মৃত্যুৰ পিছতো পিতা-মাতাৰ প্রতি সন্তানৰ কিছু দায়িত্বৰ কথা হাদীছত আহিছে :

মৃত্যুৰ পিছতো পিতা-মাতাৰ প্রতি সন্তানৰ কিছু দায়িত্বৰ কথা হাদীছত আহিছে :
______________________________

চাহাবায়ে কেৰাম ৰাদিয়াল্লাহু আনহুমে তেওঁলোকৰ মৃত পিতা-মাতাৰ প্রতি চাওৱাব প্রেৰণৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছিল তলৰ হাদীছসমূহৰ পৰা আমি স্পষ্ট নির্দেশনা পাব পাৰোঁ:

#ছাদাকাহ :

#হাদীছ নম্বৰ এক :

‘‘আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বর্ণিত, এজন ব্যক্তিয়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা জানিব বিচাৰিলে যে, মোৰ পিতাই কিছু সম্পদ ৰাখি মৃত্যুবৰণ কৰিছে¸ কিন্তু তেওঁ কোনো ওছীয়ত কৰি যোৱা নাই। মই তেওঁৰ কাৰণে কিছু ছাদাকাহ কৰিব পাৰিমনে; যাতে তেওঁৰ গুনাহৰ কাফফাৰা হ’ব পাৰে? তেওঁ ক’লে, হয়¸ পাৰিবা।’’[মুছলিম, কিতাবুল ওছীয়্যাহ, হাদীছ নং ৩০৮১]

#হাদীছ নম্বৰ দুই :

‘‘ছা‘দ ইবন ‘উবাদাহ ৰাদিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ক’লো, ইয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম মোৰ আম্মাৰ মৃত্যু হৈছে। মই তেওঁৰ কাৰণে কিছু ছাদাকাহ কৰিব পাৰিমনে? তেওঁ ক’লে, হয় পাৰিবা। মই সুধিলোঁ, কোন ছাদাকাহ উত্তম? তেওঁ ক’লে, পানী পান কৰোৱা (অর্থাৎ কুঁৱা¸ দমকল আদিৰ ব্যৱস্থা কৰি দিয়া)।’’[নাছাঈ, কিতাবুৰ ওৱাছায়া, হাদীছ নং ৩৬০৪]

#হাদীছ নম্বৰ তিনি :

‘‘ছা‘দ ইবন ‘উবাদাহ ৰাদিয়াল্লাহু আনহুৰ মা’ৰ তেওঁৰ অনুপস্থিতিত মৃত্যু হয়। পিছত তেওঁ ক’লে, ইয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম! মোৰ অনুপস্থিতিত আম্মাৰ মৃত্যু হৈছে। মই যদি তেওঁৰ কাৰণে কিছু ছাদাকাহ কৰোঁ¸ তেন্তে সেইটো তেওঁৰ উপকাৰত আহিবনে? তেওঁ ক’লে, হয়। তেওঁ ক’লে, আপুনি সাক্ষী থাকক, মোৰ মিখৰাফ নামৰ বাগানখন তেওঁৰ কাৰণে ছাদাকাহ কৰিলোঁ।’’[বুখাৰী, কিতাবুৰ ওৱাছায়া, হাদীছ নং ২৫৫১]

#হাদীছ নম্বৰ চাৰি :

‘‘আবু উছায়দ মালিক ইবন ৰাবী‘আহ ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে, এদিনাখন আমি নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত আছিলোঁ, এনে অৱস্থাত বনী ছালামাৰ এজন ব্যক্তি আহি ক’লে, ইয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম মোৰ পিতা-মাতাৰ মৃত্যুৰ পিছত এনে কোনো সদাচৰণ কি বাকী আছে যাক মই তেওঁলোকৰ কাৰণে কৰিব পাৰোঁ? তেওঁ ক’লে, হয়,
-তেওঁলোকৰ কাৰণে দু‘আ আৰু ক্ষমা প্রার্থনা কৰা,
-তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ কৃত প্রতিশ্রুতিসমূহ পূর্ণ কৰা,
-তেওঁলোকৰ বন্ধু-বান্ধৱসকলক সন্মান কৰা আৰু সেই আত্মীয়সকলক ৰক্ষা কৰা, যিসকল কেৱল তেওঁলোকৰ বন্ধনৰ কাৰণেই ৰক্ষা কৰা হৈ থাকে।’’ [ইবন মাজাহ, কিতাবুল আদব, হাদীছ নং ৩৬৫৪]

#হাদীছ নম্বৰ পাঁচ :

‘‘আতা (ৰহ.)ৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে যে, মৃতকৰ পক্ষৰ পৰা চাৰিটা কাম কৰণীয়: গোলাম আযাদ করা, ছাদাকাহ কৰা, হজ্জ কৰা আৰু ওমৰাহ কৰা।’’[মুছান্নিফু ইবনি আবী শায়বা, ৩খ, ৫৯পৃ, হাদীছ নং ১২০৮৫]

#হাদীছ নম্বৰ ছয় :

‘‘ছাদাকাহ কিয়ামতৰ দিনা মু‘মিনৰ ছায়া হ’ব।” [আহমদ, বাকী মুছনাদিল আনছাৰ, হাদীছ নং ২২৩৯২।]

Leave a comment