ঈদগাহত মিম্বাৰ ব্যৱহাৰ কৰা নিষিদ্ধ। (ছহীহ বুখাৰী- ২/৪ পৃঃ ফাতহুল বাৰী দ্বিতীয় খণ্ড ৪৪৯ পৃঃ)।
এইটো মাৰওৱানী বিদ‘আত। অথচ আমাৰ দেশৰ বহু আলিমে মিম্বাৰৰ ওপৰত খুতবা দিয়ে। আনকি বহু ঈদগাহত মিম্বাৰ পকী কৰা হৈছে। আমাৰ শ্রদ্ধেয় আলিমসকলে এই মিম্বাৰসমূহত উঠি তেওঁলোকৰ মূল্যৱান ভাষণ দিয়ে আৰু নাবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাত বর্জন কৰি মাৰওৱানী বিদ‘আত প্রতিষ্ঠিত কৰে, দেখি ভাৱ হয় যেন মৌলবী চাহেব নাবী চাল্লাল্লাহু আলাইহি অছাল্লামতকৈও ডাঙৰ হুজুৰ! (নাউজুবিল্লাহ)।
#ৰাছুলুল্লাহ_চাল্লাল্লাহু_আলাইহি_অছাল্লামৰ_পদ্ধতি- আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত তেখেতে কৈছে, নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ঈদুল ফিতৰ’ আৰু ‘ঈদুল আযহা’ৰ দিনা ঈদগাহলৈ গৈছিল আৰু তাত তেখেতে প্রথমে যি কাম আৰম্ভ কৰিছিল সেইটো হ‘ল চালাত। আকৌ চালাত শেষ কৰি তেখেতে লোকসকলৰ ফালে মুখ কৰি থিয় হৈছিল আৰু তেওঁলোকে তেওঁলোকৰ কাতাৰত বহি আছিল। তেখেতে তেওঁলোকক নাছিহাত কৰিছিল, উপদেশ দিছিল আৰু নির্দেশনা দান কৰিছিল। যদি তেখেতে কোনো সেনাদল পঠোৱাৰ ইচ্ছা কৰে, তেন্তে তেওঁলোকক পৃথক কৰি লৈছিল। অথবা যদি কোনো বিষয়ে নির্দেশ জাৰী কৰাৰ ইচ্ছা কৰে, তেন্তে তাক জাৰী কৰিছিল। ইয়াৰ পিছত তেখেতে উভতি গৈছিল। আবূ ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, লোকসকলে আখৰে আখৰে এই নিয়ম অনুসৰণ কৰি আহিছিল। অৱশেষত যেতিয়া মাৰওৱান মদ্বীনাৰ ‘আমীৰ হ’ল, তেতিয়া ‘ঈদুল আযহা’ বা ‘ঈদুল ফিতৰ’ৰ উদ্দেশ্যে মই তেওঁৰ লগত বাহিৰ হ’লোঁ। আমি যেতিয়া ‘ঈদগাহত’ উপস্থিত হ’লোঁ তেতিয়া তাত এটি মিম্বাৰ দেখিবলৈ পালোঁ, সেইটো কাছীৰ ইবনু ছলত ৰাদ্বিয়াল্লাহু আনহুৱে তৈয়াৰ কৰিছিল। #মাৰওৱানে চালাত আদায়ৰ পূর্বেই ইয়াৰ ওপৰত আৰোহণ কৰিবলৈ উদ্যত হ’ল। মই তেওঁৰ কাপোৰত টানি ধৰিলোঁ। কিন্তু তেওঁ কাপোৰ এৰি খুতবা দিলে। মই তেওঁক ক’লো, আল্লাহৰ কচম! তোমালোকে (ৰাছুলৰ ছুন্নাত) পৰিৱর্তন কৰি পেলাইছা। তেওঁ ক’লে, হে আবূ ছাঈদ! তোমালোকে যি জানিছিলা সি অতীত হৈ গৈছে। মই ক’লো, আল্লাহৰ কচম! মই যি জানোঁ সি তাতকৈ ভাল, যি মই নাজানোঁ। তেওঁ তেতিয়া ক’লে, মানুহে চালাতৰ পিছত মোৰ কাৰণে বহি নাথাকে, সেয়ে এইটো চালাতৰ আগতেই কৰিছোঁ। (ছহীহুল বুখাৰী ১ম খণ্ড, পর্ব (১৩) দুই ঈদ, পৃঃ ৪৬৫ হা/ ৯২৬)।
Good