আমলনামাত সকলো লিখা হৈছে !!!! প্ৰতিদান দিৱসত সকলোকে নিজৰ নিজৰ আমলনামা দিয়া হব

#আমলনামাত_সকলো_লিখা_হৈছে !!!!

#প্ৰতিদান_দিৱস

“মহাদিৱসত। যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।”(ছুৰাঃ আল-মুতাফফিফীনঃ ৫-৬)

“সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?(ছুৰাঃ আল-কিয়ামাহঃ ১০ )

#ভাল_বেয়া_সকলো_লিখা_হৈছে

“কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তি বৃদ্ধিহে কৰি থাকিম।” (ছুৰাঃ মাৰইয়ামঃ ৭৯)

” যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে (তাৰ আমল) লিপিবদ্ধ কৰিবলৈ গ্ৰহণ কৰে। সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী।”(ছুৰাঃ কা’ফঃ ১৭-১৮)

“আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;সন্মানিত লেখক বৃন্দ; তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।”(ছুৰাঃ ঈনফিতাৰঃ ১০-১২)

“আৰু আমি প্ৰত্যেক মানুহৰ কৰ্ম তাৰ ডিঙিত আঁৰি থৈছো আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ, যিটো সি উন্মুক্ত পাব। তুমি তোমাৰ কিতাপ পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।”(ছুৰাঃআল-ইছৰাঃ ১৩-১৪)

“অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু মন্ত্ৰণা শুনিবলৈ নাপাওঁ? অৱশ্যে শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰতে থাকি লিখে।”(ছুৰাঃআল-ঝুখৰুফঃ ৮০)

“নিশ্চয় আল্লাহে সিহঁতৰ কথা শুনিছে যিসকলে কয়, ‘নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমি অভাৱমুক্ত’। অৱশ্যই আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টোও; আৰু আমি ক’ম, ‘তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা’।(ছুৰাঃআলে- ইমৰাণঃ ১৮১ )

“এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।” (ছুৰাঃআল-আম্বিয়াঃ ৯৪)

#আমলনামাত_সকলো_লিখা_আছে

“আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,আৰু সকলো সৰু-বৰ কথা লিখিত আছে।”(ছুৰাঃআল-কামাৰঃ ৫২-৫৩)

“নিশ্চয় আমিয়েই মৃতক জীৱিত কৰো আৰু লিখি ৰাখো যি সিহঁতে আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাপত সংৰক্ষণ কৰি ৰাখিছো।”(ছুৰাঃআল-য়াছিনঃ১২)

“আৰু আমি কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰো আৰু আমাৰ ওচৰত আছে এনে এখন কিতাপ যিটো সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।”(ছুৰাঃআল-মুমিনুনঃ ৬২)

#প্ৰতিদান_দিৱসত_মানুহে_জানিব_পাৰিব_তাৰ_আমলনামাত_কি_আছে ??

“আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব, আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব, আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব, তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।”(ছুৰাঃআত-তাকৱীৰঃ ১০-১৪)

“আৰু তুমি প্ৰত্যেক জাতিকে দেখিবা ভয়তে নতজানু হৈ আছে; প্ৰত্যেক জাতিকেই তাৰ কিতাবৰ প্ৰতি আহ্বান কৰা হ’ব, (আৰু কোৱা হ’ব) ‘আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’। এইটো আমাৰ লিখনি, এইটোৱে তোমালোকৰ বিষয়ে সত্যভাৱে সাক্ষ্য দান কৰিব। নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলো’।(ছুৰাঃআল-জাছিয়াহঃ ২৮-২৯)

#পাপীসকলৰ_আমলনামা !!!

“কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে। আৰু কিহে তোমাক জনাব ছিজ্জিন কি? চিহ্নিত আমলনামা।”(ছুৰাঃআল-মুতাফফিফীনঃ ৭-৯)

“লগতে উপস্থাপিত কৰা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইটো কেনেকুৱা গ্ৰন্থ! সৰু-বৰ এনে কোনো কৰ্ম নাই যিটো ইয়াত লিপিবদ্ধ কৰা হোৱা নাই’। সিহঁতে যি আমল কৰিছে সেয়া সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে”।(ছুৰাঃআল-কাহফঃ ৪৯)

“কিন্তু যাৰ আমলনামা বাওঁ হাতত দিয়া হ’ব সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা নিদিলেহেঁতেন’!‘আৰু যদি মই নাজানিলোহেঁতেন মোৰ হিচাপ! ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লেহেঁতেন! ‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল। ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।”(ছুৰাঃ হাক্কাহঃ ২৫-২৯)

“আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
সি নিজৰ ধ্বংস আহ্বান কৰিব; আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব; নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল, নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব।  (ছুৰাঃ ইনশ্বিক্কাকঃ ১০-১৪)

#পূণ্যবানলোকসকলৰ_আমলনামা !!!

“কেতিয়াও নহয়, নিশ্চয় পূ্ণ্যবানলোকসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।আৰু কিহে তোমাক জনাব ইল্লিয়্যীন কি? চিহ্নিত আমলনামা। সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অবলোকন কৰে।”(ছুৰাঃআল-মুতাফফিফীনঃ ১৮-২১)

“স্মৰণ কৰা, সেই দিনটোক, যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত অকণো অন্যায় কৰা নহ’ব।”(ছুৰাঃআল- ইছৰাঃ ৭১)

“তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি ক’ব, ‘লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’। ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।” (ছুৰাঃআল-হাক্কাহঃ ১৯-২০)

“এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব; অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব। আৰু সি তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব “।(ছুৰাঃআল-ইনশ্বিক্কাকঃ ৭-৯)

#প্ৰত্যেক_ব্যক্তিয়েই_নিজৰ_নিজৰ_কৃতকৰ্মৰ_বাবে_দায়ী

“আৰু সিহঁতে যদি তোমাৰ প্ৰতি মিছা আৰোপ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কৰো সেই বিষয়ে তোমালোক দায়মুক্ত আৰু তোমালোকে যি কৰা সেই বিষয়ে মই দায়মুক্ত।”  (ছুৰাঃআল-ইউনুছঃ ৪১)

” প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।” (ছুৰাঃআত্-তুৰঃ ২১)

✍✍.. তাহেৰা বেগম 

Leave a comment