দুনিয়াবী উদ্ভাৱন বনাম দ্বীনৰ মাজত উদ্ভাৱন

☞☞ দুনিয়াবী উদ্ভাৱন বনাম দ্বীনৰ মাজত উদ্ভাৱন ☜☜

মানৱ জাতিৰ কল্যাণৰ হকে আল্লাহৰ সন্তুষ্টি কামনা কৰি, সামান্য বেজী এটাতকৈও ক্ষুদ্ৰ বস্তুৰ পৰা আৰম্ভ কৰি ৰকেট বিমানতকৈও অত্যাধুনিক যিকোনো বস্তুৰ নৱ উদ্ভাৱন কৰিবলৈ দ্বীন ইছলামে আমাক পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে !! নিশ্চয় এয়া মানৱ জাতিৰেই দায়িত্ববোধৰ অৰ্ন্তগত !!

   কিন্তু এই পৰিসীমা অতিক্ৰম কৰি মূহুৰ্তৰ বাবে হ’লেও শ্বৰীয়তৰ যিকোনো আমল বা ইবাদতৰ ক্ষেত্রত কিঞ্চিত পৰিমাণৰো নৱ উদ্ভাৱন কৰিবলৈ দ্বীন ইছলামে আমাক তিলমানো অধিকাৰ প্ৰদান কৰা নাই !! নিশ্চয় এয়া একমাত্ৰ আল্লাহ আৰু আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰহে দায়িত্বৰ অৰ্ন্তগত !!

        নিঃসন্দেহে মানৱ কল্যাণৰ সকলো উদ্ভাৱন মহান আল্লাহৰ মহান নিয়ামত, পৰিণতি হ’ব ইন শ্বা আল্লাহ ছাদাকায়ে জাৰিয়াহ্ !! কিন্তু দ্বীন ইছলামৰ ভিতৰত যিকোনো নৱ উদ্ভাৱন, আল্লাহ আৰু আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰকাশ্যে বিৰোধিতা কৰা, সন্দেহবিহীনভাৱে পৰিণতি হ’ব নিশ্চয় জাহান্নাম !!

#সাৰাংশ =

১। জনকল্যাণকামী পাৰ্থিৱ উদ্ভাৱন হ’ল আল্লাহৰ নিয়ামতৰ অন্যতম উদাহৰণ!

২। আমল সংযোজনকাৰী যিকোনো উদ্ভাৱন হ’ল ছুন্নাতৰ হত্যাকাৰী আৰু বিদ‘আতৰ উদাহৰণ।

” AVOID BIDAH , OBEY SUNNAH !

   OBEYING SUNNAH , SEARCHING JANNAH “

** প্ৰচাৰাৰ্থে ** # ছহীহ আমল।

✍✍… মোক্তাবুল হুছেইন 

Leave a comment