☞ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে— “মহান আল্লাহ চুবাহানাহু ওৱা তা’আলাই যি ব্যক্তিৰ কল্যাণ বিচাৰে তাকেই বিপদত পেলায়।” [বুখাৰী, ৰিয়াদুছ স্বালিহিন- ৩৯]
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে – আল্লাহে যেতিয়া তেওঁৰ বান্দাৰ কল্যাণৰ ইচ্ছা কৰে তেতিয়া দুনিয়াত তাৰ বাবে খুব সোনকালে বিপদ-আপদ নাজিল কৰি দিয়ে আৰু যেতিয়া তেওঁ তেওঁৰ বান্দাৰ অমঙ্গলৰ ইচ্ছা কৰে তেতিয়া তাক গুনাহৰ মাজত এৰি দিয়ে। অৱশেষত কিয়ামতৰ দিনা তাক আৰু অৱকাশ দিয়া নহ’ব। [তিৰমিজী, ৰিয়াদুছ স্বালিহিন- ৪৩]
নবী কৰীম চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে— “বিপদাপদ যিমান ডাঙৰ হয় তাৰ প্রতিদানও সিমানেই ডাঙৰ হয়। আল্লাহ্ তা‘আলাই যেতিয়া কোনো সম্প্রদায়ক ভালপায় তেতিয়া তেওঁলোকক তেওঁ পৰীক্ষাত পেলায়। যিয়ে তাত সন্তুষ্ট থাকিব তাৰ বাবে হ’ব (আল্লাহৰ)সন্তুষ্টি। আৰু তাত যিয়ে অসন্তুষ্ট হ’ব তাৰ বাবে হ’ব (আল্লাহ্ চুবাহানাহু ওৱা তা‘আলা)ৰ অসন্তুষ্টি।” [তিৰমিজী, হাদিছ নং- ২৩৯৫]
অৰ্থাৎ, দুখৰ বিষয়ে যদি কব লাগে তেনেহ’লে যিজন সমাধানৰ মালিক, যিজন দুখ মচি দিয়াৰ মালিক, যিজন আপোনাৰ সকলোবোৰ সমস্যা সহজ কৰি দিয়াৰ মালিক, সেইজন মহান আল্লাহৰ ওচৰত আপোনাৰ সকলোবোৰ সমস্যা পেচ কৰক।
মনত ৰাখিব, আল্লাহে আপোনাৰ মনৰ দুখ, আকুলতা যেনেদৰে বুজিব আৰু সমাধান কৰিব সেয়া পৃথিৱীৰ কোনো মাখলুকাতৰ পক্ষে সম্ভৱ নহয়।
.
অৰ্থাৎ যি খুজিবলগীয়া আছে আল্লাহৰ ওচৰতে খোজক!
#তাহেৰা-বেগম