তাগুত কি? তাগুত কেই প্রকাৰ?
তাগুত শব্দ আহিছে “ত্বাগা” শব্দৰ পৰা¸ যাৰ অর্থ “সীমা লংঘন কৰা”, আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় আৰু যিয়ে ইয়াতে ৰাজি-খুছী থাকে, তাকে তাগুত বোলা হয়।
প্রত্যেক অনুসৃত অথবা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য বাদ দি যিসকলৰ আনুগত্য কৰা হয় তাকে তাগুত বোলা হয়। মহান আল্লাহে কৈছে-
প্রত্যেক অনুসৃত অথবা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য বাদ দি যিসকলৰ আনুগত্য কৰা হয় তাকে তাগুত বোলা হয়। মহান আল্লাহে কৈছে-
وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ ۖ
আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলোঁ এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। [ছূৰা আন-নাহল: ৩৬]
তাগুত বহু প্রকাৰৰ আছে। তাৰ ভিতৰত প্রধান ৫ প্রকাৰ উল্লেখ কৰা হ’ল-
১. ইবলিচঃ সি আল্লাহক বাদ দি আনৰ ইবাদতৰ ফালে আহব্বান কৰে। আল্লাহে কৈছে-
أَلَمْ أَعْهَدْ إِلَيْكُمْ يَا بَنِي آدَمَ أَنْ لَا تَعْبُدُوا الشَّيْطَانَ ۖ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
”হে বনী আদম, আমি কি তোমালোকক এই মর্মে নির্দেশ দিয়া নাই যে, ‘তোমালোকে চয়তানৰ উপাসনা নকৰিবা। নিঃসন্দেহে সি তোমালোকৰ প্রকাশ্য শত্রু?” [ছূৰা ইয়াছিন: ৬০-৬১]
وَأَنِ اعْبُدُونِي ۚ هَٰذَا صِرَاطٌ مُسْتَقِيمٌ
”আৰু আমাৰেই ইবাদাত কৰা। এইটোৱেই সৰল পথ।’ [ছূৰা ইয়াছীন: ৬১]
গতিকে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰা হয় ইয়াৰ মূলতে আছে ইবলিচ। সি হৈছে সকলো শ্বিৰ্কৰ হোতা।
২. আল্লাহৰ আইন বিৰোধী অত্যাচাৰী শাসকঃ যিয়ে আল্লাহৰ বিধান পৰিৱর্তন কৰি দিয়ে আৰু মানুহে বনোৱা শাসনতন্ত্র কায়েম কৰে। যেনে- কোনোৱে যদি কয়, “চোৰৰ শাস্তি হাত কটা বর্বৰতা, হত্যাৰ শাস্তি (কেচাচ), জিনাৰ শাস্তি (ৰজম) বর্তমান যুগত নচলিব”…
আল্লাহে কি কৈছে চাওঁক-
আল্লাহে কি কৈছে চাওঁক-
يَا أَيُّهَا الَّذِينَ آمَنُوا كُتِبَ عَلَيْكُمُ الْقِصَاصُ فِي الْقَتْلَى ۖ الْحُرُّ بِالْحُرِّ وَالْعَبْدُ بِالْعَبْدِ وَالْأُنْثَىٰ بِالْأُنْثَىٰ ۚ فَمَنْ عُفِيَ لَهُ مِنْ أَخِيهِ شَيْءٌ فَاتِّبَاعٌ بِالْمَعْرُوفِ وَأَدَاءٌ إِلَيْهِ بِإِحْسَانٍ ۗ ذَٰلِكَ تَخْفِيفٌ مِنْ رَبِّكُمْ وَرَحْمَةٌ ۗ فَمَنِ اعْتَدَىٰ بَعْدَ ذَٰلِكَ فَلَهُ عَذَابٌ أَلِيمٌ
