ছফৰ বা ভ্ৰমণৰ ছালাত /নামাজ

💢 ছফৰ বা ভ্ৰমণৰ ছালাত/নামাজ 💢
 (الصلاة في السفر)

ছফৰ অথবা ভীতিৰ সময়ত ছালাতত ‘কছৰ’ কৰাৰ অনুমতি আছে। যেনে আল্লাহ কৈছে-

وَإِذَا ضَرَبْتُمْ فِي الْأَرْضِ فَلَيْسَ عَلَيْكُمْ جُنَاحٌ أَنْ تَقْصُرُوْا مِنَ الصَّلاَةِ إِنْ خِفْتُمْ أَن يَّفْتِنَكُمُ الَّذِيْنَ كَفَرُوْا إِنَّ الْكَافِرِيْنَ كَانُوا لَكُمْ عَدُوًّا مُبِِيْنًا- (النساء 101)-

অর্থ : ‘যেতিয়া তোমালোকে ছফৰ কৰা, তেতিয়া তোমালোকৰ ছালাতত ‘কছৰ’ কৰাত কোনো দোষ নাই। যদি তোমালোকে আশংকা কৰা যে, কাফিৰসকলে তোমালোকক উত্যক্ত কৰিব। নিশ্চয় কাফিৰসকল তোমালোকৰ প্রকাশ্য শত্রু’ (নিছাঃ ৪/১০১)।

‘কছৰ’ অর্থ কমোৱা। পাৰিভাষিক অর্থত : চাৰি ৰাক‘আত বিশিষ্ট ছালাত দুই ৰাক‘আত কৰি পঢ়াকে ‘কছৰ’ বোলে। মক্কা বিজয়ৰ চফৰত ৰাছুলুল্লাহ (ছাঃ) কছৰৰ সৈতে ছালাত আদায় কৰে।[1] শান্তিপূর্ণ ছফৰত কছৰ কৰিব লাগিব নে নাই এই সম্পর্কে ওমৰ ফাৰূক (ৰাঃ)-ৰ এক প্রশ্নৰ উওৰত ৰাছুলুল্লাহ (ছাঃ) কৈছে, صَدَقَةٌ تَصَدَّقَ اللهُ بِهَا عَلَيْكُمْ فَاقْبَلُوْا صَدَقَتَهُ-‘আল্লাহ এইটোক তোমালোকৰ বাবে ছাদাক্বা (উপঢৌকন) হিচাবে প্রদান কৰিছে। এতেকে  তোমালোকে সেয়া গ্রহণ কৰা’।[2] ছফৰ অৱশ্যেই আল্লাহৰ প্রতি আনুগত্যৰ ছফৰ হ’ব লাগিব, গোনাহৰ ছফৰ নহয়’। [3]

ছফৰৰ দূৰত্ব (مسافة السفر) :

ছফৰৰ দূৰত্বৰ ক্ষেত্ৰত বিদ্বানসকলৰ মাজত এক মাইলৰ পৰা ৪৮ মাইলৰ বিশ প্রকাৰ বক্তব্য  আছে।[4] পৱিত্র কুৰআনত দূৰত্বৰ কোনো ব্যাখ্যা নাই। কেৱল ছফৰৰ কথা আছে। ৰাছুলুল্লাহ (ছাঃ) ৰ পৰাও ইয়াৰ কোনো সীমা নির্দেশ কৰা হোৱা নাই। [5] অৰ্থাৎ ছফৰ হিচাবে গণ্য কৰা যায়, এনেকুৱা ছফৰত ওলালে  নিজ বাসস্থানৰ পৰা ওলাই কিছুদূৰত গ’লেই ‘কছৰ’ কৰা যায়। কোনো কোনো বিদ্বানৰ ওচৰত ছফৰৰ নিয়ত কৰিলে ঘৰৰ পৰাও ‘কছৰ’ আৰম্ভ কৰা যায়। পিছে ইবনুল মুনযিৰ কৈছে যে, ছফৰৰ উদ্দেশ্যে ৰাছুলুল্লাহ (ছাঃ) মদ্বীনা চহৰ এৰি ওলাই  যোৱাৰ পূর্বে ‘কছৰ’ কৰিছে বুলি মই জনা নাই ’। তেওঁ কৈছে, বিদ্বানসকল একমত হৈছে যে, ছফৰৰ নিয়তত ওলাই  নিজ গাওঁ (বা মহল্লাৰ) ঘৰসমূহ অতিক্রম কৰিলেই তেওঁ কছৰ কৰিব পাৰে।[6]

আমি ভাৱো  যে, মতভেদ এৰুৱাৰ বাবে ঘৰৰ পৰাই দুই ওৱাক্তৰ ফৰজ ছালাত কছৰ আৰু চুন্নত ব্যতীত পৃথক দুই এক্বামতৰ মাধ্যমত জমা কৰি ছফৰত ওলোৱা  ভাল। তাবূকৰ  অভিযানত ৰাছুল (ছাঃ) আৰু ছাহাবীসকলে এইটো কৰিছিল।[7]

