ইজমা ও কিয়াছ মানে কি?
ইজমা ও কিয়াছক লৈ আমাৰ সমাজত ব্যাপক ভুল ধাৰণা বিদ্যমান। আমি নাজানোয়ে ইজমা কি আৰু কিয়াছ কি!
মানুহে ইজমা কিয়াছ সম্পর্কে মাৰত্মক ভুল জ্ঞান ৰখাৰ কাৰণে প্রতিনিয়ত নতুন নতুন বিষয় ধর্মৰ মাজত ইজমা কিয়াছৰ নাম দি সুমুৱাই দিছে। বিশেষ কৰি বিদাতি, খুব কব জ্ঞানী চুফিবাদী আলিম নামধাৰী লোকসকলে প্রতিনিয়ত সাধাৰণ মানুহৰ ওচৰত নতুন নতুন বিষয় উপস্থাপন কৰি কয় এইটো ইজমা হৈ গৈছে সেইটো কিয়াছ হৈ গৈছে।
সাধাৰণ মানুহেও নুবুজি সেইবোৰ গ্রহণ কৰিছে আৰু ছহীহ বিষয় উপস্থাপন হলে তেওঁলোকে সেইটো মানিবলৈ অস্বীকাৰ কৰি ইজমা কিয়াছৰ যুক্তি দাঙি ধৰে অথচ তেওঁলোকে নাজানে ইজমা কি বা কিয়াছ কি!

‘আজি তোমালোকৰ কাৰণে তোমালোকৰ দ্বীনক পৰিপূর্ণ কৰিলো। মোৰ নিয়ামতক তোমালোকৰ ওপৰত পূর্ণতা কৰি দিলো আৰু তোমালোকৰ কাৰণে ইছলামক দ্বীন হিচাবে মনোনীত কৰিলোঁ।’ (মায়েদা, ৫ : ৩)
যদি তোমালোকে কোনো বিষয়ত বিবাদত প্রবৃত্ত হৈ পৰা, তেতিয়াহলে তাক আল্লাহ ও আল্লাহৰ ৰাছুলৰ প্রতি প্রত্যার্পণ কৰা (নিছা, আয়াত ৫৯);
সেইজন লোক ইমানদাৰ নহব¸ যেতিয়ালৈকে তেওঁলোকৰ মাজত সৃষ্ট বিবাদৰ বিষয়ত তোমাক [ৰাছুল ছঃ] ন্যায়বিচাৰক বুলি স্বীকাৰ নকৰে। (নিছা, আয়াত ৬৫)
আল্লাহৰ নির্দেশ মান্য কৰা, মান্য কৰা ৰছুুলৰ নিৰ্দেশ (ইমৰান, আয়াত ৩২, ১৩২; নিছা, আয়াত ৫৯; আনফাল, আয়াত ১, ২০, ৪৬; নুৰ, আয়াত ৫৪, ৫৬; মুহাম্মদ, আয়াত ৩৩; মুজাদালাহ, আয়াত ১৩; আততাগাবুন, আয়াত ১২);
তোমালোকৰ প্রতিপালকৰ ফালৰ পৰা যি অৱতীর্ণ হৈছে তোমালোকে তাৰ অনুসৰণ কৰা আৰু আল্লাহক বাদ দি অলী আওলিয়াসকলৰ অনুসৰণ নকৰিবা । তোমালোকৰ কম সংখ্যকেই তাক মনত ৰাখে।
(আ’ৰাফ, আয়াত ৩)
(আ’ৰাফ, আয়াত ৩)
বহুতেই কৈ থাকে কুৰআন হাদীছত সমাধান নাপালে কি কৰিব? অথচ স্বয়ং আল্লাহে কৈছে মতানৈক্য হলে ৰাছুল (ছাঃ) ও কুৰআনৰ ফালে ঘূৰি আহিবলৈ! অর্থাৎ কুৰআন ও হাদীছৰ মাজতেই সমাধান নিশ্চয় আছে। তাৰপিছতো যদি কয় কুৰআন ও হাদীছত তো নাই! তেনেহলে তো আৰু সহজ যিটো কুৰআন ও হাদীছত নাই সেইটো ইছলামতো নাই!
