ফাছিক ইমামৰ পিছত নামায শুদ্ধ হবনে?

দ্বীনী প্রশ্নোত্তৰ / আব্দুল হামীদ ফাইযী / নামায
http://www.hadithbd.com/shareqa.php?qa=152
ফাছিক ইমামৰ পিছত নামায শুদ্ধ হবনে?
ফাছিক হ’ল সেই ব্যক্তি, যিয়ে অবৈধ, হাৰাম বা নিষিদ্ধ কাম কৰে আৰু ফৰয বা ওৱাজীব কাম ত্যাগ কৰে; অর্থাৎ কবীৰা গুনাহ কৰে। যেনে- ধূমপান কৰে, বিড়ি-চিগাৰেট খায়, জর্দা-চাধা প্রভৃতি মাদকদ্রৱ্য ব্যৱহাৰ কৰে, ভৰিৰ সৰু গাঁঠিৰ তললৈ কাপোৰ ওলোমাই পৰিধান কৰে, অথবা সুত বা ঘোষ খায়, অথবা মিছা কয়, অথবা (অবৈধ প্রেম) ব্যাভিচাৰ কৰে, অথবা দাড়ি খুৰাই বা (এক মুঠিৰ কম) ছাঁটি পেলায়, অথবা মুশ্বৰিকসকলৰ যবেহ (হাৰাম বুলি নাভাৱি) খায়, (হালাল বুলি ভাৱি খালে তাৰ পিছত নামায নহব)। অথবা স্ত্রী কন্যাক বেপর্দা ৰাখি সিহঁতৰ ক্ষেত্ৰত গৰ্বিত হয়, অথবা মাক-বাপেকক নাচায় বা সিহঁতক খাদ্য নিদিয়ে ইত্যাদি।
উক্ত ব্যক্তিসকল আৰু সিহঁতৰ অনুৰূপ অন্যান্য ব্যক্তিৰ পিছত নামায মাকৰূহ (অপছন্দনীয়)। গতিকে তেনে ব্যক্তিক ইমামৰূপে নির্বাচন ও নিয়োগ কৰা বৈধ ও উচিত নহয়। কিন্তু যদি কোনো কাৰণত বা চাপত পৰি বাধ্য হৈ তেনে ব্যক্তিৰ পিছত নামায পঢ়িব লগা হয়, তেনেহ’লে নামায হৈ যাব। ২০৪
চাহাবাসকলৰ যামানাত তেওঁলোকে ফাছিকৰ পিছত নামায পঢ়িছে। আব্দুল্লাহ বিন উমার (ৰাঃ) হাজ্জাজ্জৰ পিছত নামায পঢ়িছে। ২০৫ আবূ ছাঈদ খুদৰী (ৰাঃ) মাৰওৱানৰ পিছত নামায পঢ়িছে। ২০৬
তৃতীয় খলীফা উছমান (ৰাঃ) ফিৎনাৰ সময়ত যেতিয়া স্বগৃহত অৱৰুদ্ধ আছিল, তেতিয়া উবাইদুল্লাহ বিন আদী বিন খিয়াৰে তেওঁৰ ওচৰত উপস্থিত হৈ ক’লে, ‘আপুনি জনসাধাৰণৰ ইমাম আৰু আপোনাৰ ওপৰত যি বিপদ আহিছে, তাক তো দেখিবলৈ পাইছেই। ফিৎনাৰ ইমামে আমাৰ নামাযৰ ইমামতি কৰিছে; অথচ তেওঁৰ পিছত নামায পঢ়িবলৈ আমি দ্বিধাবোধ কৰোঁ।’ তেওঁ ক’লে, “ নামায হ’ল মানুহৰ সর্বশ্রেষ্ঠ আমল। গতিকে মানুহে ভাল ব্যৱহাৰ কৰিলে সিহঁতৰ সৈতেও ভাল ব্যৱহাৰ কৰা আৰু বেয়া ব্যৱহাৰ কৰিলে সিহঁতৰ সৈতে বেয়া ব্যৱহাৰ কৰাৰ পৰা দূৰত থাকা।” ২০৭
২০৪ (মাজাল্লাতুল বুহূষিল ইছলামীয়্যাহ ৫/২৯০, ৩০০, ৬/২৫১, ১৫/৮০, ১৮/৯০, ১১১, ১৯/১৫২, ২২/৭৫, ৭৭, ৯২, ২৪/৭৮), ২০৫ (বুখাৰী), ২০৬ (মুছলিম, আবূ দাঊদ, তিৰমিযী), ২০৭ (বুখাৰী ৬৯৫, মিশকাত ৬২৩ নং)

Leave a comment