আব্দুল্লাহ ইবনে আব্বাচ (ৰাঃ) কৈছে, ৰাছুলুল্লাহ (ছাঃ) ১৯ দিন (মক্কা বিজয় অথবা তাবূক অভিযানত) অৱস্থানকালত ‘কছৰ’ কৰিছে। আমিও তাকে কৰো। তাৰ বেছি হ’লে সম্পূৰ্ণ কৰো।[8] যদি কাৰো ছফৰৰ ম্যাদ নির্দিষ্ট থাকে, তথাপিও তেওঁ‘ কছৰ’ কৰিব, যেতিয়ালৈকে  তেওঁ তাত স্থায়ী বসবাসৰ সংকল্প নকৰে । [9] সিদ্ধান্তহীন অৱস্থাত ১৯ দিনতকৈ বেছি হ’লেও ‘কছৰ’ কৰা যায়। ৰাছুলুল্লাহ (ছাঃ) তাবূক অভিযানৰ সময়ত তাত ২০ দিন একেলগে ‘কছৰ’ কৰিছিল ।  আব্দুল্লাহ ইবনে ওমৰ (ৰাঃ) আযাৰবাইজান ছফৰত গ’লে সম্পূৰ্ণ বৰফৰ মৌচমত তাত ৰৈ যায় আৰু ছয় মাহ যাবৎ ক্বছৰৰ সৈতে ছালাত আদায় কৰে। অনুৰূপভাৱে হযৰত আনাচ (ৰাঃ) শাম বা ছিৰিয়া ছফৰত আহি দুবছৰ তাত থাকে আৰু কছৰ কৰে। [10]

তাৰপিছত স্থায়ী মুছাফিৰ যেনেকৈ জাহাজ, বিমান, ট্রেইন, বাছ ইত্যাদিৰ চালক আৰু কর্মচাৰীসকল ছফৰ অৱস্থাত সদায় ছালাতত কছৰ কৰিব পাৰে আৰু তেওঁলোকে দুই ওৱাক্তৰ ছালাত জমা আৰু ক্বছৰ কৰিব পাৰে।

মুঠতে ভীতি আৰু  ছফৰ অৱস্থাত ‘কছৰ’ কৰা উত্তম। ৰাছুলুল্লাহ (ছাঃ) ছফৰত সদায় কছৰ কৰিছিল। হযৰত ওমৰ, আলী, ইবনু মাছঊদ, ইবনু আব্বাচ (ৰাঃ) প্রমুখ ছফৰত কছৰ কৰাকেই অগ্রাধিকাৰ দিছিল।[11] হযৰত ওছমান ও হযৰত আয়েশা (ৰাঃ) প্রথমতে কছৰ কৰিছিল আৰু পিছত সম্পূৰ্ণ পঢ়িছিল। আব্দুল্লাহ ইবনে ওমৰ (ৰাঃ) জামা‘আতত সম্পূৰ্ণ পঢ়িছিল আৰু অকলে ক্বছৰ কৰিছিল।[12] কিয়নো আল্লাহ কৈছে, ‘ছফৰ অৱস্থাত ছালাতত ‘কছৰ’ কৰিলে তোমালোকৰ বাবে কোনো গোনাহ নাই’ (নিছাঃ ৪/ ১০১)।

ছালাত জমা আৰু  কছৰ কৰা (الجمع بين الصلاتين والقصر) :

ছফৰত থকা অৱস্থাত জোহৰ-আছৰ (২+২=৪ ৰাক‘আত) আৰু  মাগৰিব-ঈশা (৩+২=৫ ৰাক‘আত) পৃথক এক্বামতৰ মাধ্যমত চুন্নত আৰু  নফল ব্যতীত জমা আৰু  কছৰ কৰি তাক্বদীম ও তাখীৰ দুই ভাৱে পঢ়াৰ নিয়ম আছে।[13] অর্থাৎ শেষৰ ওৱাক্তৰ ছালাত আগৰ ওৱাক্তৰ সৈতে ‘তাক্বদীম’ কৰি অথবা আগৰ ওৱাক্তৰ ছালাত শেষৰ ওৱাক্তৰ সৈতে ‘তাখীৰ’ কৰি একেলগে পঢ়িব।[14]

ভীতি ও বতাহ- বৰষুনৰ বাহিৰেও অন্য কোনো বিশেষ শাৰঈ ওজৰ বশতঃ মুক্বীম অৱস্থাতো দুই ওৱাক্তৰ ছালাত কছৰ আৰু  চুন্নত ব্যতীত একেলগে জমা কৰি পঢ়িব পাৰি। যেনেকৈ জোহৰ ও আছৰ পৃথক এক্বামতৰ মাধ্যমত ৪+৪=৮(ثَمَانِيًا) আৰু মাগৰিব ও ঈশা অনুৰূপভাৱে ৩+৪=৭(سَبْعًا) ৰাক‘আত। ইবনু আব্বাচ (ৰাঃ)-ক  সোধা  হ’ল, এইটো কিয়? তেওঁ ক’লে, যাতে উম্মতৰ কষ্ট নহয়’।[15]