‘‘নিশ্চয়ই সর্বোত্তম বাণী আল্লাহৰ কিতাব আৰু সর্বোত্তম আদর্শ মুহাম্মদ (ছঃ) ৰ আদর্শ। আৰু সকলোতকৈ নিকৃষ্ট বিষয় হল (দ্বীনৰ মাজত) নৱ আৱিস্কৃত বিষয়। আৰু নৱ আৱিস্কৃত প্রত্যেক বিষয় বিদ‘আত আৰু প্রত্যেক বিদ‘আত হল ভ্রষ্টতা আৰু প্রত্যেক ভ্রষ্টতাৰ পৰিণাম জাহান্নাম।’
ছহীহ মুছলিম, হাদীছ নং ১৫৩৫ ও চুনান আন-নাচাঈ, হাদীছ নং ১৫৬০, হাদীছৰ শব্দ চয়ন নাচাঈৰ পৰা।
দ্বীন ইছলাম পৰপূর্ণ। এতিয়া ইজমা কিয়াছৰ নামত দ্বীন ইছলামত নতুন নতুন সংযোজন কি আদৌ সম্ভৱ?
———————————————————————–
ইছলামী শ্বৰীয়তৰ (আইনৰ) তৃতীয় উৎস হল ইজমাঃ
ইজমা হল এই উম্মতৰ দীনি জ্ঞানসম্পন্ন মুজতাহিদসকলৰ ঐক্যমত পোষণ
আৰু ইয়াৰ ভিত্তি হল ৰাছুলুল্লাহ ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামৰ ছহীহ হাদীছ-
‘‘মোৰ উম্মত কেতিয়াও ভ্রষ্ট পথত একমত নহব’’ ।
মুস্তাদৰাকে হাকিম (১/২০০-২০১) হাদীছ নং- ৩৯৪, ৩৯৬, ৩৯৭, ৩৯৯, ৪০০। আৰু চাওঁক: আবুদাউদ (৪/৯৮) হাদীছ নং- ৪২৫৩; তিৰমিজি (৪/৪৬৬) হাদীছ নং- ২১৬৭; ইবনে মাজা (২/১৩০৩) হাদীছ নং- ৩৯৫০।

গতিকে উম্মতৰ সকলোৱে যদি কোনো বিষয়ত একমত হয়, তেনেহলে সিটোও আল্লাহ ও আল্লাহৰ ৰাছুলৰ অনুমতিক্রমেই হব আৰু সেইটো হব গ্রহণযোগ্য। পূর্ববর্তী কোনো দ্বীনৰ ক্ষেত্রত সিহঁতৰ নবীৰ মুখৰ পৰা এনেধৰণৰ কোনো অভয়বাণী শুনোৱা হোৱা নাই। ফলত সিহঁতৰ সকলোৱে একমত হলেই সেই মতটো সঠিক হোৱাৰ নিশ্চয়তা নাই।
অথচ আমাৰ ইয়াত কম জ্ঞানী লোকসকলেও ইজমাৰ বয়ান কৰি চলাইছে সমাজ!
আজিৰ সমাজৰ ফালে লক্ষ্য কৰিলে সহজে বুজা যায় যে আহলে চুুন্নাত ওৱাল জামায়াতৰ আলেম সকলে অন্যান্য প্রচলিত বিভিন্ন ফিৰকাৰ নিজস্ব মতামত গ্রহণ কৰা নাই। তেওঁলোকে কুৰআন ও ছহীহ হাদীছৰ বাহিৰে কোনো মতামত গ্রহণ নকৰে। ব্যক্তিগত কোনো মতামত তেওঁলোকে গ্রহণ নকৰে।
গতিকে ইজমা ইজমা কৰি যিসকলে নতুন বিষয় দ্বীনত প্রৱেশ কৰাইছে তেওঁলোকে মূলত ইজমাক লৈ মানুহক বুৰ্বক বনাইছে।
আজিৰ সমাজত কিছু সংখ্যক বিদাতি আলিমে নতুনকৈ ইজমা ইজমা কৰি আছে, অথচ ছালাফি মানহাজৰ আলেম সকলৰ ৰীতিমতে তেওঁলোকৰ বিৰোধিতা কৰিছে! তেনেহলে ইজমা কি ধৰণে হল?
“যিয়ে মোৰ এই ধর্মত এনেকুৱা কোনো নতুন বিষয় উদ্ভাবন কৰিব যিটো ধর্মৰ অন্তর্ভুক্ত নাছিল সি প্রত্যাখ্যাত হব”। (বুখাৰী ও মুছলিম)
বহুতো আলেমসকলৰ মতে চাৰি খলিফাৰ পিছত উম্মতৰ মাজত ইজমা হোৱাৰ আৰু কোনো সুযোগেই নাই!
