কোৰআন সম্পৰ্কে কিছু প্ৰশ্ন আৰু তাৰ উত্তৰ

** কোৰআণ সম্পৰ্কে কিছু প্ৰশ্ন আৰু
তাৰ উত্তৰ **

 1) কোৰআণ খন কাৰ
প্ৰত্যাদেশ ?

= ) ইয়াৰ উত্তৰ কোৰআনৰ
20 :4 দিয়া হৈছে এনেকৈ —

 ” যিজনে
পৃথিৱী আৰু উচ্চ আকাশমণ্ডলী সৃজন
কৰিছে এই কোৰআন তেওঁৰ ( আল্লাহৰ )
কাষৰ পৰা অৱৰ্তীণ প্ৰত্যাদেশ
” ( কোৰআন 20 :4 )

2) কোৰআন গ্ৰন্থখন
আল্লাহৰ আদেশ মতে কোনে
মোহাম্মদ (ছ:) ৰ ওচৰলৈ অৱতাৰণ কৰি
লৈ আহিছিল ?

 = ) এই বিষয়ে
কোৰআণত কোৱা হৈছে এনেকৈ —

” ( হে মুহাম্মদ ছ: ! ) তুমি কোৱা –” যি
কোনোবা জিব্ৰীলৰ শত্ৰু ” –কাৰণ
দৰাচলতে সেইজনে আল্লাহৰ আদেশ
মতে এইখন ( এই কুৰআন ) তোমাৰ হ্ৰদয়ত
অৱতাৰণ কৰিছে , ইয়াৰ আগতে যি
( প্ৰত্যাদেশ ) আহিছিল তাৰ সত্য
সমৰ্থনৰূপে আৰু মুমিনসকলৰ কাৰণে
পথপ্ৰদৰ্শক আৰু সুসংবাদদাতাৰূপে
( কোৰআন 2: 97 )

3) কোৰআণ গ্ৰন্থখন মানৱ জাতিৰ
কিহৰ বাবে অৱতৰণ কৰাইছে
আল্লাহে ?

= ) এই বিষয়ে কোৰআণত কোৱা হৈছে
এনেকৈ —

” ইয়াৰ দ্বাৰা আল্লাহে তাকে
হেদায়ত কৰে যিজনে তেওঁৰ সন্তুষ্টি
অনুসৰণ কৰে শান্তিৰ পথত , আৰু
সেইসকলক উলিয়াই আনে অন্ধকাৰৰ
পৰা আলোকৰ পিনে তেওঁৰ মৰ্জিমতে
আৰু সেইসকলক পৰিচালিত কৰে সঠিক
পথৰ ফালে ” ( কোৰআণ 5: 16 )

4) কোৰআণৰ ভাষা কিয় আৰবী হল ?

= ) এই বিষয়ে কোৰআণত কোৱা হৈছে
এনেকৈ —

( হে মহম্মদ ) এই কোৰআন
প্ৰকৃততে তোমাৰ নিজ ভাষা লৈ সহজ
কৰি নমাইছোঁ যাতে তুমি ইয়াৰ
যোগেদি ধৰ্মপৰায়ণসকলক ভালকৈ
আনন্দ বাৰ্তা দিব পাৰ আৰু বিৰোধী
বিলাকক ইয়াৰ দ্বাৰা সাবধাণ কৰিব
পাৰা ” ( কোৰআণ 19 : 97 )

” আৰু আমি যদি কোৰআণ খন এটা
বিদেশী ভাষাত গঢ়িলোহেঁতেন
তেওঁলোকে নিশ্চয় কলেহেঁতেন
শ্লোক বিলাক কিয়নো স্পষ্ট কৰি
দিয়া হোৱা নাই এটা বিদেশী ভাষা
আৰু এজন আৰব পয়গম্বৰ ?….” ( কোৰআণ
41: 44)

5) কোৰআন কোনটো মাহত প্ৰথম
নাযিল হৈছিল ?

= ) ৰমযান মাহত এইটো যত কোৰআণ
নাযিল হৈছিল ( কোৰআন 2: 185 )

✍✍✍… Sadda Hussain 

Leave a comment