ভবিষ্যতবাণীৰ বাস্তৱতা !! কোন জামাতৰ বিষয়ে বাৰু ?

⏰⏰ ভবিষ্যতবাণীৰ বাস্তৱতা ⏰⏰

আল্লাহৰ প্ৰত্যক্ষ বাণী সমূহ লিপিবদ্ধ হৈছে পবিত্র কোৰআনত আৰু পৰোক্ষ বাণী সমূহ লিপিবদ্ধ হৈছে নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ চহীহ হাদীছ সমূহত । অৰ্থাৎ কোৰআন আৰু হাদীছ দোয়োটাই হৈছে আল্লাহৰ বাণী । এনে এক আল্লাহৰ বাণী ভবিষ্যত বাণী হিচাবে লিপিবদ্ধ হোৱা হাদীছ অকণমান গুৰুত্ব সহকাৰে বিবেচনা কৰকচোন যে আজিৰ প্ৰচলিত কোনটো বিষয়লৈ নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ এই প্ৰত্যক্ষ ইংগিত ??১] শেষ যুগত পূব দিশৰ পৰা মোৰ উম্মতৰ মাজত এনে এটি দলৰ জন্ম হব , যি দলৰ লোক সকলৰ কোৰআন পাঠ হব অতি সুন্দৰ !২] কিন্তু কোৰআনৰ আদেশ তেওঁলোকৰ কন্ঠনলীৰ ভিতৰলৈ নাযাব । অৰ্থাৎ কোৰআনৰ আয়াত সমূহৰ আদেশ তেওঁলোকৰ আমলত নাথাকিব ।৩] এই দলৰ অধিকাংশ লোক হব অশিক্ষিত ও মূৰ্খ ! কোৰআন হাদীছৰ জ্ঞানত তেওঁলোক যিদৰে মূৰ্খ হব, সাধাৰণ জ্ঞানৰ বেলিকাও তেওঁলোকএকেই মূৰ্খ হব ! এই দলত যদি কোনো শিক্ষিত লোকে যোগদান কৰে, তেওঁলোকৰ আচৰনো হৈ পৰিব আন মূৰ্খ সকলৰ সদৃশ ! অৰ্থাৎ শিক্ষিত সকলেও মূৰ্খৰ আনুগত্য কৰিব ।৪] এই দলৰ বয়ান সমূহ হব বিভিন্ন আমলৰ সৰ্বোচ্চ ফজিলতেৰে ভৰা !৫] এই দলৰ লোকসকলৰ চালাত, চিয়াম আদি আমল সমূহ নিজেই ইমান নিখূঁত বুলি বিবেচনা কৰিব যে তেওঁলোকৰ তুলনাত দলত অন্তৰ্ভুক্ত নোহোৱা লোকৰ এই আমল সমূহ হেয় জ্ঞান কৰিব !৬] এওঁলোকৰ প্ৰতি মানুহ এনেদৰে আকৃষ্ট হব যিদৰে সুন্দৰ হৰিণাৰ প্ৰতি সকলোৰে মন আকৃষ্ট হয় !৭] এই দলৰ লোকসকলে সাধাৰণ মানুহক দ্বীনৰ নামত দাৱাত দিব কিন্তু তেওঁলোক পৰিচালিত হব নিজে তৈয়াৰ কৰা নিয়মৰ আধাৰত !৮] বাঘৰ অন্তৰ যিদৰে নিৰিহ হৰিণাৰ চিত্কাৰে কোনো প্ৰভাৱ নেপেলায় , ঠিক তেনেদৰেই কোৰআন হাদীছৰ বাণীয়ে তেওঁলোকৰ অন্তৰত কোনোপ্ৰভাৱ নেপেলায় !৯] তেওঁলোকৰ বয়ান হব মৌতকৈয়ো মিঠা, ব্যৱহাৰ হব চেনীৰ দৰে সুস্বাদু আৰু পোচাক পৰিচ্ছদ হব যঠেষ্ট আকৰ্ষণীয় !১০] এই দলত অন্তৰ্ভুক্ত হোৱাৰ পাছত তেওঁলোকৰ ব্যৱহাৰত মানুহ মুগ্ধ হৈ পৰিব ।কিন্তু এই মনমুগ্দ্ধকাৰী ব্যৱহাৰৰ অন্তৰালত থাকিব ইমান নষ্টকাৰী চয়তানী চক্ৰান্ত ! এই চক্ৰান্তই ধীৰে ধীৰে সাধাৰণ মানুহক আল্লাহ আৰু ৰাছূলৰ আনুগত্যৰ প্ৰেৰণা কমাই দিদলৰ আমীৰৰ প্ৰতি মৰণাপন্ন আনুগত্যলৈ আকৃষ্ট কৰিব !১১] এই দলটিক চিনাক্তকৰণৰ উপায় হল –(ক) তেওঁলোক যেতিয়া বয়ানত বহিব তেতিয়া গোলাকাৰ হৈ বহিব !(খ) অতি কম সময়ত ভিতৰত তেওঁলোকৰ মাজত ডাঙৰ দলৰ সৃষ্টি হব!(গ) তেওঁলোকৰ আমীৰৰ মূৰ মুণ্ডিত হব !( বুখাৰী, আৰবী চপা [ দিল্লী ], ২য় খণ্ড , পৃষ্ঠা ১০২৪,১১২৮)।(মুওয়াত্তা ইমাম মালিক, আৰবী,১ম খণ্ড , পৃষ্ঠা ১৩৮)( আবু দাউদ আৰবী , দিল্লী চপা, ২য় খণ্ড , পৃষ্ঠা ৫৬৫ )( মিশকাত আৰবী, ২য় খণ্ড , পৃষ্ঠা ৪৫৫ )( ইবনে মাজাহ , পৃষ্ঠা ১৭২-১৭৬ )।

Leave a comment