ইজমাৰ উদাহৰণ হৈছে যেনেকৈ প্রত্যেক ব্যক্তিৰ কাৰণে পাচ ওৱাক্তত ১৭ ৰাকাত চালাত ফৰজ। এই ফৰজ কম কৰা নাযাব বা বেছিও কৰা নাযাব। এইটোৱেই হৈছে ইজমা। কোনোবাই যদি কয় ১৭ ৰাকাত নহয়, ১৮ ৰাকাত বা ১৯ ৰাকাত তেতিয়াহলে সেইটো গ্রহণযোগ্য নহব!
এইটোৱেই ইজমা যে ১৭ ৰাকাত ফৰজ চালাত। এইটো ১৪৫০ বছৰ আগৰ পৰাই প্রকাশিত এটা বিষয়। নতুন বিষয় নহয়।
কোনোবাই যদি কয় বিতিৰ চালাত ফৰজ এইটো ইজমা তেনেহলে এইটো ভুল! ফৰজ নিশ্চয় নহয়। বিতিৰ চালাত চুন্নাতে মুৱাক্কাদা অর্থাৎ খুব গুৰুত্বপূর্ণ ঠিক যেনেকৈ ফজৰৰ চুুন্নাত চালাত খুব গুৰুত্বপূর্ণ, যদিও কোনো কোনোৱে ওয়াজিব বুলি কৈছে! কিন্তু অধিকাংশ আলেমৰ মতে এইটো চুুন্নাতে মুৱাক্কাদাহ।
লক্ষণীয় বিষয় হল কোনোবাই যদি কয় বিতিৰ ফৰজ বা ওৱাজিব এইটো ইজমা তেনেহলে ভুল! ওপৰৰ হাদীছ লক্ষ্য কৰক ”একমত নহব” অর্থাৎ অধিকাংশ আলেমে চুন্নাতে মুৱাক্কাদাহ বুলি কৈছে যদিও কিছুমানে ওয়াজিব বুলি কৈছে।
কিন্তু সকলোৱে একমত দৈনিক পাচ ওৱাক্ত চালাত ফৰজ। চাৰি ওৱাক্ত নহয় বা ছয় ওৱাক্তও নহয়। এইটোৱেই ইজমা।
জাকাত ফৰজ এইটো ইজমা।
চিয়াম (ৰোজা) ফৰজ এইটো ইজমা।
———————————————————————-
ইছলামী শ্বৰীয়তৰ (আইনৰ) চতুর্থ উৎস হল কিয়াছ:
যিটো নির্ভৰ কৰে পূর্ববর্তী তিনিটা উৎসৰ ওপৰত। গতিকে এইটো মনেসজা একো নহয়।
কিয়াছ হৈছে কুৰআন ও হাদীছক কিয়ামত পর্যন্ত সংযোগ স্থাপন কৰা। এইটো নতুন কোনো বনোৱা বিষয় নহয়।
ইয়াৰ সৰু এটা উদাহৰণ হল এখন কাগজত কুৰআন লিখা কি নিষেধ? ইয়াত কিয়াছ হৈছে- নিশ্চয় নহয়। কাৰণ তৎকালীন সময়ত চামড়াত¸ গছৰ পাতত¸ বাকলিত লিখা হৈছিল , যদি কাগজ থাকিলহেতেন তেনেহলে কাগজতো লিখিলেহেতেন। এই যে ১৪৫০ বছৰ আগত নাজিল হোৱা কুৰআনৰ বিধান বর্তমান সময়ত সমন্বয় কৰা এইটোৱেই কিয়াছ।
বিল্লাল (ৰাঃ) ক উচ্চস্বৰে আজান দিবলৈ কোৱা হৈছিল যাতে বেছি দূৰ পর্যন্ত মানুহে আজান শুনিবলৈ পায়। এজন অন্ধ লোকক আজান শুনিবলৈ পালে মছজিদত হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছিল । আজান যিমান বেছি দূৰ পর্যন্ত পৌছিব সিমানে চওৱাব অর্জনৰ কথা হাদীছত আহিছে। ইছলামে জীৱনৰ প্রয়োজনত নতুন টেকনোলজি ব্যৱহাৰ কৰাত নিষেধ কৰা নাই। গতিকে বুজা গৈছে যদি সেইসময়ত যদি মাইক থাকিলেহেতেন তেনেহলে মাইক ব্যৱহাৰ কৰা হলহেতেন। মাইক ব্যৱহাৰে দ্বীন ইছলামৰ বিধান পৰিবর্তন কৰা নাই।
