ডঃ জাকিৰ নায়েকলৈ প্রশ্নঃ ইছলামত নাৰীসকলক কিয় মছজিদত যোৱাৰ অনুমতি দিয়া নহয়?

ডঃ জাকিৰ নায়েকলৈ প্রশ্নঃ
ইছলামত নাৰীসকলক কিয় মছজিদত যোৱাৰ অনুমতি দিয়া নহয়?

উত্তৰঃ (জাকিৰ নায়েক)
সংক্ষেপে ক’বলৈ গ’লে আপোনাৰ প্রশ্নটো খুবেই কঠিন। কুৰআন আৰু ছহীহ হাদীছত এনেকুৱা কোনো বক্তব্য নাই যাৰ দ্বাৰা মহিলাসকলক মছজিদত যোৱাৰ ক্ষেত্ৰত বিৰত ৰাখিব পৰা যায়।
.
কিছুসংখ্যক লোকে এটা নির্দিষ্ট হাদীছৰ উদ্ধৃতি দি কয় যে, মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে, “মহিলাসকলৰ বাবে মছজিদতকৈ ঘৰতেই নামায পঢ়া উত্তম আৰু সেয়েহে মছজিদত নামায পঢ়াতকৈ মহিলাসকলে নিজৰ ঘৰৰ অভ্যন্তৰৰ কক্ষত নামায পঢ়া অত্যধিক উত্তম”
.
সেইসকল লোকে অন্য সকলো উত্‍স বাদ দি কেৱল এটা উত্‍স গ্রহণ কৰিছে। আপুনি এই হাদীছৰ প্রেক্ষাপট বুজিব লাগিব। মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লামে এনেদৰে কৈছে যে, “মছজিদত গৈ জামাতত নামায পঢ়া ২৭ গুণ বেছি ছওৱাবৰ কাম”। তেতিয়া এজনী মহিলাই প্রশ্ন কৰিলে হে নবী চাল্লাল্লাহু আলাইহি ওৱাছাল্লাম! আমাৰ শিশু-বাচ্চা আছে, আমি সাংসাৰিক কাজ-কর্ম কৰিবলগা হয়…সেয়েহে কেনেকৈ আমি মছজিদত যাম? তাৰ উত্তৰত নবী মুহাম্মাদ চাল্লল্লাহু আলাইহি ওৱাছাল্লামে ক’লে- “মহিলাসকলৰ বাবে মছজিদতকৈ ঘৰতেই নামায পঢ়া উত্তম আৰু মহিলাসকলে মছজিদত নামায পঢ়াতকৈ নিজৰ ঘৰৰ অভ্যন্তৰৰ কক্ষত নামায পঢ়া অত্যধিক উত্তম” যদি তাইৰ সৰু বাচ্চা থাকে অথবা তাইৰ কোনো সমস্যা থাকে তেন্তে ঘৰতেই নামায আদায় কৰিলেও তাৰ সমান ছওৱাব পোৱা যাব। যথেষ্ট সংখ্যক হাদীছ আছে যিসমূহে মহিলাসকলক মছজিদত যাবলৈ বাঁধা নিদিয়ে। এনে এটা হাদীছ হ’ল- “আল্লাহৰ বান্দাসকলৰ মাজত যিসকল মহিলা, সিহঁতক মছজিদত প্রৱেশৰ ক্ষেত্রত বাধা নিদিবা”
.
অন্য এটা হাদীছত কোৱা হৈছে- নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে স্বামীসকলক আদেশ দিছে, যদি তোমালোকৰ স্ত্রীসকলে মছজিদত যাব খোঁজে, তেন্তে সিহঁতক বাধা নিদিবা। এনেকুৱা আৰু বহুত হাদীছ আছে, মই সেইসমূহৰ বিস্তাৰিত ব্যাখ্যা দিব নোখোঁজো!
.
কিন্তু আমি লক্ষ্য ৰাখিব লাগিব মছজিদত যাতে পৃথক আৰু পর্যাপ্ত সুযোগ সুবিধা থাকে।
.
মহিলা আৰু পুৰুষসকল পৃথকভাৱে থিয় হব লাগিব আৰু মহিলাসকল পুৰুষৰ পিছৰ কাতাৰত (শাৰীত) থিয় হ’ব লাগিব- কিয়নো মহিলাসকলৰ পিছত যদি পুৰুষসকলে থিয় হয় তেন্তে সেইঠাইত অৰাজকতাৰ পৰিৱেশ এটাৰ সৃষ্টি হ’ব আৰু স্বাভাৱিকভাবে পুৰুষসকলৰ নামাযত মনোসংযোগৰ অভাৱ ঘটিব!
.
ইছলামী নিয়ম অনুযায়ী আমি থিয় হ’বলগা হয় কান্ধত কান্ধ মিলাই- এইক্ষেত্রত, ডাক্তৰসকলে কয় যে মহিলাসকলৰ দেহৰ তাপমাত্ৰা পুৰুষতকৈ ১ ডিগ্রি বেছি থাকে, সেইক্ষেত্রত যদি আপোনাৰ ওচৰত কোনো মহিলা থিয় হয়, আপুনি উষ্ণতা আৰু কোমলতা অনুভৱ কৰিব, তেতিয়া আপুনি আল্লাহৰ প্রতি মনোনিৱেশ কৰাৰ পৰিৱর্তে মনোনিৱেশ কৰিব সেই মহিলাগৰাকীৰ প্রতি আৰু সেই বাবেই নাৰীসকল পুৰুষৰ লগত থিয় নহৈ পুৰুষৰ পিছত থিয় হোৱাৰ কথা কোৱা হৈছে।
.
ইয়াৰ বাহিৰেও, আপুনি যদি চৌদি আৰবত যায়, নাইবা লণ্ডন বা আমেৰিকাত তাত দেখিব মহিলাসকলে মছজিদত নামায পঢ়ি আছে। এইটো কেৱল ভাৰত আৰু অন্যান্য কেইখনমান ৰাষ্ট্রত মহিলাসকলক মছজিদত যোৱাৰ পৰা বিৰত ৰখা হয়। কিন্তু আলহামদুলিল্লাহ্‌ ভাৰতৰ কোনো কোনো মছজিদত আনকি মুম্বাইৰ কিছু মছজিদত নাৰীসকলক অনুমতি দিয়া হৈছে। মই আশা কৰিম এনেদৰেই অন্যান্য মছজিদতো এই ব্যৱস্থা আৰম্ভ হ’ব।(translated.JR.wap.taw)

Leave a comment