ইস্তেহাযা বা প্রদৰ ৰোগগ্রস্ত মহিলা ও বহুমূত্রৰ ৰোগী বা অন্যান্য কঠিন ৰোগী, বাবুর্চী আৰু কর্মব্যস্ত ভাই-ভনীসকলৰ মাজে-সময়ে বিশেষ কাৰণ  বশতঃ সাময়িকভাৱে এই সুযোগ গ্রহণ কৰিব পাৰে।[16]

হজ্জৰ ছফৰত আৰাফাতৰ ময়দানত কোনোধৰণৰ চুন্নত-নফল ব্যতীত জোহৰ ও আছৰ একলগে (২+২) জোহৰৰ আওৱাল ওৱাক্তত পৃথক এক্বামতত ‘জমা তাক্বদীম’ কৰি আৰু মুযদালিফায় মাগৰিব ও ঈশা একলগে (৩+২) ঈশাৰ সময় পৃথক এক্বামতত ‘জমা তাখীৰ’ কৰি জামা‘আতৰ সৈতে অথবা অকলে পঢ়িব লাগে। [17]

ছফৰত ৰাছুলুল্লাহ (ছাঃ) চুন্নত সমূহ পঢ়া নাছিল। [18]

অৱশ্যে বিতৰ, তাহাজ্জুদ ও ফজৰৰ দুই ৰাক‘আত চুন্নত এৰা নাছিল। [19]

পিছে সাধাৰণ নফল ছালাত যেনেকৈ তাহিইয়াতুল অজু, তাহিইয়াতুল মাছজিদ ইত্যাদি আদায়ত তেওঁ কাকো নিষেধ কৰা নাছিল। [20]

[1] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/১৩৩৬ ‘ছফৰৰ ছালাত’ অনুচ্ছেদ-৪১। [2] . মুছলিম, মিচকাত হা/১৩৩৫ ‘ছফৰৰ ছালাত’ অনুচ্ছেদ-৪১। [3] . মিৰ‘আত ৪/৩৮১। [4] . শাওকানী, নায়লুল আওত্বাৰ ৪/১২২ পৃঃ; আলোচনা দ্রষ্টব্য, ছিলছিলা ছহীহাহ হা/১৬৩। [5] . ইবনুল ক্বাইয়িম, যা-দুল মা‘আদ (বৈৰুত: ১৪১৬/১৯৯৬) ১/৪৬৩ পৃঃ। [6] . নায়লুল আওত্বাৰ ৪/১২৪; ফিক্বহুচ চুন্নাহ ১/২১৩। [7] . আবুদাঊদ, তিৰমিজী, মিচকাত হা/১৩৪৪ ‘ছফৰৰ ছালাত’ অনুচ্ছেদ-৪১। [8] . বুখাৰী ১/১৪৭, হা/৪২৯৮; অথবা , মিচকাত হা/১৩৩৭। [9] . চাইয়িদ চাবিক্ব, ফিক্বহুচ চুন্নাহ ১/২১৩। [10] . মিৰক্বাত ৩/২২১; ফিক্বহুচ চুন্নাহ ১/২১৩-১৪। [11] . ইবনু তায়মিয়াহ, মাজমূ‘ ফাতাওয়া ২৪/৯৮; ফিক্বহুচ চুন্নাহ ১/২১২। [12] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/১৩৪৭-৪৮ ‘ছফৰৰ ছালাত’ অনুচ্ছেদ-৪১। [13] . বুখাৰী, মিচকাত হা/১৩৩৯; আবুদাঊদ, তিৰমিজী, মিচকাত হা/১৩৪৪। [14] . ফিক্বহুচ চুন্নাহ ১/২১৫। [15] .(أَرَادَ أَنْ لاَ يُحْرِجَ أُمَّتَهُ) বুখাৰী হা/১১৭৪ ‘তাহাজ্জুদ’ অধ্যায়-১৯, অনুচ্ছেদ-৩০; মুছলিম হা/১৬৩৩-৩৪; নায়লুল আওত্বাৰ ৪/১৩৬; ফিক্বহুচ চুন্নাহ ১/২১৮। [16] . নায়লুল আওত্বাৰ ৪/১৩৬-৪০; ফিক্বহুচ চুন্নাহ ১/২১৭-১৮। [17] . বুখাৰী, মিচকাত হা/২৬১৭, ২৬০৭ ‘হজ্জ’ অধ্যায়, ‘আৰাফা ও মুযদালিফা ৰ পৰা প্রত্যাৱর্তন’ অনুচ্ছেদ-৫; আহমাদ, মুছলিম, নাছাঈ, নায়ল ৪/১৪০। [18] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/১৩৩৮ ‘ছফৰৰ ছালাত’ অনুচ্ছেদ-৪১; ফিক্বহুচ চুন্নাহ ১/২১৬। [19] . ইবনুল ক্বাইয়িম, যা-দুল মা‘আদ ৩/৪৫৭ পৃঃ। [20] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/১৩৪০; বুখাৰী হা/১১৫৯; নায়ল ৪/১৪২; যা-দুল মা‘আদ ১/৪৫৬।

Leave a comment