চালাতৰ (নামাজৰ) পিছত আমি সকলোৱে কম বেচি পৰিমাণে তছবীহ গণনা কৰো । ইয়াৰ বাবে বহুতে মালা ব্যৱহাৰ কৰে আৰু কিছুমানে হাতৰ আঙুলিতে গণনা কৰে । যেহেতু তছবীহ গণনা কৰা এক ইবাদত গতিকে আমি চুন্নতী ত্বৰীকাত এই ইবাদত কৰিব লাগিব ।
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, তোমালোকে তছবীহ আঙুলিত গণনা কৰিবা কাৰণ কিয়ামতৰ দিনা আঙুলি সমূহক সোধা হব আৰু সিহঁতে কথা কব (আবু দাউদ, তিৰমিযী, মিছকাত হা/২৩১৬, ‘দোৱা সমূহ’ অধ্যায় ৯, অনুচ্ছেদ ৩) ।
দানা বা কংকৰেৰে তছবীহ গণনা কৰা হদীছটি যইফ (আবু দাউদ হা/১৫০০, চালাত অধ্যায় ২, ‘কংকৰ দ্বাৰা তছবীহ গণনা’ অনুচ্ছেদ ৩৫৯; মিছকাত হা/২৩১১) ।
আজিকালি সমাজত তছবীহ গণনা মালা বিভিন্ন আকাৰত পোৱা যায়, ৩৩; ১০০ আৰু ১০০০ বাৰ গণিব পৰাকৈ । মালাৰে তছবীহ গণিলে মানুহে দেখাৰ সম্ভাৱনা বেচি আৰু তেতিয়াই ‘ৰিয়া’ উৎপন্ন হয়, ই হল সৰু শ্বিৰ্ক (আহমদ, মিছকাত হা/৫৩৩৪; ‘হৃদয় গলোৱা’ অধ্যায় ২৬, ‘মানুহক দেখুওৱা’ অনুচ্ছেদ ৫; ছহীহা হা/৯৫১) ।
তছবীহ সোঁহাতেৰে গণিব লাগে, বাওঁহাতেৰে নহয় । কাৰণ ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে খোৱা মেলা সহ সকলো শুভ ও পবিত্র কাম সোঁহাতেৰে কৰিছিল আৰু পেচাব পায়খানা আদি কাম বাওঁহাতেৰে কৰিছিল (আবু দাউদ হা/৩২-৩৩, মিছকাত হা/৩৪৮; পবিত্রতা অধ্যায় ৩) ।
আব্দুল্লাহ ইবনে আমৰ (ৰাঃ)য়ে কৈছে, তেখেতে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক সোঁহাতেৰে তছবীহ গণনা কৰা দেখিছে (বায়হাক্বী ২/১৮৭; আবু দাউদ হা/১৫০২, ‘চালাত’ অধ্যায় ২, অনুচ্ছেদ ৩৫৯) । By Abu Shemim, Edited.