ইমাম নাবৱী ৰাহিমাহুল্লাহে কৈছে, যদি কোনোবাই মদ (সুৰা)ৰ পাত্ৰ আদান-প্ৰদানৰ সময়ত নাইবা ব্যভিচাৰত লিপ্ত হোৱাৰ প্ৰাক্ কালত আল্লাহক তাচ্ছিল্য কৰি বিছমিল্লাহ বুলি কয়, তেনেহ’লে সি কাফিৰ হৈ যাব। [ৰাওদাতুত তালিবীন : ৬৭/১০] শ্বাইখ মুহাম্মদ ইবনে আব্দুল অহ্হাব ৰাহিমাহুল্লাহে ‘আত-তাওহীদ’ গ্ৰন্থত কৈছে, ‘এই অধ্যায় তাৰ বিষয়ে যিয়ে আল্লাহৰ জিকিৰ, কোৰআন অথবা ৰাছুলক তাচ্ছিল্য কৰে’ : এইটো আটাইতকৈ বেছি ভয়াৱহ : যিয়েই এইবোৰক লৈ বিদ্ৰূপ কৰিব সি কাফিৰ। [আত-তাওহীদ : ৫৮]। গতিকে যিয়ে আল্লাহ, আল্লাহৰ কিতাপ, আল্লাহৰ ৰাছুল অথবা তেওঁৰ দ্বীনক বিদ্ৰূপ কৰিব, প্ৰকৃত ঠাট্টা কৰি এনেকৈ ক’লে সকলোৰে ঐক্যমতত সি কাফিৰ হৈ যাব। [তাইছীৰুল আযীযিল হামীদ : ৬১৭]
শ্বাইখ মুহাম্মদ ইবনে ইব্ৰাহীম ৰাহিমাহুল্লাহক প্ৰশ্ন কৰা হৈছিল, যদি কোনোবাই দাড়িক ঘৃণা কৰে আৰু কয় এইবোৰ আৱৰ্জনা, তেনেহ’লে সি মুৰতাদ হৈ যাব নেকি? উত্তৰত তেওঁ ক’’লে, যদি সি জানে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম কৰ্তৃক দাড়ি প্ৰমাণিত, তেনেহ’লে সি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে লৈ অহা দ্বীনক অস্বীকাৰ কৰাৰ ভিতৰত অন্তৰ্ভূক্ত হ’ব। ফলত তাক মুৰতাদ আখ্যা দিয়াই যুক্তিযুক্ত হ’ব। [ফাতাৱা শ্বাইখ মুহাম্মদ ইবন ইব্ৰাহীম : ১৯৫/১১]।