প্রশ্নঃ কুৰবানীৰ গোস্ত বণ্টনৰ সঠিক পদ্ধতি জনাই বাধিত কৰে যেন।

প্রশ্নঃ কুৰবানীৰ গোস্ত বণ্টনৰ সঠিক পদ্ধতি  জনাই বাধিত কৰে যেন।
👉🏽উত্তৰঃ উক্ত বিষয়ত আল্লাহ তা‘আলাই কৈছে, ‘তোমালোকে খোৱা আৰু অভাৱগ্রস্ত দৰিদ্র লোকসকলক খুউওৱা’ (হজ্জ ২৮)।
তেওঁ আকৌ কৈছে, ‘তোমালোকে নিজে খোৱা, যিবিলাকে নিবিচাৰে তেওঁলোকক খুউওৱা আৰু যিসকলে নিজৰ প্রয়োজন পেচ কৰে তেওঁলোকক খুউওৱা’(হজ্জ ৩৬)। 
ইয়াত ক’তো ৩ ভাগ কৰাৰ কথা লিখা নাই। সমাজত চালু আছে যে এক ভাগ নিজৰ¸ এক ভাগ আত্মীয়স্বজনৰ¸ এক ভাগ ফকিৰ মিছকিনৰ। এইটো ভুল।
১. তোমালোকে নিজে খোৱা,
২. যিসকলে নিবিচাৰে (কিছুমান লোক আছে যিসকলে কুৰবানী কৰা নাই আৰু মধ্যবিত্তসকলে লাজত নোখোজে) তেওঁলোকক খুউওৱা,
৩. ফকিৰ মিছকিনসকলক দিয়া। কিন্তু ইমাম আহমাদ, শাফেঈ (ৰহঃ)সহ বহু বিদ্বানে কুৰবানীৰ গোস্ত তিনিভাগ কৰাক মুস্তাহাব বুলি কৈছে (চুবুলুচ ছালাম শৰহ বুলূগুল মাৰাম ৪/১৮৮ পৃঃ)।
গতিকে কুৰবানীৰ গোস্ত তিনি ভাগ কৰিব পাৰি। এভাগ নিজৰ¸ এভাগ প্রতিবেশীৰ যিসকলে কুৰবানী কৰা নাই আৰু এভাগ ফকিৰ-মিছকিনসকলৰ নাইবা আত্মীয়স্বজনক আপুনি নিমন্ত্ৰণ কৰি নিজৰ অংশৰ পৰা খুৱাব পাৰে। প্রয়োজনত বণ্টনত কম-বেছি কৰাত কোনো দোষ নাই (চুবুলুচ ছালাম শৰহ বুলূগুল মাৰাম ৪/১৮৮; আল-মুগনী ১১/১০৮; মিৰ‘আত ২/৩৬৯; ঐ, ৫/১২০ পৃঃ)। কিন্তু নিজে কমকৈ ৰাখি অন্যক বেছিকৈ দিলে মনৰ পৰা কৃপণতা দূৰ হব।
উল্লেখ্য যে, কুৰবানীৰ গোস্ত যিমানদিন ইচ্ছা সাঁচি থৈ খাব পাৰি। (তিৰমিযী হা/১৫১০, মুত্তাফাক্ক ‘আলাইহ, মিশকাত হা/২৭৪৪)।
গতিকে মহল্লাৰ নিজ নিজ কুৰবানীৰ গোস্তৰ এক-তৃতীয়াংশ এঠাইত জমা কৰি মহল্লাত যিসকলে কুৰবানী কৰিব পৰা নাই তেওঁলোকৰ তালিকা কৰি সুশৃংখলভাৱে তেওঁলোকৰ মাজত বিতৰণ কৰা বা প্রয়োজনত তেওঁলোকৰ ঘৰত পৌঁছাই দিয়া উত্তম। বাকী এক-তৃতীয়াংশ ফকিৰ-মিছকিনসকলৰ মাজত বিতৰণ কৰিব। (দ্রঃ মাছায়েলে কুৰবানী ও আক্কীক্কা’ পুস্তক, পৃঃ২৩)। ইয়াৰ ফলত কুৰবানীদাতা ৰিয়া ও শ্রুতিৰ পৰা নিৰাপদ থাকিব আৰু তেওঁৰ অন্তৰ পৰিশুদ্ধ হব। এইটোৱেই হ’ল কুৰবানীৰ মূল প্রেৰণা। আজিকালি বহুতে গোস্ত জমা কৰি তাৰ পৰা প্রতিবেশী আৰু ফকিৰ-মিছকিনক কিছু দি বাকী গোস্ত পুনৰায় নিজৰ মাজত বণ্টন কৰি লয়। এইটো এটা কু-প্রথা। ইয়াৰ জৰিয়তে কৃপণতা প্রকাশ পায়। যিটো নিশ্চয় পৰিত্যাজ্য।

Leave a comment