উত্তৰ : হা , সেই ৰাতিৰ কিছুমান আলামত হাদীছত বর্ণিত আছে। সেইবিলাক হল
(১) ৰাতিটো গভীৰ অন্ধকাৰ নহব ।
(২) নাতিশীতোষ্ণ হব। অর্থাৎ গৰম বা শীতৰ তীব্রতা নাথাকিব ।
(৩) মৃদুময় বতাহ প্রবাহিত হৈ থাকিব ।
(৪) সেই ৰাতি ইবাদত কৰি মানুহে অপেক্ষাকৃত অধিক তৃপ্তিবোধ কৰিব ।
(৫) কোনো ঈমানদাৰ ব্যক্তিক আল্লাহে পোনৰ মাধ্যমৰে হয়তো সেইটো জনাই ও দিব পাৰে ।
(৬) সেই ৰাতি বৰষুণ হব পাৰে ।
(৭) ৰাতিপুৱা হালকা আলোকৰশ্মিসহ সূর্যোদয় হব। যিটো পূর্ণিমাৰ চন্দ্ৰ ৰ নিচিনাকৈ হব।
(চহিহ ইবনু খুযাইমাহ : ২১৯০ ; বুখাৰী : ২০২১ ; মুছলিম : ৭৬২)
মৰ্যদাপূৰ্ণ লাইলাতুল কদৰত আমি কি কি ইবাদত কৰিব পাৰোঁ?
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে যেনেকৈ এই ৰাতি কটাইছিল ইয়াৰ পূর্ণ অনুসৰণ কৰাই হব আমাৰ প্রধান লক্ষ্য। এই ৰাতিত আমি নিম্নবর্ণিত আমলসমূহ কৰা আৱশ্যক :
(ক) নিজে ৰাতি জাগি ইবাদত কৰা আৰু নিজৰ অধীনস্থ অন্যসকলকো জাগি ইবাদত কৰিবলৈ উদ্বুদ্ধ কৰা।
(খ) দীৰ্ঘ সময় ধৰি তাৰাবীহ আদায় কৰা। এই ছালাতত কিৰাআত আৰু ৰুকু-ছিজদা দীঘল কৰা। ৰুকুৰ পৰা উঠি আৰু দুই ছিজদাৰ মাজত আৰু অলপ বেছি সময় অতিবাহিত কৰা, এই সময়ত কিছু দু‘আ আছে সেইবোৰ পঢ়া।
(গ) ছিজদাৰ মাজত তাছবীহ পাঠ কৰাৰ শেষত দু‘আ কৰা। কিয়নো ছিজদাৰত অৱস্থাত মানুহে তেওঁৰ ৰব্বৰ সকলোতকৈ ওচৰলৈ গুচি যায়। ফলত তেতিয়া দু‘আ কবুল হয়। এই সময়ত হাদীছত উল্লেখিত দোৱাসমূহৰ বাহিৰে অইন দোৱা কৰিব নোৱাৰি।
(ঘ) বেছি বেছি তাওবা কৰিব। আস্তাগফিৰুল্লাহ পঢ়িব। ছগীৰা কবীৰা গুনাহৰ পৰা মাফ খুজিব। বিশেষকৈ শ্বির্কী গুনাহৰ পৰা খালেছ নিয়তে তাওবা কৰিব। কাৰণ ইতিপূর্বে কোনো শ্বির্ক কৰি থাকিলে নেক আমল তো কবুল নহবই, বৰং আর্জিত অন্য ভাল আমলো বৰ্বাদ হৈ যাব। ফলত হৈ যাব চিৰস্থায়ী জাহান্নামী।
(ঙ) কুৰআন তিলাওৱাত কৰিব। অর্থ ও ব্যাখ্যাসহ কুৰআন অধ্যয়নো কৰিব পাৰে। তাছবীহ তাহলীল ও যিকৰ-আযকাৰ কৰিব। কিন্তু যিকৰ কৰিব মনে মনে, নীৰৱে ও অকলশৰে। উচ্চস্বৰে আৰু প্ৰচলিত ১২ তাছবীহ যিকৰ কৰা বিদাত। যিকর কৰাৰ কাৰণে আল্লাহে কুৰআনত এনেদৰে কৈছে :
﴿ وَٱذۡكُر رَّبَّكَ فِي نَفۡسِكَ تَضَرُّعٗا وَخِيفَةٗ وَدُونَ ٱلۡجَهۡرِ مِنَ ٱلۡقَوۡلِ بِٱلۡغُدُوِّ وَٱلۡأٓصَالِ وَلَا تَكُن مِّنَ ٱلۡغَٰفِلِينَ ٢٠٥ ﴾ [الاعراف: ٢٠٥]
‘‘ৰাতিপুৱা আৰু সন্ধিয়া তোমাৰ ৰব্বৰ যিকৰ কৰা মনে মনে বিনয়ৰ সৈতে ভয়ভীতি সহকাৰে আৰু উচ্চ আওৱাজ নকৰাকৈ। আৰু কেতিয়াও তোমালোকে আল্লাহৰ যিকৰ ও স্মৰণৰ পৰা উদাসীন নহবা।’’ (আৰাফ : ২০৫)
গতিকে, দলবদ্ধ হৈ সমস্বৰে আৰু উচ্চস্বৰে যিকৰ কৰা বৈধ নহয়। এনেকৈ সন্মিলিত কোনো ধৰণৰ যিকৰ কৰা কুৰআনতো নিষেধ আছে¸ নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামেও সেইটো কৰা নাই। যিকৰৰ শব্দসমূহ হ’ল: চুবহানাল্লাহ,
আলহামদুলিল্লাহ,
লা-ইলাহা ইল্লাল্লাহ,
আল্লাহু আকবাৰ ইত্যাদি।
(চ) একাগ্রচিত্তে দু‘আ কৰা। বেছি বেছি আৰু বাৰে বাৰে দু‘আ কৰা। আৰু এইবোৰ দু‘আ কৰিব লাগিব অকলশৰে ও বিনম্রচিত্তে কবুল হোৱাৰ প্রত্যাশা লৈ। দু‘আ কৰিব নিজৰ ও আপোনজনৰ কাৰণে¸ জীৱিত ও মৃতসকলৰ কাৰণে, পাপমোচন ও ৰহমত লাভৰ কাৰণে, দুনিয়াৰ শান্তি ও আখিৰাতৰ মুক্তিৰ কাৰণে। তাৰোপৰি নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে এই ৰাতি তলৰ এই দু‘আটি বেছি বেছি কৰাৰ কাৰণে উৎসাহিত কৰিছে :
اَللَّهُمَّ إِنَّكَ عَفُوٌّ تُحِبُّ الْعَفْوَ فَاعْفُ عَنِّيْ
‘‘হে আল্লাহ! তুমি তো ক্ষমাৰ আধাৰ, আৰু ক্ষমা কৰাকে তুমি ভালপোৱা। কাজেই তুমি মোক ক্ষমা কৰি দিয়া। (তিৰমিযী : ৩৫১৩)