প্ৰশ্ন :- ঈমান আৰু ইছলাম কি ⁉ এই দুটাৰ সাধাৰণ মূলনীতি কি ⁉

💢 প্ৰশ্ন :-  ঈমান আৰু ইছলাম কি ⁉ এই দুটাৰ সাধাৰণ মূলনীতি কি ⁉

উত্তৰ: ঈমান হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি আদেশ কৰিছে সেইবোৰৰ ওপৰত দৃঢ় বিশ্বাস স্থাপন কৰা আৰু সেই অনুযায়ী আমল কৰাকে ইছলাম বুলি কোৱা হয়। একমাত্ৰ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰা আৰু তেওঁৰেই আনুগত্য স্বীকাৰ কৰাক ইছলাম বোলে।
ঈমান আৰু ইছলামৰ সাধাৰণ মূলনীতি নিম্নোক্ত আয়াতত একত্ৰিত হৈছে। আল্লাহ তা‘আলাই কৈছে,
﴿قُولُوٓاْ ءَامَنَّا بِٱللَّهِ وَمَآ أُنزِلَ إِلَيۡنَا وَمَآ أُنزِلَ إِلَىٰٓ إِبۡرَٰهِ‍ۧمَ وَإِسۡمَٰعِيلَ وَإِسۡحَٰقَ وَيَعۡقُوبَ وَٱلۡأَسۡبَاطِ وَمَآ أُوتِيَ مُوسَىٰ وَعِيسَىٰ وَمَآ أُوتِيَ ٱلنَّبِيُّونَ مِن رَّبِّهِمۡ لَا نُفَرِّقُ بَيۡنَ أَحَدٖ مِّنۡهُمۡ وَنَحۡنُ لَهُۥ مُسۡلِمُونَ١٣٦﴾ [البقرة: ١٣٦]
“তোমালোকে কোৱা, ‘আমি ঈমান আনিছো আল্লাহৰ ওপৰত আৰু যি আমাৰ প্ৰতি নাযিল কৰা হৈছে আৰু যি নাযিল কৰা হৈছিল ইব্ৰাহীম, ইছমাঈল, ইছহাক, ইয়াকূব আৰু তেওঁলোকৰ সন্তানসকলৰ ওপৰত, আৰু যি প্ৰদান কৰা হৈছিল মূছা আৰু ঈছাক আৰু যি প্ৰদান কৰা হৈছিল তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা নবীসকলক। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো, আৰু আমি তেওঁৰেই অনুগত”। [ছুৰা আল-বাকাৰাহ, আয়াত: ১৩৬]
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছে জিব্ৰীলত আৰু অন্যান্য হাদীছত ঈমান আৰু ইছলামৰ ব্যাখ্যাত কৈছে,
«الْإِيمَانُأَنْ تُؤْمِنَ بِاللهِ، وَمَلَائِكَتِهِ، وَكُتُبِهِ، وَرُسُلِهِ، وَالْيَوْمِ الْآخِرِ، وَتُؤْمِنَ بِالْقَدَرِ خَيْرِهِ وَشَرِّهِ والْإِسْلَامُ أَنْ تَشْهَدَ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَتُقِيمَ الصَّلَاةَ، وَتُؤْتِيَ الزَّكَاةَ، وَتَصُومَ رَمَضَانَ، وَتَحُجَّ الْبَيْتَ».
“ঈমান হৈছে আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁৰ কিতাবসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তাক্বদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ প্ৰতি ঈমান পোষণ কৰা। ইছলাম হৈছে, তুমি এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই আৰু নিশ্চয় মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, ছালাত কায়েম কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ ছওম পালন কৰা আৰু বাইতুল্লাহৰ হজ্জ পালন কৰা।”
এই হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ঈমানক অন্তৰৰ বিশ্বাস আৰু ইছলামক চৰী‘আতৰ বাহ্যিক আমলৰ দ্বাৰা ব্যাখ্যা কৰিছে।

( ✍🏻… ৰফিকুল মাদানী চাহাব )

Leave a comment