প্রশ্নঃ ঈদৰ দিনা এজন মুছলিমে আন এজন মুছলিমক কেনেকৈ অভ্যর্থনা জনোৱা উচিত?

প্রশ্নঃ ঈদৰ দিনা এজন মুছলিমে আন এজন মুছলিমক কেনেকৈ অভ্যর্থনা জনোৱা উচিত?
উত্তৰঃ “ঈদ মোবাৰক” নকৈ, ঈদৰ দিনা এজন মুছলিমে আন এজন
মুছলিমক কব- “তাকাব্বা লাল্লাহু মিন্না ওৱা মিনকুম”
(অর্থঃ আল্লাহে আমাৰ আৰু আপোনাৰ পৰা নেক আমল কবূল কৰক)
{চাওঁকঃ- ফাতহুল বাৰী, অধ্যায়-২, পৃঃ ৪৪৬}
হাদীছঃ- ঈদৰ দিনা এজনে আনজনক অভ্যর্থনা জনোৱাৰ কাৰণে ছুন্নাতি মাধ্যম হাদীছত উল্লেখ কৰা হৈছে ।
কোৱা হৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে চাহাবাসকলক ঈদৰ দিনা এজনে আনজনক অভ্যর্থনা জনোৱাৰ কাৰণে কৈছিল “তাকাব্বা লাল্লাহু মিন্না ওৱা মিনকুম”
(অর্থঃ আল্লাহে আমাৰ আৰু আপোনাৰ পৰা নেক আমল কবূল কৰক)
{চাওঁকঃ- ফাতহুল বাৰি, অধ্যায়-২, পৃঃ ৪৪৬}
এইটোৱেই হ’ল ঈদৰ দিনা এজনে আনজনক অভ্যর্থনা জনোৱাৰ শ্রেষ্ঠ মাধ্যম ।
“ঈদ মোবাৰক” শব্দটি বিশেষকৈ ভাৰত উপ-মহাদেশৰ দেশসমূহত ব্যৱহৃত হয়। মোবাৰক শব্দটিৰ অর্থ দয়া।
গতিকে “ঈদ মোবাৰক” শব্দৰ অর্থ হ’লঃ-
দিনটো দয়া পূর্ণ হওঁক আৰু এইটোকে কিছুমানে সম্ভাষণ হিচাবে ব্যৱহাৰ কৰে।
কিন্তু “ঈদ মোবাৰক” শব্দটি সম্ভাষণ হিচাবে ব্যৱহাৰ কৰা ছুন্নাত সন্মত নহয়। কিন্তু এইটো কোৱা হাৰাম নাইবা মাকৰূহ নহয় বৰং এইটো “মুবাহ” ।
অর্থাৎ এইটো ঐচ্ছিক শ্রেণীৰ অন্তর্ভুক্ত ।
সেয়ে অভ্যর্থনা হিচাবে ঈদৰ দিনা যিটো ব্যৱহাৰ কৰা উচিত সেইটো হ’লঃ-
“তাকাব্বা লাল্লাহু মিন্না ওৱা মিনকুম”
আৰু এইটোৱেই হ’ল ছুন্নাত।

Leave a comment