলে অসাৰ কথা-বতৰাৰ পৰা বিমুখ৷”
(ছুৰাঃ আল-মুমিনুনঃ ৩)
■ কেতিয়াও  ধাৰনা কৰি কাম নকৰিবাঃ
“আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে।”(ছুৰাঃ আল-জাছিয়াহঃ ২৪)
■ পৃথিৱীত বিনম্ৰভাৱে চলাফুৰা কৰেঃ
■ মূৰ্খৰ লগত কেতিয়াও তৰ্ক নকৰেঃ
“আৰু ৰহমানৰ বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, ‘ছালাম’৷ “(ছুৰাঃ আল-ফুৰকানঃ ৬৩)
■  নিন্দুকৰ নিন্দাত ভ্ৰুক্ষেপ নকৰেঃ
 “সিহঁতে আল্লাহৰ পথত জিহাদ কৰিব আৰু কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনালৈ ভ্ৰুক্ষেপ নকৰিব।” (ছুৰাঃ আল-মায়িদাহঃ ৫৪)
■ প্ৰতিশ্ৰুতি দিলে ৰক্ষা কৰিবঃ
“প্ৰতিশ্ৰুতি দিলে সেয়া পূৰ্ণ কৰিব৷” (ছুৰাঃ আল- বাক্কাৰাহঃ ১৭৭ )
■ পৰিপূৰ্ণ ভাৱে যাকাত আদায় কৰিবঃ
“যাকাত প্ৰদান কৰিব৷” (ছুৰাঃ আল- বাক্কাৰাহঃ ১৭৭)
■ ইয়াতীমৰ হক নষ্ট নকৰিবাঃ
“আৰু ইয়াতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।”(ছুৰাঃ আন-নিছাঃ ২)
■ কেৱল মাত্ৰ মুমিন সকলক বন্ধু হিচাবে গ্ৰহন কৰিবঃ
“মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰে; আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাথাকিব। কিন্তু ব্যতিক্ৰম, যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা (তেনেহ’লে সেয়া সুকীয়া কথা); আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন।”(ছুৰাঃ আলে-ইমৰানঃ ২৮)
■ অভাৱ অনাটন আৰু সচ্ছলতাত সৰ্বাৱস্থাত দান কৰেঃ
■ ৰাগাম্বিত হলে ক্ৰোধক দমন কৰেঃ
■ মানুহৰ ভুল-ভ্ৰান্তিক ক্ষমা কৰেঃ
“যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, আৰু যিসকল ক্ৰোধ সংবৰণকাৰী; মানুহৰ প্ৰতি ক্ষমাশীল; আৰু আল্লাহ মুহছিনসকলক ভাল পায়৷” (ছুৰাঃ আলে-ইমৰানঃ ১৩৪)
■ আন ধৰ্মৰ উপাস্যক গালি নিদিবাঃ
“আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি-শপনি নাপাৰিবা। কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে, এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছো; তাৰ পিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব।”(ছুৰাঃ আল-আন’আমঃ ১০৮)
■ অন্যায় ভাৱে কাকো হত্যা নকৰিবাঃ
“আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা৷”(ছুৰাঃআল-আন’আমঃ ১৫১)
■ আল্লাহৰ আয়াতক অৰ্থৰ বিনিময়ত বিক্ৰী নকৰেঃ
“আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকও আছে যিসকলে আল্লাহৰ বিনয়াবনত হৈ তেওঁৰ প্ৰতি আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহ তুচ্ছ মূল্যত বিক্ৰি নকৰে। এওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।”(ছুৰাঃ আলে-ইমৰাণ ১৯৯)
■  সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবাঃ
“আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা আৰু জানি-শুনি সত্য গোপন নকৰিবা।”
(ছুৰাঃ আল- বাক্কাৰাহঃ ৪২)
■ মানুহক এই কথা কব নোৱাৰিবা যে “তুমি মুমিন নহয়ঃ
“হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।”(ছুৰাঃ আন-নিছাঃ ৯৪)
■ সঠিক ভাৱে ওজন কৰিবা ওজনত কম নিদিবাঃ
