নাৰীসকলে নিজেই নাজানে ইছলামত নাৰীৰ অধিকাৰ আৰু মৰ্যাদা_কি???

নাৰীসকলে_নিজেই_নাজানে_ইছলামত_নাৰীৰ_অধিকাৰ_আৰু_মৰ্যাদা_কি???
🔹আলোকিত পৃথিৱীত নাৰীৰ অৱদান আটাইতকৈ বেছি। নাৰীৰ মৰ্যদা আৰু অধিকাৰ প্ৰতিষ্ঠাত বিশ্বজুৰি আলোচনা আৰু সমালোচনাৰ শেষ নাই। অথচ এই নাৰীসকলক মহিমান্বিত কোনে কৰিছে সেই সম্বন্ধে এতিয়াও বহুত নাৰী অৱগত নহয়। ফলত তেওঁলোকক অধিকাৰ আৰু প্ৰতিষ্ঠাৰ নামত ভয়াৱহ বিপদৰ দিশত ঠেলি দিয়া হৈছে। পৃথিৱীত ইছলামেই সৰ্বপ্ৰথম নাৰীসকলৰ যথাযোগ্য সন্মান আৰু অধিকাৰ প্ৰতিষ্ঠিত কৰিছে। ইছলামৰ পূৰ্বযুগত নাৰীসকলক মানুহ হিচাবে গণ্য কৰা হোৱা নাছিল। স্ত্ৰী হিচাবে তেওঁলোক আছিল চৰম অৱহেলাৰ স্বীকাৰ। কন্যা সন্তান জন্মগ্ৰহণক সামাজিক কলংকৰ বোজা বুলি ভাৱি জীৱন্তে কবৰ দিয়া হৈছিল। সমাজত নাৰী জন্ম লোৱা মানে অভিশাপ আছিল।
■ইছলাম আগমনৰ লগে লগে নাৰীৰ প্ৰতি এই জঘন্য অত্যাচাৰৰ অৱসান ঘটে। নাৰীৰ জীৱনত আহে বহুত পৰিৱৰ্তন। আল্লাহে পৱিত্ৰ কোৰানৰ মাধ্যমত নাৰীৰ প্ৰতি সন্মান প্ৰৰ্দশনৰ ঘোষণা কৰে। এইভাৱে ইছলামেই সৰ্বপ্ৰথম নাৰীসকলক সমাজত স্বাধীন¸ সুস্থ আৰু সুন্দৰকৈ জীয়াই থকাৰ পথ প্ৰদৰ্শন কৰে।
■কোৰানৰ আইনে নাৰীসকলক যথাযোগ্য সন্মান আৰু মৰ্যদা দিছে কন্যা, স্ত্ৰী আৰু মা হিচাবে। কন্যা হিচাবে ইছলামপূৰ্ব যুগত কন্যাৰ কোনো মৰ্যদা নাছিল। পৱিত্ৰ কোৰানত ঘোষণা কৰিছে কন্যা সন্তান জন্মগ্ৰহণ কৰিলে তোমালোকৰ স্ফূৰ্তি হোৱা উচিত।
🔹কন্যা সন্তানৰ ক্ষেত্রত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “যি লোকে দুগৰাকী কন্যা সন্তানক যথাযথভাৱে প্ৰতিপালন কৰিব সেই ব্যক্তি শেষ বিচাৰৰ দিনাখন মোৰ লগত অৱস্থাত কৰিব”। (মুছলিম)।
🔹স্ত্ৰী হিচাবে ইছলামে নাৰীক উপযুক্ত মৰ্যদা দিছে পৱিত্ৰ কোৰানত কোৱা হৈছে , “তেওঁলোক তোমালোকৰ পৰিচ্ছদ আৰু তোমালোক তেওঁলোকৰ পৰিচ্ছদ”| (ছুৰাঃ বাক্কৰাহ-১৮৭)
আৰু কোৰানত কোৱা হৈছে , “তেওঁ (আল্লাহ) সেই সত্তা যিয়ে তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা আৰু সেই ব্যক্তিৰ পৰা বনাইছে তাৰ সংগীক যাতে সি তাৰ ওচৰত প্ৰশান্তি লাভ কৰে। ( ছুৰা:আৰাফ:১৮৯)।