“যিয়ে কোনো ভাল পদ্ধতি প্রচলন কৰিলে তেওঁ তাৰ চওৱ়াব পাব আৰু সেই পদ্ধতি অনুযায়ী যিয়ে কাম কৰিব তেওঁলোকৰ চওৱ়াবো তেওঁ পাব, তাতে তেওঁলোকৰ চওৱ়াবৰ কোনো কম কৰা নহব। আৰু যি ব্যক্তিয়ে ইছলামত কোনো বেয়া পদ্ধতি প্রৱর্তন কৰিব তেওঁ তাৰ পাপ বহন কৰিব, আৰু যিসকলে সেই পদ্ধতি অনুসৰণ কৰিব তেওঁলোকৰ পাপও তেওঁ বহন কৰিব, তাতে তেওঁলোকৰ পাপৰ কোনো কম কৰা নহব”। (মুছলিম)

এই যে সংযোজন অর্থাৎ কানেক্টিভিটি ১৪৫০ বছৰ আগৰ কুৰআন ও হাদীছৰ বাণীৰ সৈতে এইটোৱেই হৈছে কিয়াছ।
অথচ সমাজত দ্বীনৰ নামত নতুন বিষয় সংযোজন কৰি কোৱা হৈছে এইটো কিয়াছ! অথচ দ্বীনৰ মাজত প্রত্যেক নতুন সংযোজন বিদাত যিটো গোমৰাহী আৰু যাৰ পৰিণাম জাহান্নাম।

টেলিভিচন স্ক্রিনত ইছলামিক লেকচাৰ শুনা জায়েজ নে?
ৰাছুল (ছাঃ) ক দেৱালত দৃশ্য পটত জান্নাত ও জাহান্নাম দেখুৱাইছিল আল্লাহে আৰু আল্লাহে বায়তুল মুকাদ্দাছ ৰাছুল (ছাঃ) ক চকুৰ সন্মুখত দাঙি ধৰিছিল স্ক্রিনৰ দৰে কৰি !
এতিয়া কিয়াছ হৈছে কানেক্টিভিটি। ইয়াৰ পৰিপ্রেক্ষিতত স্ক্রিনত ইছলামিক প্রোগ্রাম জায়েজ। সংবাদ পৰিবেশন জায়েজ। এইটোৱেই কিয়াছ। একেইভাৱে স্ক্রিন নাজায়েজ কামত ব্যৱহাৰ নিষেধ যেনে- নাটক, নাচ, গাণ !
অপেন হার্ট চার্জাৰীৰ কাৰণে ঝুকি নিয়া কি জায়েজ? কুৰআন চুন্নাহত ইয়াৰ উদাহৰণ আছে কিনা? ৰাছুল (ছাঃ) ক প্রায় তিনিবাৰ বুকু ফালি হার্ট পৰিস্কাৰ কৰা হৈছে।
এতিয়া কিয়াছ হৈছে কানেক্টিভিটি। ১৪৫০ বছৰ আগৰ কুৰআন ও চুুন্নাহ অনুসাৰে বর্তমান সময়ৰ সমস্যাৰ সমন্বয় ভিত্তিক সমাধান। কিয়াছ হৈছে অপেন হার্ট চার্জাৰী কৰা যাব! ৰাছুল (ছাঃ) ৰ জীৱনত আমাৰ কাৰণে আছে আদর্শ।
এইটোৱেই হৈছে কিয়াছ।
অর্থাৎ কিয়াছ কুৰআন ও হাদিছৰ বাহিৰত নহয়।
গতিকে কিয়াছৰ নামত কুৰআন ও চুন্নাহৰ বিপৰীত কোনো বিষয় গ্রহণ কৰা কেনেকৈ সমীচীন হব?
