প্রশ্নঃ ভেকুলী, কুচিয়া, মিছা মাছ আৰু কাছ আৰু ইয়াৰ কণী খোৱা জায়েয নে ⁉

💢প্রশ্নঃ  ভেকুলী, কুচিয়া, মিছা মাছ আৰু কাছ আৰু ইয়াৰ কণী খোৱা জায়েয নে ⁉

💢উত্তৰ: কুচিয়া, মিছা মাছ আৰু কাছ আৰু ইয়াৰ কণী ৰুচি হ’লে খাব পৰা যায়। কাৰণ এইবোৰ পানীত বসবাস কৰা প্রাণী। আৰু পানীৰ চিকাৰ (যিবোৰ হিংস্র নহয়) হালাল। আল্লাহ তা’লাই কৈছে, ‘তোমালোকৰ বাবে সাগৰৰ চিকাৰ হালাল কৰা হৈছে’ (ছূৰাহ মায়িদাহ ৯৬)।

কিন্তু ভেকুলী খোৱা জায়িয নহয়। কাৰণ ৰাছূলুল্লাহ চাল্লালাহু আলাইহি ৱাছাল্লামে ভেকুলী মাৰিবলৈ নিষেধ কৰিছে। আব্দুৰ ৰহমান ইবনে ওছমান (ৰাঃ) য়ে কৈছে, এজন ডাক্তৰে ভেকুলীক ঔষধ হিচাপে ব্যবহাৰ কৰাৰ বাবে ৰাছূলুল্লাহ চাল্লালাহু আলাইহি ৱাছাল্লামক সুধিলে। ৰাছূলুল্লাহ চাল্লালাহু আলাইহি ৱাছাল্লামে তেওঁক ভেকুলী মাৰিবলৈ নিষেধ কৰিলে।

 (আবুদাঊদ হা/৩৮৭১)।

Leave a comment