🔹ইছলামত মাৰ মৰ্যদা দিয়া হৈছে আটাইতকৈ বেছি। ইমান মৰ্যদা অন্য কাকো দিয়া হোৱা নাই। “মাতৃৰ ভৰিৰ তলত সন্তানৰ জান্নাত” ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ এই ঘোষণাই নাৰীক অধিক মৰ্যদাৱান কৰিছে। এজন চাহাবী ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ আহি প্ৰশ্ন কৰিলে- মোৰ ওচৰত খিদমত পোৱাৰ বেছি হক্কদাৰ কোন? উত্তৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, তোমাৰ মা, দ্বিতীয়তে তোমাৰ মা, তৃতীয়তে তোমাৰ মা, তাৰ পিছত পিতা। (ছহীহ বুখাৰী)। একাধিক বাৰ এই কথা কৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে নাৰী জাতিক সমাজত উচ্চ সন্মান দিছে।
🔹ইছলামে নাৰীক প্ৰকৃত অধিকাৰ দিছে। সুন্দৰভাৱে সমাজত জীয়াই থকাৰ অধিকাৰ দিছে। পাৰিবাৰিক, সামাজিক¸ ৰাজনৈতিক আৰু অৰ্থনৈতিক সকলো ক্ষেত্রতেই ইছলামে নাৰীৰ বাবে অধিকাৰ প্ৰতিষ্ঠিত কৰিছে । ইছলামে নাৰীসকলক অৰ্থনৈতিক স্বাধীনতা দিছে। কোৰানত আল্লাহে কৈছে , “পিতা-মাতা আৰু আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ যেনেকৈ অংশ আছে নাৰীসকলৰো তেনেকৈ অংশ আছে। অলপ হওঁক বা বেছি হওঁক¸ এই অংশ নিৰ্ধাৰিত। (ছুৰাঃ নিছা-৭)
🔹নাৰীয়ে তেওঁৰ স্বামীৰ পৰাও দেনমোহৰ পায়। পক্ষান্তৰে পুৰুষে দেনমোহৰ পৰিশোধ কৰিব লাগে আৰু এইটো স্বামীৰ ওপৰত ফৰজ। পৱিত্ৰ কোৰানত আল্লাহে কৈছে , “তোমালোক স্বতঃস্ফুত হৈ নাৰীক দেনমোহৰ প্ৰদান কৰা”।(ছুৰাঃ নিছা-৪)
■প্ৰগতিবাদীসকলে কি বিচাৰে? নাৰীসকলক বিনোদনৰ সামগ্ৰী বনাব বিচাৰে, ভোগৰ বস্তুত পৰিণত কৰিব বিচাৰে¸ নে আকৌ জাহিলী সমাজৰ সেই নিৰ্যাতিতা নাৰীৰ কৰুণ আৰ্তনাদ শুনাব বিচাৰে। সেইটোৱেই আমাৰ প্ৰশ্ন? ইছলামে নাৰীসকলক সেই সন্মান আৰু অধিকাৰ দিছে যিটো অন্য কোনো ধৰ্মত দিয়া নাই। আল্লাহ প্ৰদত্ত বিধান যিয়ে নাৰীসকলক সন্মানিত কৰিছে। পৃথিৱীৰ সকলো নাৰী সমাজে এই বিধানৰ বিধানাৱলী মানি জীৱন পৰিচালনা কৰিলে নিশ্চয় ইহকাল আৰু পৰকাল উভয় জগতত যে কল্যাণকামী হব ই ধুৰূপ।
( ✍✍✍ …. তাহেৰা বেগম )

Leave a comment