বিশুদ্ধ চিন্তাধাৰা , বিশুদ্ধ কৰ্মৰাজীয়েহে কোনো ব্যক্তি বা কোনো এখন সমাজ বিশুদ্ধকৈ পৰিচালিত হোৱাত সহায় কৰে । দ্বীন ইছলামত ” তবলীগ ” এক অতি বিশুদ্ধ তথা আখেৰতৰ বাবে ইন শ্বা আল্লাহ অতি ফলদায়ক কৰ্ম্ম !! কিন্তু দূৰ্ভাগ্যজনক বিষয় যে, সাম্প্ৰতিক প্ৰেক্ষাপটত দেখা গৈছে ” তবলীগ ” আজি সৰ্বত্ৰে বিতৰ্কৰ আৱৰ্ত্তত !! নিশ্চিত ভাবে বিগত সময়চোৱাত আমিও এনেধৰণৰ বিভিন্ন সমালোচনাত অংশ লৈ আহিছোঁ !! কিন্তু ক্ষন্তেকৰ বাবে হলেও নিৰপেক্ষ দৃষ্টিভংগীৰে কাহানিবা চিন্তা কৰি চাইছেনে যে সঁচাকৈয়ে আমি আল্লাহৰ নিৰ্দেশিত ” তবলীগ ” ৰ বিৰোধী নে প্ৰচলিত তবলীগ ও ইয়াৰ পাঠ্যক্ৰমৰ বিৰোধী ??
আমি স্পষ্ট কৰিব বিচাৰোঁ আৰু অন্তকৰ্ণৰে বিশ্বাস কৰোঁ যে – আল্লাহৰ স্পষ্ট আদেশ থকা প্ৰকৃত ” তবলীগ ” ৰ সঁচাকৈয়ে যদি কোনো মুচলীমে বিৰোধ কৰে , তেন্তে তেনে ব্যক্তিয়েই হয়তো ইছলামৰ আটাইতকৈ ডাঙৰ শত্ৰু !! কিয়নো তবলীগ কৰিবলৈ আল্লাহ ও নবী(চঃ) য়ে স্পষ্ট ভাবে উম্মতক আদেশ দি গৈছে !! এই বক্তব্য খিনি হৃদয়ঙ্গম কৰিবলৈ দুটা মূল বিষয়ত স্পষ্ট হোৱাৰ প্ৰয়োজন আছে !! প্ৰথম বিষয় হৈছে ” তবলীগ ” মানেনো কি বা তবলীগ শব্দৰ অৰ্থ কি আৰু দ্বিতীয় কথা হৈছে কি বিষয়বস্তুঃ আল্লাহে আমাক তবলীগ কৰিবলৈ কৈছে ?? এই গুৰুত্বপূৰ্ণ প্ৰশ্ন দুটিৰ সুদূত্তৰ আল্লাহ আৰু নবী(চঃ) ৰ দৃষ্টিভংগীৰ পৰা একেবাৰে স্পষ্ট হৈ আছে , সেয়েহে ইয়াত আমাৰ নিজস্ব চিন্তাধাৰা বা কোনো নতুনকৈ সুত্ৰৰ উদ্ভাৱন কৰাৰ তিলমানো অৱকাশ নাই । কিন্তু দূৰ্ভাগ্যবশতঃ সেয়াই হৈ থকাৰ বাবেই আজি পদে পদে প্ৰচলিত তবলীগ জামাত সমালোচনাৰ পাত্ৰ !!
