ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে , “আল্লাহে মোৰ উম্মতৰ কাৰণে মদ, জুৱা, ঢোল-তবলা আৰু বীণা জাতীয় বাদ্যযন্ত্ৰ হাৰাম কৰিছে।”

✍🏻✍🏻 … ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে ,
“আল্লাহে মোৰ উম্মতৰ কাৰণে মদ, জুৱা, ঢোল-তবলা আৰু বীণা জাতীয় বাদ্যযন্ত্ৰ হাৰাম কৰিছে।”
(আহমাদ, চিলচিলাহ ছহীহাহঃ ১৭০৮, বায়হাকীঃ ২১৫২৯)
বর্তমান গান আৰু বাদ্যযন্ত্রৰ বিশাল বজাৰ তৈয়াৰ হৈছে য’ত কোটি কোটি টকা বিনিয়োগ কৰা হয়।
মনত ৰাখিব, ইয়াৰ সকলো উপার্জন ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ হাদীছ অনুযায়ী সম্পূর্ণৰূপে হাৰাম।
ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে-
“মোৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোক সৃষ্টি হব, যিসকলে ব্যভিচাৰ, ৰেচম, মদ আৰু বাদ্যযন্ত্রক হালাল সাব্যস্ত কৰিব।”
(ছহীহ বুখাৰী)।
আব্দুল্লাহ ইবনে মাছউদ (ৰাদিঃ) য়ে কৈছে-
‘পানীয়ে যেনেকৈ (ভূমিত) তৃণলতা উৎপন্ন কৰে; তেনেকৈ গানে মানুহৰ অন্তৰত নিফাক সৃষ্টি কৰে।’
ইগাছাতুল লাহফানঃ ১:১৯৩; তাফছীৰে কুৰতুবীঃ ১৪:৫২।

Leave a comment