“যিয়ে আমাৰ এই ধর্মত এনেকুৱা কোনো নতুন বিষয় উদ্ভাবন কৰিব যিটো ধর্মত অন্তর্ভুক্ত নাছিল সেইটো প্রত্যাখ্যাত হব”। (বুখাৰী ও মুছলিম)
একেদৰে বাছত যোৱা¸ বিমানত যোৱা, মেচিনত কাপোৰ চিলাই জায়েজ হয় নে, মাদ্রাছা প্রতিষ্ঠা জায়েজ নে এইবিলাক সম্পর্কে মাছাআলা কিয়াছৰ ভিত্তিত হয়।
কিন্তু দ্বীন ইছলামৰ কোনো বিষয়েই হেৰ ফেৰ কৰাৰ সুযোগ নাই।
গতিকে আমি বুজিব পাৰিছো যে, ইছলাম এনেকুৱা এটা দ্বীনৰ নাম, যিটো সম্পূর্ণভাৱে আগৰে পৰাঅ আছে। আৰু তাৰ বিধানসমূহত বাহিৰৰ কোনো প্রভাৱ তাত পৰা নাই। যিহেতু আল্লাহ তা‘আলাই এই বিধান দিছে, আৰু জ্ঞান-বিজ্ঞানও আল্লাহৰ পক্ষৰ পৰাই দিয়া নিয়ামত বিশেষ, সেইহেতু এই দুটা কেতিয়াও পৰস্পৰ বিৰোধী হব নোৱাৰে। বাস্তৱতো সেইটো ঘটা নাই।

আল্লাহৰ কুৰআনৰ কোনো আয়াত, ৰাছুল ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লাম ৰ কোনো ছহীহ হাদীছ বিজ্ঞানত-পৰীক্ষিত কোনো ধ্রুৱসত্যৰ বিৰোধী হৈছে বুলি— এনেকুৱা কোনো প্রমাণ আজিও কোনেও দিব পৰা নাই। যদিও কোনো কোনো ক্ষেত্রত বিজ্ঞানৰ কোনো কোনো থিওৰি প্রাথমিকভাৱে আল-কুৰআন ও ছহীহ হাদীছৰ সৈতে বিৰোধী হৈছে এনেকুৱা ভাৱ হৈ থাকে, তথাপি তাত আল্লাহৰ কুৰআন ও ছহীহ হাদীছেই মূলত গ্রহণযোগ্য হব, কাৰণ এই সমস্ত প্রাথমিক থিওৰি (যিবোৰ পৰীক্ষিত সেইবোৰ সত্য বুলি প্রমাণিত হোৱা নাই ) পৰিৱর্তনশীল। আল্লাহৰ কুৰআনৰ কোনো আয়াত, আৰু ৰছুূল ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামৰ কোনো ছহীহ হাদীছ পৰিবর্তনশীল নহয়। অবশ্যে কোনো কোনো ক্ষেত্রত খৰধৰকৈ বহতেই সঠিক অর্থ ও ব্যাখ্যা অনুধাবন কৰিব নোৱাৰে। সেই ক্ষেত্রত দৰকাৰ প্রকৃত জ্ঞানীৰ ওচৰলৈ উভতি যোৱা।
আৰু ইছলামে জ্ঞান-বিজ্ঞানক উৎসাহিত কৰিছে, জ্ঞান অর্জনক ফৰজ কৰিছে। অন্যান্য ধর্মৰ দৰে নিৰুৎসাহিত কৰা নাই। ইছলামত বিজ্ঞানীসকলৰ যি কদৰ আছে, অন্যান্য ধর্মৰ সৈতে ইয়াৰ কোনো তুলনাই হব নোৱাৰে। গতিকে দ্বীন (ইছলাম) আৰু জ্ঞান-বিজ্ঞান পৰস্পৰ বিৰোধী বোলা সম্পূর্ণ অযৌক্তিক। সেয়েহে ইছলামী বিধান বাস্তবায়নত এই সন্দেহৰ অৱতাৰণা কৰা বাতুলতা মাত্র।
ৰাছুল (ছাঃ) এ নির্দেশ দিছে কুৰআন ও চুুন্নাহক দৃঢ়ভাৱে ধৰিবলৈ। ইজমা ও কিয়াছ কুৰআন ও চুন্নাহৰেই অংশ। বাহিৰৰ একো নহয়। দ্বীন ইছলাম পৰিপূর্ণ। নতুন সংযোজন বা বিয়োজনৰ কোনো সুযোগ নাই। তেনেহলে কিনেকৈ ইজমাৰ নামত কিয়াছৰ নামত নতুন বিষয় ইছলামত প্রৱেশ কৰোৱা সম্ভব?
উল্লেখ্য যে ইজমা কিয়াছক লৈ যি এটা হাদীছ প্রচলিত আছে সেইটো জাল!
আশা কৰো দ্বীনি ভাইসকলৰ এই আর্টিক্যালটি উপকাৰত লাগিব। আমি সচেতন হৈ থাকিব লাগিব কোনেও যেন ইজমা কিয়াছৰ নাম কৈ আমাক ধোকা দিব নোৱাৰে।

অনুবাদক- জুবেৰ ৰহমান।