দো‘আ কবুলৰ চর্তাবলী :
(১) আৰম্ভণিতে আৰু শেষত হামদ আৰু দৰূদ পাঠ কৰা
(২) দো‘আ আল্লাহৰ প্রতি খালিছ আনুগত্য সহকাৰে কৰা
(৩) দো‘আত কোনো পাপৰ কথা নাইবা আত্মীয়তা ছিন্ন কৰাৰ কথা নথকা
(৪) খাদ্য-পানীয় ও পোচাক হালাল আৰু পবিত্র হোৱা
(৫) দো‘আ কবুলৰ কাৰণে ব্যস্ত নোহোৱা
(৬) নিৰাশ নোহোৱা ও দো‘আ পৰিত্যাগ নকৰা
(৭) উদাসীনভাবে দো‘আ নকৰা আৰু দো‘আ কবুলৰ
ক্ষেত্ৰত সদায় দৃঢ় আশাবাদী থকা । তথাপি আল্লাহে ইচ্ছা কৰিলে যিকোনো সময়ত যিকোনো বান্দাৰ আনকি কাফিৰ-মুশ্বৰিকৰ দো‘আও কবুল কৰি থাকে, যদি তেওঁ অনুতপ্ত হৃদয়েৰে ক্ষমা বিচাৰে।

নিয়ম : খোলা দুই হাতৰ তালু একত্রিত কৰি চেহাৰা বৰাবৰ সন্মুখত ৰাখি দো‘আ কৰিব।[6] দো‘আৰ আৰম্ভণিতে আল্লাহৰ প্রশংসা আৰু ৰাছুলুল্লাহ (ছাঃ)-ৰ ওপৰত দৰূদ পাঠ কৰিব। তাৰ পিছত বিভিন্ন দো‘আ পঢ়িব ।[7] যেনে- আল-হামদু লিল্লা-হি ৰবিবল ‘আ-লামীন, ওৱাচ্ছালাতু ওৱাচ্ছালা-মু ‘আলা ৰাচুলিহিল কাৰীম’ কোৱাৰ পিছত বিভিন্ন দো‘আৰ শেষত ‘চুবহা-না ৰব্বিকা ৰব্বিল ‘ইজ্জাতি ‘আম্মা ইয়াছিফূন, ওৱা ছালা-মুন ‘আলাল মুৰছালীন, ওৱাল হামদু লিল্লা-হি ৰব্বিল ‘আ-লামীন’ পাঠ কৰি দো‘আ শেষ কৰিব।
দো‘আৰ আদব : (১) কাকূতি-মিনতি সহকাৰে আৰু গোপনে দোৱা কৰা।[8] (২) একান্তমনে ভয় আৰু আকাঙ্খা সহকাৰে, নিম্ন বা মধ্যম স্বৰত দোৱা কৰা।[9] (৩) সাৰগর্ভ আৰু তাৎপর্যপূর্ণ হোৱা।[10]
দো‘আ কবুলৰ স্থান আৰু সময় : আল্লাহে কয়, ‘তোমালোকে মোক মাতা, মই তোমালোকৰ মাতক সঁহাৰি দিম’।[11] ইয়াতে বুজা যায় যে, যিকোনো স্থানত যিকোনো সময়ত যিকোনো ভাষাত আল্লাহক মাতিলে তেওঁ সঁহাৰি দিব। কিন্তু ছালাতৰ মাজত আৰবী ব্যতীত অন্য ভাষাত দো‘আ কৰিব নোৱাৰি। দো‘আৰ কাৰণে হাদীছত বিশেষ কিছুমান স্থান আৰু সময়ৰ বিষয়ে তাকীদ কৰিছে, সেইবিলাক সংক্ষেপে বর্ণনা কৰা হ’ল :
(১) কুৰআনী দো‘আৰ বাহিৰে হাদীছত বর্ণিত দো‘আ সমূহৰ মাধ্যমত সিজদাত দো‘আ কৰা
(২) শেষ বৈঠকত তাশ্বাহুদ আৰু চালামৰ মধ্যবর্তী সময়ত
(৩) জুম‘আৰ দিনা ইমামে মিম্বৰত বহাৰ পৰা চালাম ফিৰোৱা পর্যন্ত সময়চোৱাত
(৪) ৰাতিৰ নফল ছালাতত
(৫) ছিয়াম অবস্থাত
(৬) ৰমাজানৰ ২১, ২৩, ২৫, ২৭ আৰু ২৯ বিযোৰ ৰাতিবোৰত