প্ৰথমতেই আমি বুজিবলৈ চেষ্টা কৰা উচিত যে – তবলীগ কোনো নিদিষ্ট নিৰ্দ্ধাৰিত কৰ্মব্যৱস্থা যেনে – চিল্লা , গষ্ট , তালীম , মাশ্বুৱাৰা ইত্যাদিৰ নাম নহয় , যিটো বিশ্বাস আমাৰ হয়তো সকলো জামাতী ভাইৰ মনত সোমাই আছে । এনে বিশ্বাসৰ বাবেই দাঁতিকাষৰীয়া জামাততেই চিল্লাৰত অৱস্থাত থাকোঁতে স্বয়ং নিজৰ মাতৃৰ ইন্তেকাল হোৱাৰ স্বত্তেও জানাজালৈ নহা , জামাতৰ বিত্তশীল লোকে দিয়া ধাৰৰ টকা জমা দিয়ো নিজ পৰিয়ালৰ কথা চিন্তা নকৰি ৪০ দিনৰ চিল্লাত ওলাই যোৱা , আচাৰৰ তেল সানি এনে পৰিয়ালৰ পত্নীয়ে চেহেৰী খাই ৰোজা ৰাখি আমাৰ সন্মুখত চকুৰ পানী বোৱাই দিয়া আদি পৰিঘটনাৰ আমি চাক্ষুক সাক্ষী হৈ আছোঁ । সেয়েহে এনেবোৰ অন্ধবিশ্বাসৰ পৰা মানুহক মুক্ত নকৰিলে , ইয়াত জড়িত ব্যক্তিয়ে জীৱনত কাহানিও দ্বীন ইছলামৰ প্ৰকৃত মাদকতা বুজি পাবলৈও সক্ষম নহব !! তবলীগ শব্দৰ অৰ্থ হৈছে প্ৰচাৰ কৰা বা পৌচাই দিয়া !! কেনেকৈ প্ৰচাৰ কৰিব তাৰ কোনো নিদিষ্ট পদ্ধতি শ্বৰীয়তে আমাক নিৰ্দ্ধাৰণ কৰি দিয়া নাই !! নবী (চঃ) চিঠিৰ মাধ্যমেও দ্বীন প্ৰচাৰ কৰা চহীহ ত্বথ্য বুখাৰী হাদীছত উল্লেখিত হৈছে । এতেকে প্ৰচাৰ কৰিবলৈ হলে দ্বীন প্ৰথমতে নিজে শিকিবই লাগিব , তাৰ পাছতহে আনৰ বাবে প্ৰচাৰৰ দায়িত্ব !! আমি সচৰাচৰ কৈ থকাৰ দৰে বহুতো মদাহীয়ে মদ এৰি নামাজ ধৰিছে , কলিমা নজনা মানুহে কলিমা শিকিছে ইত্যাদি ইত্যাদি ! নিশ্চয় এইবোৰ আদৰণীয় , কিন্তু শিকাক তবলীগ বোলাটো অঞ্জতাৰ পৰিচায়ক , বৰং এইয়া ” ইছলাহ ” হে , তবলীগ মানে প্ৰচাৰ কৰাহে , শিক্ষা লোৱা নহয় !!
দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয় হৈছে , কি প্ৰচাৰ বা তবলীগ কৰিব লাগিব সেইয়াও আল্লাহে কোৰআনৰ জৰিয়তে স্পষ্ট কৰি দিছে । আল্লাহৰ পক্ষৰ পৰা নবী (চঃ) ৰ প্ৰতি যি অৱতাৰণ কৰা হৈছে , সেইয়াহে প্ৰচাৰ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে । আল্লাহৰ প্ৰত্যক্ষ অৱতাৰণ হৈছে আল-কোৰআন আৰু পৰোক্ষ অৱতাৰণ হৈছে চুন্নাহ , যি সমূহ চহীহ হাদীছত উপলব্ধ । সেয়েহে আমি তবলীগ কৰিব লাগিব কোৰআন আৰু চহীহ হাদীছৰ , নিজস্ব সুত্ৰ প্ৰয়োগেৰে চুফীবাদী আদৰ্শৰ কোনো আলৌকিক কল্প কাহিনী নহয় । কিয়নো এনে কোনো কাহিনী আল্লাহৰ পৰা অৱতাৰণ হোৱা নাই , সেয়েহে এনে কোনো কাহিনী তবলীগৰ বিষয়বস্তুঃ কৰিবলৈ যোৱটো কেৱল হাস্যকৰেই নহয় , বৰং আল্লাহ বিৰোধীও ।
সেয়েহে বিশুদ্ধ ” তবলীগ ” শব্দটিৰ প্ৰকৃত মূল্যায়ন কৰি আখেৰত ফলৱতী হবলৈ তবলীগৰ course materials সলনি কৰাটো অত্যন্তই প্ৰয়োজন । মানৱ উদ্ভাৱিত বাধ্যতামূলক সুত্ৰ পৰিত্যাগ কৰি শীৰ্ক বিদআত মুক্ত একমাত্ৰ কোৰআন আৰু হাদীছৰ তবলীগ হোৱাটো শ্বৰীয়তৰ দৃষ্টিভংগীৰে নিশ্চয় আমাৰ সকলোৰে কাম্য ।
আল্লাহে আমাক সকলোকে তবলীগৰ অৰ্থ বুজি দ্বীন প্ৰচাৰাৰ্থে কোৰআন আৰু হাদীছৰ বিশুদ্ধ জ্ঞান অৰ্জন কৰিবলৈ তৌফিক দান কৰক । আমীন …….
✍✍.. মোক্তাবুল হুছেইন