শত্ৰুৰ ভিতৰত ঘৰুৱা শত্ৰু হৈছে আটাইতকৈ বিপদজ্জনক !! ঠিক একেদৰেই বিদআত হৈছে ঘৰুৱা শত্ৰু সদৃশ !

!! সাৱধান !!

   শত্ৰুৰ ভিতৰত ঘৰুৱা শত্ৰু হৈছে আটাইতকৈ বিপদজ্জনক !! ঠিক একেদৰেই বিদআত হৈছে ঘৰুৱা শত্ৰু সদৃশ !!! কিয়নো বিদআতে আপোনাৰ মোৰ মাজত সদায় আমলৰ ৰূপত আত্মপ্ৰকাশ কৰি থাকে !! এনে প্ৰতিটো বিদআতৰ পৰা আমি চাবাব আশা কৰি নজনাৰ দুখত বহুত ভাল আমল কৰি থকা বুলি মনতে ভাবি থাকোঁ !! কিন্তু প্ৰকৃততে এইয়া হৈছে ভূৱা আমল , ইয়াৰ দ্বাৰা নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্য্যদা হানি কৰা হয় !! প্ৰকৃততে কলিমাৰ দ্বিতীয় অংশ , অৰ্থাৎ “মই সাক্ষী দিছো মুহাম্মদ (চঃ) আল্লাহৰ প্ৰেৰিত ৰাছূল ” এই অংশক কুঠাৰঘাত কৰা হয় । এনে ভূৱা আমলকাৰীৰ ঠিকনা স্পষ্টকৈ নবী চল্লাল্লাহু আলাইহি অছাল্লামে জাহান্নাম বুলি কৈছে ।

সেয়েহে বিদআতৰ প্ৰকৃত সংঞ্জা বুজি নোপোৱাকৈ এনেয়ে ঢৌত উটি ভাহি অপ্ৰাসংগিক বিতৰ্কত লিপ্ত হোৱা মানেই নিজৰ ভৰিত নিজেই কোঠাৰ মৰা !! প্ৰত্যেকেই হাদীছৰ ত্বথ্য সহকাৰে বিদআতনো কি সেইয়া জানিবলৈ বিচৰাটো নিজৰেই মঙ্গল !! প্ৰায়েই জুমুআ’হৰ খুতবাত মন কৰিলে ইমামে পঢ়া শুনিবলৈ পাব – ” আম্মা বাআ’দ্ ! ৱাচাৰ্ৰুল ওমুৰি মুহদাছাতুহা , ৱকুল্লু মুহদাচাতিন বিদআহ্ ! ৱকুল্লু বিদআতিন দ্ৱালালাহ্ , ৱকুল্লু দ্ৱালালাতিন ফিন্ না-ৰ ” । যি ব্যক্তিয়ে বিদআতৰ এই চহীহ হাদীছত উল্লেখিত সংঞ্জা ও ইয়াৰ পৰিণতি সম্পূৰ্ণকৈ বুজি নাপাব বা বুজিবলৈ চেষ্টা নকৰিব , তেনে ব্যক্তি বিদআতেৰে গোটেই জীৱন লেতিপেতি হৈ থকাৰ পূৰ্ণ সম্ভাৱনা থাকিব ।

সেয়েহে বিপদৰ পৰা বাচিবলৈ সাধাৰণতে খুতবাহত প্ৰায়েই পঢ়া উল্লেখিত হাদীছটিৰ অৰ্থ আপোনাৰ ইমাম চাহেৱৰ পৰা বুজিবলৈ চেষ্টা কৰক । উল্লেখ কৰিব বিচাৰোঁ যে , উক্ত হাদীছত দ্বীন ইছলামৰ প্ৰত্যেকটো নৱসংযোজনকেই বিদআত বোলা হৈছে । আমাৰ বহুতো আলীমে বিদআতৰ দুটা ভাগ থকা বুলি ( বিদাতে হাছানা আৰু বিদআতে শ্বাইয়্যাহ ) কোৱা কথা সম্পূৰ্ণ ভিত্তিহীন । মন কৰিব , সংঞ্জা অনুসৰি চালাতৰ বাবে ঠিয় হৈ পঢ়া জাইনামাজ পাকৰ দো’আ , চালাতৰ শাব্দিক নিয়ত পঢ়া , ফৰজ চালাতৰ পাছত ইমামৰ সৈতে কৰা সন্মিলিত মোনাজাত ইত্যাদি সকলোবোৰ বিদআতৰ অন্তৰ্গত !

সত্য আমি প্ৰচাৰ কৰিছো , বিবেচনা ও সিদ্ধান্ত আপোনাৰ !

মোক্তাবুল হুছেইন

Leave a comment