আবু বক্কৰ আছ্-চিদ্দীক (ৰাঃ)

☆ আবু বক্কৰ আছ্-চিদ্দীক (ৰাঃ) ☆

 মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ জন্মৰ দুই বছৰৰ পাছত মক্কাৰ কুৰাইছ সম্প্ৰদায়ৰ বানু তেইম ফৈদত জন্ম গ্ৰহণ কৰা আবু বক্কৰ ৰাজিয়াল্লাহু আনহু আছিল খিলাফতী ৰাজত্ব কালৰ প্ৰথম গৰাকী খলিফা । ইছলাম ধৰ্ম্ম গ্ৰহণ কৰাৰ আগত তেখেতৰ নাম আছিল ” আব্দুল কা’বাহ “। সাধাৰণ মানুহৰ মাজত তেখেত আবু বক্কৰ হিচাবে সুপৰিচিত আছিল আৰু তেখেতৰ মানৱতা আৰু বিশ্বাস যোগ্যতাৰ বাবে ” আল্লাহে “আছ্-চিদ্দীক ” অৰ্থাৎ অত্যন্ত বিশ্বাসী গুনৰ উপাধিৰে সন্মানীত কৰিছিল । ইছলাম গ্ৰহণ কৰাৰ পাছত মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ নাম দিছিল ” আব্দুল্লাহ ” আৰু “আল-আ’টিক্”, অৰ্থাৎ জাহান্নামৰ পৰা মুক্ত গুণৰ অধিকাৰী বুলি কৈছিল ।

পৈত্ৰিক সূত্ৰে পেছাত তেখেত এগৰাকী অতি সন্মানীয় আৰু নিখুঁত লেনদেনৰ সদাগৰ আছিল । নবী চল্লাল্লাহু আলাইহি অছাল্লাম বাস কৰা একেখন গাঁৱতেই যদিও আবু বক্কৰ ৰাজিয়াল্লাহু আনহুৱেও বাস কৰিছিল , তথাপিও মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ বয়স ২৫ হোৱা পৰ্য্যন্ত তেওঁলোক দোয়োজনৰ মাজত কাহানিও কোনো প্ৰত্যক্ষ কথাবতৰা বা যোগসুত্ৰ নাছিল । চাৰিত্ৰিক দিশৰ পৰা অৱশ্যেই দোয়োগৰাকী ব্যক্তিৰ মাজত বহুতো সামঞ্জস্য আছিল । কোৰাইছ সকলৰ অমানৱীয় কাৰ্য্যকলাপ ও অবান্তৰ ধৰ্ম্ম বিশ্বাস দোয়োগৰাকী ব্যক্তিৰ বাবেই অপচন্দীয় আছিল ।

 মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামে আবুবক্কৰ ৰাজিয়াল্লাহু আনহুক দ্বীন ইছলাম গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগে লগেই কোনো প্ৰশ্নৰ অৱতাৰন নকৰাকৈয়ে বা চিন্তা কৰিবলৈ কোনো সময় নিবিচাৰি একেটা আহ্বানতেই ইছলাম ধৰ্ম্মক আঁকোৱালি লৈছিল । নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰচাৰত এৱেই আছিল ইছলাম গ্ৰহণ কৰা প্ৰথম গৰাকী পুৰুষ  ব্যক্তি ।

নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ইন্তেকালৰ পাছত ইছলাম ধৰ্ম্মৰ প্ৰচাৰ ও প্ৰসাৰতা বৃদ্ধিৰ বাবে ৰৈ যোৱা আধৰুৱা কাম সমূহৰ নেতৃত্ব লবলৈ দ্বিতীয় এগৰাকী ব্যক্তিৰ অতিকৈ প্ৰয়োজন হৈ পৰিল । সেই উদ্দেশ্যৰে সকলো সহযোগী চাহাবা “শ্বাকিফাহ ” নামৰ এক স্থানত আলোচনাত মিলিত হয় । আলোচনাৰ অন্তত উমৰ বিন আল-খাত্তাব ও উবেইদাহ বিন আল-জাৰাহ ৰাজিয়াল্লাহু আনহুৱে আবুবক্কৰ ৰাজিয়াল্লাহু আনহুৰ হাতত ধৰি আনুষ্ঠানিক ভাবে তেখেতৰ নাম খলিফা হিচাবে ঘোষণা কৰে । উপস্থিত সকলোৱে এই সিদ্ধান্তক আদৰণি জনাই সমৰ্থন কৰে । আবুবক্কৰ ৰাজিয়াল্লাহু আনহুৱে ৰাইজক উদ্দেশ্যি কয় :” আল্লাহৰ শপত খাই কৈছো যে মই কেতিয়াও খলিফা হবলৈ বিচৰা নাছিলোঁ বা ভবাও নাছিলোঁ । আপোনালোকে এক গধুৰ দায়িত্ব মোৰ কান্ধত অৰ্পণ কৰিছে ! মোক সেই মূহুৰ্তলৈ আপোনালোকে খলিফা হিচাবে মানি চলিব , যেতিয়ালৈ মই আল্লাহ আৰু ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ নিতী অনুসৰি চলিম । তেখেতসকলৰ অবাধ্য হলেই আপোনালোকে মোক খলিফা হিচাবে মান্যতা নিদিব “।

নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ইন্তেকালৰ পাছত আৰৱৰ বিভিন্ন ঠাইত ইছলাম ধৰ্ম্ম গ্ৰহণ কৰা বহুতো লোকে পুনৰ নিজৰ ধৰ্ম্মলৈ প্ৰত্যাৱৰ্তন কৰাৰ এক তীব্ৰ মানসিকতাৰ ঢৌ উঠিছিল । বহুতো লোকে যাকাত দিবলৈ অস্বীকাৰ কৰিছিল । বিশেষকৈ “নাজ্দ” ৰ মুচেইলিমাহ্ আল-কাদহাব নামৰ এগৰাকী ঠগ প্ৰবঞ্চচকৰ নেতৃত্বত এক বৃহৎ সৈন্য বাহিনীৰ দল তৈয়াৰ কৰি মুচলীম সকলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ চেষ্টা কৰিছিল । কিন্তু সৌভাগ্য ক্ৰমে মুচলীমৰ খালিদ বিন আল-ৱালিদ (ৰাঃ) ৰ নেতৃত্বৰ এক সৈন্য বাহিনীৰ আক্ৰমণত মুচেইলিমাহৰ মৃত্যু হোৱাত উক্ত বিৰোধী ঢৌৰ জোৱাৰ কমি গৈছিল । আবুবক্কৰ (ৰাঃ) ৱে খলিফাৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই এনে সমস্যা সমূহ বিভিন্ন কৌশলেৰে সমাধান কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ কাৰ্য্যকালতেই ইৰাক, চিৰিয়া , ৰোম আদিতো ইছলাম ধৰ্ম্ম বৰ্তাই ৰখাত বহুতো সৰুসুৰা যুদ্ধৰ সন্মুখীন হব লগাত পৰিছিল । এনে যুদ্ধ সমূহত কোৰআন মুখস্থকাৰী বহুতো চাহাবাৰ মৃত্যু হোৱাত পবিত্ৰ কোৰআনৰ বাণী সমূহ মানুহৰ মাজত হেৰাই যোৱাৰ শংকা হৈছিল । সেয়েহে  উমৰ (ৰাঃ) ৰ প্ৰস্তাৱ মৰ্মে জায়েদ বিন থাবিত (ৰাঃ) ক দায়িত্ব দি কোৰআন সংগ্ৰহ ও সংকলনৰ ব্যৱস্থা হাতত লোৱা হৈছিল ।

বাৰ্দ্ধক্য জনিত কাৰণত মৃত্যু কাষ চাপি অহা বুলি সন্দেহ কৰি আবুবক্কৰ ( ৰাঃ) ই পৰৱৰ্তী দ্বিতীয় খলিফা উমৰ বিন আল-খাত্তাৱ (ৰাঃ) ক তেখেতৰ জীৱিত কালতেই নিৰ্বাচিত কৰিছিল । তেখেতৰ জী আয়িশ্বাহ ৰাজিয়াল্লাহু আনহাক মতাই আনি ৰাইজৰ পৰা সংগৃহীত বিভিন্ন ধন সমূহ হিচাব কৰিবলৈ দি প্ৰায় ছয় হেজাৰ দিহৰাম ঘুৰাই দিছিল ।

ব্যক্তিগত ও ৰাজহুৱা সকলো দায়িত্ব সমাধান কৰাৰ পাছত কিছু দিন জ্বৰৰ অৱস্থাত বিচনাত থাকিব লগা হৈছিল । এনে অৱস্থাত বিভিন্ন সময়ত তেখেতক উচুপি থকা দেখা গৈছিল যদিও মৃত্যুৰ ভয়ত কাহানিও কন্দা নাছিল । কিছুদিনৰ পাছতেই সাধাৰণ মানুহৰ দৰেই এইগৰাকী প্ৰথম খলিফাই পৃথিৱীৰ পৰা আঁতৰি গৈছিল ।

” ইন্না লিল্লাহি ৱ ইন্না ইলাইহি ৰা-জিওন “।

আয়িশ্বাহ ৰাজিয়াল্লাহু আনহাৰ কোঠাতেই নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ কাষত তেখেতক সমাধিস্ত কৰা হয় । আল্লাহে এইগৰাকী মহান খলিফাক উত্তম প্ৰতিদান দান কৰক ।

              “আ–মী–ন “

✍✍  মোক্তাবুল হুছেইন

Leave a comment