অভিভাৱক অবিহনে বিয়া বাতিল ।

🔵#অভিভাৱক_অবিহনে_বিয়া_বাতিল:-

     ★আম্মা আয়িশ্বাহ্ (ৰা:) সূত্রে বর্ণিত। তেওঁ কৈছে ৰছুলুল্লাহ (ﷺ) কৈছে, কোনো নাৰীয়ে তাইৰ অভিভাবকৰ অনুমতি অবিহনে বিয়া হলে  তাইৰ সেই বিয়া বাতিল।
    (আবু দাউদ-২০৮৩)

🔴#যদি_পিতৃয়ে_তেওঁৰ_কুমাৰী_কন্যাক_তাইৰ_অমতে_বিয়া_দিয়ে:-

     ★ইবনু ‘আব্বাছ (ৰা:) সূত্রে বর্ণিত। এদিনাখন ৰছুলুল্লাহ(ﷺ)-ৰ ওচৰত এজনী যুবতী আহি কলে, তাইৰ অসম্মতিতে তাইৰ পিতৃয়ে তাইক বিয়া দিছে। ৰছুলুল্লাহ (ﷺ)এ তাইক এখতিয়াৰ(ইচ্ছা)প্রদান কৰিলে (তাই বিয়া ৰাখিবও পাৰে অথবা বিচ্ছেদ ঘটাবও পাৰে) ।
     (আবু দাউদ-২০৯৬)

⚫#কুমাৰী_আৰু_বিধবা_তালাকপ্ৰাপ্ত_নাৰীৰ_বিয়া:-

     ★ৰছুলুল্লাহ (ﷺ) কৈছে, কোনো বিধবা মহিলাক তাইৰ অনুমতি অবিহনে আৰু কুমাৰীক তাইৰ অনুমতি অবিহনে বিয়া দিয়া নহব। ছাহাবী সকলে সুধিলে, হে আল্লাহৰ ৰছুল! তাইৰ অনুমতি কি? তেওঁ কলে: চুপ থাকা ।
    ★ৰছুলুল্লাহ (ﷺ) কৈছে, বিধবা নাৰীৰ উপৰত তাইৰ অভিভাবকৰ কোনো কর্তৃত্ব নাই, আৰু ইয়াতীম কুমাৰী ছোৱালীৰ পৰা অনুমতি লব লাগিব আৰু তাইৰ চুপ থকাটোৱে তাইৰ সম্মতি।
     (আবু দাউদ-২০৯২,২১০০)

Leave a comment