প্রশ্নঃ স্বপ্ন সম্পর্কে জানিব বিচাৰোঁ। সাধাৰণতে মানুহে দেখা সপোনৰ কিবা গুৰুত্ব আছে নেকি? বেয়া সপোন দেখিলে কৰণীয় কি?

প্রশ্নঃ স্বপ্ন সম্পর্কে জানিব বিচাৰোঁ। সাধাৰণতে মানুহে দেখা সপোনৰ কিবা গুৰুত্ব আছে নেকি? বেয়া সপোন দেখিলে কৰণীয় কি?

.
#উত্তৰঃ আবু হুৰায়ৰা (ৰাঃ)ৰ দ্বাৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, মানুহৰ সপোন তিনি প্ৰকাৰৰ।
(ক) ভাল সপোন, যি সপোনে আল্লাহৰ পক্ষৰ পৰা সুসংবাদ বহন কৰে
(খ) দুঃখদানকাৰী সপোন, যিটো শ্বয়তানৰ পক্ষৰ পৰা হয়
(গ) মনৰ মাজত উদ্ভৱ হোৱা কল্পনা, যাক সপোনত দেখা পোৱা যায়(মুছলিম হা/২২৬৩)।
তেওঁ কৈছে, যেতিয়া তোমালোকৰ কোনোবাই ভাল সপোন দেখে, তেতিয়া আলহামদুলিল্লাহ পঢ়িব আৰু সি নিজৰ প্রিয় লোকসকলৰ ওচৰত তাক কব পাৰে। (বুখাৰী হা/৬৯৮৫)।
নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, ‘তোমালোকে আলিম আৰু হিতাকাঙ্খীসকলৰ বাহিৰে কাৰোঁ ওচৰত সপোনৰ কথা ব্যক্ত নকৰিবা’(তিৰমিযী হা/২২৮০)।
আৰু বেয়া সপোন দেখিলে বাওঁফালে তিনিবাৰ থু পেলাই ‘আ‘ঊযুবিল্লা-হি মিনাশ্ব শ্বায়ত্বা-নিৰ ৰজীম’ বুলি কবা আৰু পার্শ্ব পৰিৱর্তন কৰিবা। (মুছলিম হা/২২৬২, মিশকাত হা/৪৬১৩)।
অন্য বর্ণনাত আহিছে¸ থিয় হৈ (দু’ৰাক‘আত) ছালাত আদায় কৰিব আৰু কাকো নকব। কাৰণ এই সপোনে তাৰ কোনো ক্ষতি নকৰে। (মুছলিম হা/২২৬১-৬৩, বুখাৰী হা/৭০৪৪; মিশকাত হা/৪৬১৩)।
উল্লেখ্য যে, বেয়া সপোন দেখিলে বা মৃত ব্যক্তিক সপোনত দেখিলে দান-খয়ৰাত কৰাৰ যি প্রথা সমাজত চালু আছে সি বিদ‘আত। এইবোৰৰ পৰা বিৰত থকা উচিত। বৰং মৃত ব্যক্তিৰ মাগফিৰাতৰ কাৰণে যিকোনো সময়ত দো‘আ ও ছাদাক্কা কৰিব পাৰি। (মুছলিম হা/৯২০, ১৬৩১; বুখাৰী হা/১৩৮৮; মিশকাত হা/১৬১৯, ১৯৫০)

Leave a comment