“আৰু ইয়াতীম শিশু বয়ঃপ্ৰাপ্ত নোহোৱা লৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ ও ওজন ন্যায়ভাৱে পৰিপূৰ্ণ প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পন নকৰো। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওঁক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰিলে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।”(ছুৰাঃ আল-আন’আমঃ ১৫২)
■ হালাল আৰু পৱিত্ৰ বস্তু আহাৰ কৰাঃ
“হে মানৱ সম্প্ৰদায়! পৃথিৱীত যি আছে তাৰ পৰা হালাল আৰু পৱিত্ৰ বস্তু তোমালোকে আহাৰ কৰা; আৰু তোমালোকে চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।”
(ছুৰাঃ আল-বাক্কাৰাহঃ ১৬৮)
■ কেতিয়াওঁ মিছা কথাৰ সাক্ষী প্ৰদান নকৰেঃ
“আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নহয় আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।”(ছুৰাঃ আল-ফুৰকানঃ ৭২)
■ কেতিয়াওঁ পাক লগাই কথা নকবাঃ
“তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।”(ছুৰাঃ আন-নিছাঃ ১৩৫)
■ অভাৱ অনাটনৰ বাবে সন্তান হত্যা নকৰিবাঃ
“দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰো।” (ছুৰাঃ আল-আন’আমঃ ১৫১)
■  মান্নত পূৰণ কৰেঃ
“(কাৰণ) সিহঁতে মান্নত পূৰণ কৰে, আৰু সেই দিনটোক ভয় কৰে যি দিনটোৰ অকল্যাণ হ’ব সুবিস্তৃত।”(ছুৰাঃ আল-ইনছানঃ ৭)
■ আল্লাহৰ প্ৰদত্ত প্ৰতিজ্ঞা পালন কৰেঃ
“যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰে আৰু প্ৰতিজ্ঞা ভঙ্গ নকৰে৷” (ছুৰাঃ আৰ-ৰা’দঃ ২০)
■ আত্মীয়-স্বজনক সাহাৰ্য্য কৰিবঃ
■ অভাৱগ্ৰস্ত আৰু মুছাফিৰ সকলক সাহাৰ্য্য কৰিবঃ
■ দুখ-কষ্টত  আৰু সংগ্ৰাম সংকটত ধৈৰ্য্য ধাৰণ কৰিবঃ
“পূৱ বা পশ্চিম দিশত তোমালোকে কৰাটোৱে সৎ কাম নহয়, বৰং সৎকৰ্ম হৈছে, যি ব্যক্তিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান আনিব আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰিব আৰু ছালাত প্ৰতিষ্ঠা কৰিব, যাকাত প্ৰদান কৰিব, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰ্ণ কৰিব, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য ধাৰণ কৰিব। এওঁলোকেই সত্যবাদী আৰু এওঁলোকেই মুত্তাক্বী।”(ছুৰাঃ আল-বাক্কাৰাহঃ ১৭৭)
■ আল্লাহ প্ৰদত্ত ৰিজিকৰ পৰা দান কৰেঃ
“যিসকলে ছালাত কায়েম কৰে আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে৷”(ছুৰাঃ আল-আনফালঃ ৩)
■ ৰাতি কম সময় টোপনিত কটাইঃ
“ৰাতিৰ অতি কম সময় তেওঁলোকে টোপনিত কটাইছিল৷” (ছুৰাঃ আয-যাৰিয়াতঃ ১৭)
■ মানুহক সৎ কামৰ উপদেশ আৰু অসৎ কামৰ পৰা বিৰত থকাৰ নিষেধ কৰাঃ
“তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱ জাতিৰ হিদায়তৰ বাবে যিসকলক উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকামৰ আদেশ দিয়া আৰু অসতৎকামৰ পৰা নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আৰু আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লেহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিন আছে; কিন্তু সিহঁতৰ অধিকাংশই ফাছিক্ব৷” (ছুৰাঃ আলে-ইমৰাণঃ ১১০)
■ কাম কৰাৰ পূৰ্বে পৰস্পৰ পৰামৰ্শ কৰেঃ
“আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।”(ছুৰাঃ আশ্ব-শ্বুৰাঃ ৩৮)
■ অতিৰিক্ত অন্যায় অবিচাৰ কৰিলে তাৰ মোকাবিলা কৰেঃ
“আৰু তেওঁলোকৰ ওপৰত অতিৰিক্ত অন্যায়-অবিচাৰ কৰা হ’লে তেওঁলোকে ইয়াৰ প্ৰতিবিধান কৰে।”(ছুৰাঃ আশ্ব-শ্বুৰাঃ ৩৯)

✍✍….. ( তাহেৰা বেগম )

Leave a comment