প্রশ্ন : জীৱনসঙ্গী নির্বাচনৰ ক্ষেত্রত নাৰী আৰু পুৰুষৰ কি কি গুণাৱলী থকা আৱশ্যক?
———————————-
উত্তৰ : বিবাহৰ ক্ষেত্রত সর্বাগ্রে পাত্র আৰু পাত্রী উভয়ৰ ধার্মিকতাক অগ্রাধিকাৰ দিব লাগিব। আল্লাহে কৈছে¸
٢٢١:٢
وَلَا تَنْكِحُوا الْمُشْرِكَاتِ حَتَّىٰ يُؤْمِنَّ ۚ وَلَأَمَةٌ مُؤْمِنَةٌ خَيْرٌ مِنْ مُشْرِكَةٍ وَلَوْ أَعْجَبَتْكُمْ ۗ وَلَا تُنْكِحُوا الْمُشْرِكِينَ حَتَّىٰ يُؤْمِنُوا ۚ وَلَعَبْدٌ مُؤْمِنٌ خَيْرٌ مِنْ مُشْرِكٍ وَلَوْ أَعْجَبَكُمْ ۗ أُولَٰئِكَ يَدْعُونَ إِلَى النَّارِ ۖ وَاللَّهُ يَدْعُو إِلَى الْجَنَّةِ وَالْمَغْفِرَةِ بِإِذْنِهِ ۖ وَيُبَيِّنُ آيَاتِهِ لِلنَّاسِ لَعَلَّهُمْ يَتَذَكَّرُونَ
২:২২১
আৰু মুশ্বৰিকা নাৰীক ঈমান পোষণ নকৰালৈকে তোমালোকে বিবাহ নকৰিবা। যদিও মুশ্বৰিকা নাৰীয়ে তোমালোকক মুগ্ধ নকৰক কিয়, মুমিনা কৃতদাসী মুশ্বৰিকা নাৰীতকৈ উত্তম। আৰু মুশ্বৰিক পুৰুষে ঈমান পোষণ নকৰালৈকে (মুছলিম ছোৱালীক) বিবাহ নিদিবা, মুশ্বৰিক পুৰুষে তোমালোকক মুগ্ধ কৰিলেও মুমিন কৃতদাস মুশ্বৰিক ব্যক্তিতকৈ উত্তম। সিহঁতে জাহান্নামৰ পিনে আহ্বান কৰে আৰু আল্লাহে তোমালোকক নিজ ইচ্ছাত জান্নাত আৰু ক্ষমাৰ পিনে আহ্বান কৰে; আৰু তেওঁ মানুহৰ বাবে তেওঁৰ আয়াতসমূহ সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, সাধাৰণতে নাৰীসকলৰ চাৰিটা গুণ চাই বিবাহ কৰোৱা হয়-
১। ধন-সম্পদ
২। বংশ-মর্যদা
৩। সৌন্দর্য আৰু
৪। ধার্মিকতা।
তোমালোকে ধার্মিক নাৰীক অগ্রাধিকাৰ দিয়া। অন্যথায় তোমালোকৰ উভয় হাত নিশ্চয় ধূলাত ধূসৰিত হ’ব। (বুখাৰী- মুছলিম, মিশকাত হা/৩০৮২, ৩০৯০, ‘বিবাহ’ অধ্যায়)।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, তোমালোকে বিবাহৰ কাৰণে উপযুক্ত পাত্রী নির্বাচন কৰা আৰু সমতাৰ ফালে লক্ষ কৰি বিবাহ কৰোৱা। (ইবনু মাজাহ হা/১৯৬৮; চিলচিলা ছহীহাহ হা/১০৬৭)।
পাত্রৰ ক্ষেত্রত তেওঁৰ দ্বীনদাৰী আৰু উত্তম আচৰণৰ প্ৰতি লক্ষ্য কৰিব লাগিব। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,
مَنْ تَرْضَوْنَ دِيْنَهُ وَخُلُقَهُ فَزَوِّجُوْهُ
‘যাৰ দ্বীনদাৰী আৰু উত্তম আচৰণত তোমালোক সন্তুষ্ট, তাৰ সৈতে বিবাহ দিয়া’ (তিৰমিযী, মিশকাত- ৩০৯০)।

অনুবাদকঃ জুবেইৰ ৰহমান।