(৭) ছাফা ও মাৰওৱা পাহাৰত উঠি বায়তুল্লাহৰ ফালে মুখ কৰি দু’হাত উঠাই
(৮) হজ্জৰ সময়ত আৰাফা ময়দানত দু’হাত উঠাই
(৯) মাশ্ব‘আৰুল হাৰাম অর্থাৎ মুজদালিফা মছজিদত অথবা বাহিৰে নিজৰ অৱস্থান স্থলত ১০ জিলহাজ্জ ফজৰৰ ছালাতৰ পিছৰ পৰা সূর্যোদয়ৰ আগমূহুৰ্তলৈ দো‘আ কৰা,
১০, ১১, ১২ আৰু ১৩ জিলহাজ্জ তাৰিখে মিনাত ১ম আৰু ২য় জামৰাত কংকৰ নিক্ষেপৰ পাছত অলপ দূৰলৈ গৈ দু’হাত উঠাই দো‘আ কৰা
(১১) কা‘বাগৃহৰ ত্বাওৱাফৰ সময়ত ৰুকনে ইয়ামানী আৰু হাজাৰে আছওৱাদৰ মধ্যবর্তী স্থানত।
(১২) ‘কাৰোবাৰ অনুপস্থিতিত খালিছ মনে দো‘আ কৰিলে, সেই দো‘আ কবুল হয়। তাত এজন ফিৰিস্তা নিযুক্ত থাকে। যেতিয়াই সেই ব্যক্তিয়ে তাৰ ভায়েকৰ কাৰণে দো‘আ কৰে, তেতিয়াই উক্ত ফিৰিস্তাই ‘আমীন’ বুলি কয় আৰু কয় তোমাৰ কাৰণেও অনুৰূপ হওঁক’।[12] ইয়াৰ বাহিৰেও অন্যান্য আৰু কিছুমান স্থানত আৰু সময়ত।

তিনিজন ব্যক্তিৰ দো‘আ নিশ্চিতভাবে কবুল হয় :
ৰাচুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, তিনিজন ব্যক্তিৰ দো‘আ নিশ্চিতভাৱে কবুল হয়, ইয়াত কোনো সন্দেহ নাই
(১) মাজলুমৰ দো‘আ
(২) মুছাফিৰৰ দো‘আ
(৩) সন্তানৰ কাৰণে পিতা-মাতাৰ দো‘আ।[13] তেওঁ কৈছে, ‘ তোমালোকে মাজলুমৰ দো‘আৰ পৰা সাৱধান থাকিবা। কিয়নো তাৰ দো‘আ আৰু আল্লাহৰ মাজত কোনো পর্দা নাই’। [14]
[6] আবুদাঊদ হা/১৪৮৬-৮৭, ৮৯; ঐ, মিশকাত হা/২২৫৬ ‘দো‘আ সমূহ’ অধ্যায়-৯। [7] . আবুদাঊদ হা/১৪৮১; তিৰমিজী, নাচাঈ, মিশকাত হা/৯৩০-৩১ ‘ছালাত’ অধ্যায়-৪, ‘ৰাচুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত দৰূদ পাঠ আৰু তাৰ ফজীলত’ অনুচ্ছেদ-১৬; আলবানী, ছিফাত ১৬২ পৃঃ। [8] . আ‘ৰাফ ৭/৫৫। [9] . আ‘ৰাফ ৭/৫৬, ২০৫; যুমাৰ ৩৯/৫৩-৫৪; ইছৰা ১৭/১১০। [10] . আবুদাঊদ হা/১৪৮২; ঐ, মিশকাত হা/২২৪৬, ‘দো‘আ সমূহ’ অধ্যায়-৯। [11] . গাফিৰ/মুমিন ৪০/৬০। [12] . মুছলিম, মিশকাত হা/২২২৮, ‘দো‘আ সমূহ’ অধ্যায়-৯, পৰিচ্ছেদ-১। [13] . আবুদাঊদ, তিৰমিজী, ইবনু মাজাহ, মিশকাত হা/২২৫০, ‘দো‘আ সমূহ’ অধ্যায়-৯, পৰিচ্ছেদ-২; ছহীহাহ হা/৫৯৬। [14] . মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১৭৭২, ‘যাকাত’ অধ্যায়-৬, পৰিচ্ছেদ-১।