হে ঈমান্দাৰসকল! নিহতসকলৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিচাচৰ বিধান ফৰজ কৰা হৈছে। স্বাধীন ব্যক্তিৰ বিনিময়ত স্বাধীন ব্যক্তি, ক্ৰীতদাসৰ বিনিময়ত ক্ৰীতদাস, নাৰীৰ বিনিময়ত নাৰী। কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ’লে যথাযথ বিধিৰ অনুসৰণ কৰা আৰু সততাৰ সৈতে তাৰ ৰক্ত-বিনিময় আদায় কৰা কৰ্তব্য। এইটো তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এতেকে ইয়াৰ পিছতো যিয়ে সীমালংঘন কৰে তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।[ছূৰা বাক্বাৰাহ: ১৭৮]
وَلَكُمْ فِي الْقِصَاصِ حَيَاةٌ يَا أُولِي الْأَلْبَابِ لَعَلَّكُمْ تَتَّقُونَ
আৰু হে বুদ্ধি-বিবেকসম্পন্নসকল! কিচাচৰ মাজত তোমালোকৰ বাবে আছে জীৱন, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা। [ছূৰা বাক্বাৰাহ: ১৭৯]
৩. আল্লাহে যি অৱতীৰ্ণ কৰিছে (কুৰআন+ছুন্নাহ) তাক বাদ দি যি বিচাৰক/শাসক বা নেতাসকলে অন্য আইন/বিধান/সংবিধানৰ দ্বাৰা ফয়চালা কৰে। যেনে- কুৰআন-হাদীছ বিৰোধী কোনো আইন ৰায়, কিয়াচ, কাৰো ফতোৱা, অলিসকলৰ কথা, পীৰ মাশ্বায়েখৰ কথা মানা, সংসদত আইন পাছ কৰি সমাজত চপাই দিয়া আৰু বিজাতিসকলৰ মনেগঢ়া সংবিধান মানা। যেনে- আল্লাহে কৈছে-
وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْكَافِرُونَ
আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ। [ছূৰা আল-মায়িদাহ: ৪৪]
৪. যিয়ে “ইলমে গায়েব” বা অদৃশ্য জ্ঞানৰ দাবী কৰে সি তাগুত। এইসকলৰ মাজত আছে জ্যোতিষী, গণক, ৰাশি-চক্র ইত্যাদি। যেনে¸ আল্লাহে কৈছে-
۞ وَعِنْدَهُ مَفَاتِحُ الْغَيْبِ لَا يَعْلَمُهَا إِلَّا هُوَ ۚ وَيَعْلَمُ مَا فِي الْبَرِّ وَالْبَحْرِ ۚ وَمَا تَسْقُطُ مِنْ وَرَقَةٍ إِلَّا يَعْلَمُهَا وَلَا حَبَّةٍ فِي ظُلُمَاتِ الْأَرْضِ وَلَا رَطْبٍ وَلَا يَابِسٍ إِلَّا فِي كِتَابٍ مُبِينٍ
আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।[ছূৰা আনআ’ম: ৫৯]
৫. আল্লাহৰ বাহিৰে যাৰ ইবাদত/পূজা/উপাসনা কৰা হয়, আৰু ইয়াতে যিয়ে ৰাজী-খুছী থাকে সি তাগুত। এইসকলৰ মাজত আছে চেইন্ট, ঠাকুৰ, পীৰ-ফকিৰ, ধর্মীয় গুৰু, নেতা ইত্যাদি যিসকলক পূজা কৰা হয়। যেনে¸ আল্লাহে কৈছে-
۞ وَمَنْ يَقُلْ مِنْهُمْ إِنِّي إِلَٰهٌ مِنْ دُونِهِ فَذَٰلِكَ نَجْزِيهِ جَهَنَّمَ ۚ كَذَٰلِكَ نَجْزِي الظَّالِمِينَ
আৰু তেওঁলোকৰ মাজত যিয়ে ক’ব, ‘আল্লাহৰ বাহিৰে ময়েই ইলাহ’, তাক আমি জাহান্নামৰ শাস্তিৰ প্ৰতিদান দিম; এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ। [ছূৰা আল-আম্বিয়া: ২৯]
————-
মূলঃ শায়খুল ইছলাম মুহাম্মাদ বিন আব্দুল ওহহাব (ৰাহিমাহুল্লহ)।
————-
মূলঃ শায়খুল ইছলাম মুহাম্মাদ বিন আব্দুল ওহহাব (ৰাহিমাহুল্লহ)।