ৰমজান / ৰমাদান হল ইছলামিক বর্ষপঞ্জিকা অনুসৰি নৱম মাহ

ৰমজান হল ইছলামিক বর্ষপঞ্জিকা অনুসৰি
নৱম মাহ, যি মাহত
বিশ্বব্যাপী মুছলিমসকলে ৰোজা পালন কৰে। ৰমজান মাহত
ৰোজাপালন ইছলামৰ পঞ্চস্তম্ভৰ
মাজত চতুৰ্থ তম। এই মাহত প্রত্যেক
প্রাপ্তবয়স্ক মুছলিম ব্যক্তিৰ
উপৰত ৰোজা পালন কৰা ফৰজ (বাধ্যতামূলক),
কিন্তু অসুস্থ,
গর্ভৱতী, ঋতুৱর্তী
নাৰীসকলৰ ক্ষেত্র কিছু শিথিল
কৰা হৈছে। ৰোজা বা ছিয়াম হল সুর্য উদয়ৰ পৰা সুর্যাস্তলৈ
সকলো প্রকাৰৰ পানাহাৰ,
পঞ্চইন্দ্রিয়ৰ
দ্বাৰা হোৱা গুনাহসমূহ আৰু (স্বামী-স্ত্রীৰ
ক্ষেত্রত) যৌনসংগমৰ
পৰা বিৰত থকা। এই মাহত মুছলিমসকলে
অধিক ইবাদত কৰি থাকে, কাৰণ
অন্য মাহৰ তুলনাত এই মাহত
ইবাদতৰ পূণ্য বহুগুণে বেছি
পোৱা যায়। এ মাহত লাইলাতুল
কদৰ নামৰ ৰাতিত কোৰআন আৱতাৰিত
হৈছিল, যি ৰাতিক
আল্লাহই কোৰআনত হাজাৰ মাহতকৈও উত্তম বুলি কৈছে। ৰমজান মাহৰ
শেষৰফালে ছাওয়াল মাহৰ জোন
দেখা গলে ছাওয়াল মাহৰ ১ তাৰিখে
মুছলমানসকলে ঈদুল-ফিতৰ
পালন কৰে যিটো মুছলমানসকৰ
দুটি প্রধান ধর্মীয় উৎসবৰ
মাজৰ এটি।

Leave a comment