মোৰ এই postটো সকলোৱে Share কৰে যেন । এই উত্তৰটো কোনো হাদিছৰ পৰা নহয় হাদিছৰ পৰা দিলে আপোনালোকে নামানিবও পাৰে সেয়েহে মই আল্লাহৰ নবীৰ (ছঃ)ৰ জৰিয়তে আমি লাভ কৰা কোৰআনৰ পৰা দিলো । আপুনি মনোযোগ দি পঢ়িব আৰু নিজেই ভালকৈ চিন্তা কৰিব । কুৰআন আৰু ছূন্নাহৰ পৰিপূৰ্ণ অনুসৰণ পৰিচ্ছেদ, অধ্যায় ৫ :: হাদীছ ৫ জাবিৰ ইবন আব্দুল্লাহ (ৰাঃ) য়ে কৈছে, আমি নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত বহি আছিলো। তেতিয়া তেওঁ এনেকৈ তেওঁৰ সন্মূখত এডাল সৰল ৰেখা আকিলে আৰু কলে, এইটো মহিমাময় পৰাক্রমশালী আল্লাহৰ পথ। তাৰ পিছত তেওঁ সেই ৰেখাডালৰ সোঁফালে দুডাল ৰেখা আৰু বাওঁফালে দুডাল ৰেখা আকিলে। আৰু তেওঁ কলে, এইবোৰ চয়তানৰ পথ। ইয়াৰ পিছত তেওঁ মাজৰ সৰল ৰেখাডালৰ ওপৰত নিজৰ হাত ৰাখিলে আৰু কুৰআনৰ নিন্মোক্ত আয়াত ( তলত উল্লেখ আছে) পাঠ কৰিলে। (ছূৰা-০৬ আনআমঃ আয়াত-১৫৩)
١٥٣:٦ وَأَنَّ هَٰذَا صِرَاطِي مُسْتَقِيمًا فَاتَّبِعُوهُ ۖ وَلَا تَتَّبِعُوا السُّبُلَ فَتَفَرَّقَ بِكُمْ عَنْ سَبِيلِهِ ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَتَّقُونَ
অসমীয়া অনুবাদ = আৰু এইটোৱেই আমাৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা, অন্যথা সেয়া তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰিলে যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা ।
এতিয়া আপোনালোকে কওঁক চাৰি মাজহাব অনুসৰণ নকৰাৰ বাবে ইয়াতকৈ উত্তম আৰু স্পষ্ট দলীল কি হ’ব পাৰে? এই আয়াতত সৰল ৰেখা অৰ্থাত্ ‘চিৰাতুল মুস্তাক্বিম’ আৰু দুয়োফালে কেৱল চাৰিডালেই ৰেখা কিয় আঁকিছিল? আৰু ‘এইবোৰ চয়তানৰ পথ’ বুলি কৈছিল? তাৰ মানে এই উম্মতক যে চয়তানে ভয়ানকভাৱে চাৰি টুকুৰা কৰি চাৰি মাজহাব কৰিব তাৰেই ইঙ্গিত আল্লাহ তা’লাই নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মুখেদিয়েই স্পষ্ট ভাষাত ব্যক্ত কৰায়েই দিছিল ।