বাপ দাদাৰ দোহাই দি ইছলাম নচলে

★বাপ দাদাৰ দোহাই দি ইছলাম নচলে,★
১. বাপ-দাদাসকলে ইমান দিনে ভুল কৰি আহিছে নেকি?
২. অধিকাংশ মানুহেই কি ভুল কৰি আহিছে?
৩. ইমান ডাঙৰ ডাঙৰ আলিমেতো এনেকৈয়েই আ’মল কৰি আহিছে! তেওঁলোকে কি ভুল কৰি
আছে?
• মূলতঃ এই তিনিটা কাৰণতে
মানুহে কুৰআন আৰু
ছহীহ হাদীছৰ দাওৱাতক পৰিত্যাগ কৰে।
“অধিকাংশ” কোনো দলীল নহয়। দলীল হ’ল কুৰআন
আৰু ছহীহ হাদীছ।
অধিকাংশৰ বিষয়ে আল্লাহ্ তা’আ়ালাই
কুৰআনত কৈছে–
• “অধিকাংশ মানুহ প্রকৃত
বিষয় সম্পর্কে অৱগত নহয়” [ছুৰা ইউচুফ : ৬৮]
• “অধিকাংশই নির্বোধ” [ছুৰা মায়িদাহ : ১০৩]
• “অধিকাংশ লোকেই অৱগত নহয়” [ছুৰা আনআম : ৩৭]
• “অধিকাংশই অজ্ঞ” [ছুৰা
আনআম : ১১১]
• “অধিকাংশই নাজানে” [ছুৰা আৰাফ : ১৩১]
• “তুমি যিমানেই প্রবল আগ্রহেৰে নোচোৱা কিয়,
মানুহৰ অধিকাংশই ঈমান আনিব নোখোজে” [ছুৰা ইউচুফ :
১০৩]
• “আমি তোমাৰ ওচৰত সুস্পষ্ট আয়াত নাজিল
কৰিছো, ফাছিকসকলৰ বাহিৰে আন কোনেও
তাক অস্বীকাৰ
নকৰে; বৰং তেওঁলোকৰ
অধিকাংশই ঈমান
নাৰাখে” [ছুৰা বাকাৰাহ
: ৯৯-১০০]
• “আমিতো তোমালোকৰ
ওচৰলৈ সত্য লৈ গৈছিলো, কিন্তু, তোমালোকৰ অধিকাংশই আছিল সত্য
অপছন্দকাৰী” [ছুৰা যুখৰুফ : ৭৮]
• “সিহঁতৰ অধিকাংশকেই
আমি প্রতিশ্রুতি পালনকাৰী হিচাবে পোৱা নাই, বৰং
অধিকাংশ ফাচিকেই পাইছো” [ছুৰা আৰাফ : ১০২]
• “তুমি যদি পৃথিৱীৰ
অধিকাংশ লোকৰ
অনুসৰণ কৰা তেনেহলে সিহঁতে তোমাক আল্লাহৰ
পথৰ পৰা পথভ্ৰষ্ট কৰি
পেলাব, সিহঁতে কেৱল
আন্দাজ-অনুমানৰ অনুসৰণ
কৰি চলে; সিহঁত মিছলীয়াৰ বাহিৰে আন একোৱেই নহয়” [ছুৰা
আনআম : ১১৬]
• ‘’সিহঁতৰ অধিকাংশই
কেৱল ধাৰণাৰ অনুসৰণ
কৰে; সত্যৰ মোকাবেলাত
ধাৰণা কোনো কামত নাহে’’ [ছুৰা ইউচুফ : ৩৬]
• “অধিকাংশ মানুহে আল্লাহক বিশ্বাস কৰে, কিন্তু লগতে শ্বিৰ্কও কৰে’’ [ছুৰা ইউচুফ : ১০৬]
• “আমি তোমালোকক নজনামনে চয়তানবোৰ কাৰ ওচৰত অৱতীর্ণ হয়?
সিহঁত অৱতীর্ণ হয়
প্রত্যেকজন চৰম মিথ্যাবাদী আৰু পাপীষ্ঠৰ ওচৰত। সিহঁতে কাণ পাতি থাকে আৰু তেওঁলোকৰ অধিকাংশই
মিথ্যাবাদী’’ [ছুৰা শু’আৰা :
২২১-২২৩]
• “সিহঁতে সিহঁতৰ পিতৃ-
পুৰুষসকলক বিপথগামী
পাইছিল। তাৰ পিছতো
সিহঁতৰেই পদাংক অনুসৰণ
কৰি গৈ আছিল। তেওঁলোকৰ আগৰ লোকসকলৰো
অধিকাংশই গুমৰাহ হৈ আছিল” [ছুৰা চাফফাত : ৬৯-৭১]
আৰবী ভাষাত কুৰআন,
জ্ঞানসম্পন্ন মানুহৰ কাৰণে
সু-সংবাদবাহী আৰু
সাৱধানকাৰী। কিন্তু সিহঁতৰ
অধিকাংশই (এই কুৰআনৰ
পৰা) মুখ ঘূৰাই নিছে, গতিকে সিহঁতে নুশুনে” [ছুৰা
ফুচচিলাত : ১-৪]
গতিকে হে আমাৰ মুছলিম
ভাইসকল আহক আমি
“অধিকাংশৰ” অজুহাত
বাদ দি “কুৰআন”
আৰু “ছহীহ হাদীছৰ” অনুসৰণ
কৰো।

Leave a comment