ৰমজান / ৰমাদানৰ ছিয়াম / ৰোজাৰ ফজীলত সম্পৰ্কীয় কিছুমান চহিহ হাদিছ

🌹 চহিহ মুছলিম হাদীছ নম্বৰ : ২৩৬৭ 🌹

👉👉👉হাৰমালা ইবনু ইয়াহইয়া(ৰহ:) আবু হুৰাইৰা (ৰা: )ৰ পৰা বর্ণিত,তেও কৈছে ৰছুলুল্লাহ(ছা: )য়ে কৈছিল-ৰমজান মাহ আৰম্ভ হলে ৰহমতৰ দৰজা সমুহ খুলি দিয়া হয়,জাহান্নামৰ দৰজাসমুহ বন্ধ কৰি দিয়া হয়,আৰু চয়তানক শিকলিৰে আবদ্ব কৰা হয়।👈👈👈

🌹 চহিহ বুখাৰী
হাদীছ নম্বৰ :১৮৯১ 🌹

وَقَوْلِ اللهِ تَعَالَى {يَا أَيُّهَا الَّذِينَ آمَنُوا كُتِبَ عَلَيْكُمْ الصِّيَامُ كَمَا كُتِبَ عَلَى الَّذِينَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُونَ}
মহান আল্লাহৰ বানীঃ হে মুমিন সকল ! তোমালোকৰ বাবে ৰোজা ফৰজ কৰা হৈছে যেনেকৈ ফৰজ কৰা হৈছিল,তোমালোকৰ আগত অহা সকলৰ ওপৰত ,যাতে তোমালোক মুত্তাকী হব পাৰা ।(আল বাকাৰাহঃ১৮৩)
👉👉👉 তালহা ইবনু উবায়দুল্লাহ(ৰা:) ৰ পৰা বর্নিত যে আউলি বাউলি চুলি থকা এজন গাৱঁলীয়া আৰবী মানুহ আল্লাহৰ ৰাছুল(ছা: ) ৰ ওচৰত আহিলে । তাৰ পিছত সি কলে হে আল্লাহৰ ৰাছুল (ছা:) মোক কোৱা ,আল্লাহ তা’আলাই মোৰ ওপৰত কিমান ছালাত (নামাজ) ফৰজ কৰিছে ? তেও {ৰাছুল ( ছা :)} কলেঃপাচ ওয়াক্ত ছালাত (নামাজ ) কিন্তু তুমি কিছু পৰিমানে যদি নফল আদায় কৰা সেয়া তোমাৰ স্বতন্ত্ৰ কথা বা তোমাৰ ইচ্ছা তাৰপিছত সি কলে কোৱা আল্লাহ তা’আলাই মোৰ ওপৰত কিমান চিয়াম ( ৰোজা ) ফৰজ কৰিছে ?আল্লাহৰ ৰাছুল (ছা: )ক’লে ৰমজান মাহৰ ৰোজা কিন্তু তুমি যদি কিছু পৰিমাণে নফল ৰোজা আদায় কৰা সেয়া তোমাৰ স্বতন্ত্ৰ কথা বা তোমাৰ ইচ্ছা । তাৰপিছত সি কলে আল্লাহ তাআলাই মোৰ ওপৰত কিমান জাকাত ফৰজ কৰিছে ? ৰাবী য়ে কলে-আল্লাহৰ ৰাছুল (ছা: )য়ে তেওক ইছলামৰ বিধান জনাই দিলে।তাৰ পিছত সি কলে সেই সৃষ্টি কর্তাৰ শপথ যিয়ে আপোনাক সত্য দি সন্মানিত কৰিছে ,আল্লাহ তা’আলই মোৰ ওপৰত যি ফৰজ কৰিছে মই তাৰ মাজত অলপো নবঢ়াওঁ আৰু অলপো নকমাওঁ আল্লাহৰ ৰাছুল (ছা: ) য়ে কলে-সি সত্য কৈছে যদি তেন্তে সফলতা লাভ কৰিলে অথবা সি সত্য কৈছে যদি তেন্তে জান্নাত লাভ কৰিলে ।👈👈👈 (৯৪৬)(আধুনিক প্রকাশনীঃ১৭৫৬ইছলামী ফাউন্ডেচন : ১৭৬৭)

🌹 চহিহ বুখাৰী হাদিছ নম্বৰ : ১৯০১.🌹

👇👇👇
যি ব্যাক্তিয়ে ঈমানৰ সৈতে নেকী (চওয়াব)ৰ উদ্দেশ্যত সংকল্প সহকাৰে ছিয়াম (ৰোজা) পালন কৰিব ।
وَقَالَتْ عَائِشَةُ عَنْ النَّبِيِّ يُبْعَثُونَ عَلَى نِيَّاتِهِمْ
” আয়শ্বা (ৰা: ) য়ে নবী (ছা: ) ৰ পৰা বর্ণানা কৰিছে যে কিয়ামতৰ দিন নিয়ত অনুসৰি লোকসকলক উঠোৱা হব।
.আবু হুৰাইৰা (ৰা:) ৰ পৰা বর্নিত , নবী(ছা: )য়ে কৈছে : যি ব্যাক্তিয়ে লাইলাতুল কদৰত ঈমানৰ সৈতে নেকী (ছওয়াব) ৰ আশাত ৰাতি সাৰে থাকি ইবাদত কৰে তাৰ পিছৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হব। আৰু যি ব্যাক্তিয়ে ঈমানৰ সৈতে নেকী (ছওয়াব) ৰ আশাত ৰমজান মাহৰ ছিয়াম (ৰোজা) পালন কৰিব সেইজন ৰ ও অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হব।
👆👆👆
(আধুনিক প্রকাশনী:১৭৬৬,ইছলামী ফাউন্ডেচনঃ১৭৭৭)

