,,
,,
উত্তৰ :- পৱিত্ৰ কুৰআনত আকাশ আৰু পৃথিৱী সৃষ্টি সম্পৰ্কে চিন্তা কৰিবলৈ উৎসাহ দিয়ে । এই বিষয়ে কুৰআনত নানান কথা কোৱা হৈছে তাৰে এটা বৰ্ণনা এনেধৰণৰ ——
١٩١:٣
الَّذِينَ يَذْكُرُونَ اللَّهَ قِيَامًا وَقُعُودًا وَعَلَىٰ جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ رَبَّنَا مَا خَلَقْتَ هَٰذَا بَاطِلًا سُبْحَانَكَ فَقِنَا عَذَابَ النَّارِ
৩:১৯১
যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
,,
আন এটা ঠাইত প্ৰকৃতিৰ পৰিঘটনা সম্পৰ্কে চিন্তা কৰিলে নিদৰ্শন পোৱাৰ কথা আল্লাহে বৰ্ণনা কৰিছে এনেকৈ —-
,,
١٦٤:٢
إِنَّ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ وَاخْتِلَافِ اللَّيْلِ وَالنَّهَارِ وَالْفُلْكِ الَّتِي تَجْرِي فِي الْبَحْرِ بِمَا يَنْفَعُ النَّاسَ وَمَا أَنْزَلَ اللَّهُ مِنَ السَّمَاءِ مِنْ مَاءٍ فَأَحْيَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا وَبَثَّ فِيهَا مِنْ كُلِّ دَابَّةٍ وَتَصْرِيفِ الرِّيَاحِ وَالسَّحَابِ الْمُسَخَّرِ بَيْنَ السَّمَاءِ وَالْأَرْضِ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
২:১৬৪
,,
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত, ৰাতি আৰু দিনৰ পৰিৱৰ্তনত, মানুহৰ উপকাৰী দ্ৰৱ্যবাহী সাগৰত চলা জাহাজত আৰু আকাশৰ পৰা আল্লাহে যি বৰষুণ বৰ্ষাইছে যাৰ ফলত ভূ-পৃষ্ঠক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিছে, তাৰ মাজত প্ৰসাৰিত কৰিছে সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণী আৰু বতাহৰ দিশ পৰিৱৰ্তনত, লগতে আকাশ আৰু পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাত বিবেকৱান সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শনসমূহ।
,,
,,
উল্লেখ যোগ্য যে প্ৰাগ ইছলামি যুগত মুছলিম সকল জ্ঞানৰ উৎসৰ সকলো
দিশতে আগুৱাই আছিল । আৰু সেই জ্ঞানৰ বিনিময়তেই তেওঁলোকে বিশ্বত ৰাজত্ব কৰিছিল । কিন্তু লাহে লাহে মুছলিম সকলে জ্ঞানৰ উৎস ৰ পৰা কিছু হলেও আতৰি আহিছে । সেইবাবেই হয়তো কিছু হলেও আনৰ নিৰ্জাতনৰ বলি হব লগীয়া হৈছে ।
✍✍✍.. sadda hussain