প্রশ্ন : পৰিয়ালৰ সকলোৱেই বিবাহ সম্পৰ্কে একমত। কিন্তু কণ্যা অসম্মত। এই ক্ষেত্রত কণ্যাৰ অসম্মতিত বিবাহ জায়েয হ’বনে?

প্রশ্ন (১৭/৯৭) : পৰিয়ালৰ সকলোৱেই বিবাহ সম্পৰ্কে একমত। কিন্তু কণ্যা অসম্মত। এই ক্ষেত্রত কণ্যাৰ অসম্মতিত বিবাহ জায়েয হ’বনে? দলীল ভিত্তিক জনাই বাধিত কৰিব।

উত্তৰঃ বিবাহৰ ক্ষেত্রত অভিভাবকৰ সম্মতি যেনেকৈ চর্ত, তেনেকৈয়ে ছোৱালীৰ সম্মতিও অপৰিহার্য। ৰাছূল ছাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে, ‘স্বামীহীন মহিলাক তাইৰ পৰামর্শ অবিহনে বিবাহ দিব পৰা নাযাব আৰু কুমাৰী ছোৱালীকো তাইৰ অনুমতি অবিহনে বিবাহ দিব পৰা নাযাব। ছাহাবীসকলে সুঁধিলে, কুমাৰী ছোৱালীৰ অনুমতি কেনেকোৱা হ’ব? উত্তৰত তেখেতে ক’লে, ‘নীৰবে থকাই তাইৰ অনুমতি’।
(বুখাৰী, মুছলিম, মিশ্বকাত হা/৩১২৬, ৩১২৭)।
অন্য হাদীছত আহিছে, ৰাছূলুল্লাহ ছাল্লাহু আলাইহি ওয়াছাল্লামে এজনী মহিলাৰ অনুমতিবিহীন বিবাহক প্রত্যাখ্যান কৰিছে।
(বুখাৰী হা/৫১৩৮, মিশ্বকাত হা/৩১২৮)।
— অসমত ইচলাম প্ৰচাৰ -Q.A

Leave a comment