🌹 চহিহ বুখাৰী হাদিছ নং ১৮৯৬ 🌹

ছিয়াম ( ৰোজা ) পালনকাৰীৰ কাৰণে ৰাইয়্যান।

চাহল (ৰা:) ৰ পৰা বর্ণিত। নাবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে : জান্নাতত ৰাইয়্যান নামৰ এখন দুৱাৰ আছে। এই দুৱৰখনেদি কিয়ামতৰ দিন ছিয়াম ( ৰোজা ) পালনকাৰীসকল প্রবেশ কৰিব । সিহঁতৰ বাহিৰে আন কোনো এই দুৱাৰেদি প্রবেশ কৰিব নোৱাৰিব । ঘোষণা কৰা হব, ছিয়াম ( ৰোজা ) পালনকাৰীসকল কত ? তেতিয়া সিহঁত আহি উপস্থিত হব । সিহঁতৰ বাহিৰে আন কোনো এই দুৱাৰেদি প্রবেশ নকৰিব । সিহঁতৰ প্রবেশেৰ পাছত দুৱাৰখন বন্ধ কৰি দিয়া হব । সেইকাৰণেই যে এই দুৱাৰেদি আৰু কোনো প্ৰৱেশ নকৰে । (৩২৫৭, মুছলিম ১৩/৩, হাঃ ১১৫২) (আধুনিক প্রকাশনীঃ ১৭৬১, ইছলামী ফাউন্ডেচনঃ ১৭ ৭২)

✍✍✍

কিতাপ: ছহীহ বুখাৰী  (তাওহীদ), অধ্যায়ঃ ৩০/ ছাওম/ ৰোজা  (كتاب الصوم), হাদিছ নম্বৰ: ১৯০৬

৩০/১১. নাবী (ছাল্লাল্লাহু আলাইহি ওৱাচাল্লাম )-ৰ উক্তি : যেতিয়া তোমালোকে জোন দেখিবা তেতিয়া চওম/ৰোজা আৰম্ভ কৰা আকৌ যেতিয়া জোন দেখিবা তেতিয়া ইফতাৰ কৰা।

وَقَالَ صِلَةُ عَنْ عَمَّارٍ مَنْ صَامَ يَوْمَ الشَّكِّ فَقَدْ عَصَى أَبَا الْقَاسِمِ

চেলাহ (ৰহ.) ‘আম্মাৰ (ৰা:)ৰ পৰা বর্ণনা কৰিছে , যি ব্যক্তিয়ে  সন্দেহৰ দিনত চওম পালন কৰিলে সি আবুল কাছিম চাল্লাল্লাহু আলাইহি ওৱাচাল্লাম -ৰ নাফৰমানী কৰিলে ।

👉👉 ‘আবদুল্লাহ ইবনু ‘উমৰ (ৰা:) ৰ পৰা বর্ণিত। আল্লাহৰ ৰাছুল(ছা:) ৰমজানৰ  কথা আলোচনা কৰি কলে : জোন নেদেখাকৈ তোমালোকে  চওম পালন নকৰিবা আৰু জোন নেদেখাকৈ ইফ্তাৰ নকৰিবা। যদি মেঘাচ্ছন্ন থাকে তেতিয়াহলে তাৰ সময় (ত্রিছ দিন) পৰিমাণ
পূর্ণ কৰিবা।👈👈

⏰⏰⏰
 (১৯০০)  (আধুনিক প্রকাশনীঃ ১৭৭১, ইছলামী ফাউন্ডেচনঃ ১৭৮২)

হাদিছৰ মানঃ ছহিহ (Sahih) http://www.hadithbd.com/share.php?hid=25837

গ্ৰন্থঃ ছুনান আবু দাউদ (ই.ফা.), অধ্যায়ঃ ৮/ ছওম (كتاب الصوم ), হাদিছ নম্বৰঃ ২৩৪২

২১১. ছাহৰীৰ খাদ্য গ্রহণৰত অৱস্থাত আযান শুনিবলৈ পালে।

২৩৪২. আব্দুল ‘আলা ইবন হাম্মাদ ……… আবূ হুৰায়ৰা (ৰাঃ)ৰ দ্বাৰা বর্ণিত। তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ কোনোৱে যেতিয়া ফজৰৰ আযান শ্রৱণ করে, আৰু এই সময়ত তেওঁৰ হাতত খাদ্যৰ পাত্র থাকে, তেওঁ যেন আযানৰ কাৰণে খাদ্য গ্রহণ বন্ধ নকৰে যেতিয়ালৈকে তেওঁ তাৰ দ্বাৰা নিজৰ প্রয়োজন পূর্ণ নকৰে।

হাদিছৰ মানঃ হাছান (Hasan)

⏰⏰⏰  প্ৰশ্ন : অমুছলিমসকলে দিয়া ইফতাৰ খোৱা জায়েয হ’ব নে?

#উত্তৰ : অমুছলিমসকলে দিয়া ইফতাৰ খোৱা জায়েয। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে অমুছলিমসকলৰ দাওৱাত খাইছিল আৰু সিহঁতৰ উপহাৰ গ্রহণ কৰিছিল। (বুখাৰী হা/২৬১৫-১৮, ‘মুশ্বৰিকসকলৰ ওচৰৰ পৰা হাদিয়া গ্রহণ’ অনুচ্ছেদ, আবুদাঊদ, মিশকাত হা/৫৯৩১)। কিন্তু সিহঁতৰ যবহ
কৃত পশুৰ মাংস খাব পৰা নাযাব। (বাক্কাৰাহ ১৭৩)।

Leave a comment