জীৱনৰ অৰ্থ কি ?আমি কি নিজেই নিজৰ সৃষ্টা ? নাইবা কোনোবাই আমাক সৃষ্টি কৰিছে ? কোৰআনত এই বিষয়ে কি উল্লেখ আছে ?

** জীৱনৰ অৰ্থ কি ? **

এই সম্পৰ্কে কিছুমান প্ৰশ্ন আৰু তাৰ
উত্তৰ

1) আমি কি নিজেই নিজৰ সৃষ্টা ?
নাইবা কোনোবাই আমাক সৃষ্টি
কৰিছে ?

= ) এই প্ৰশ্নৰ উত্তৰ কোৰআনত দিয়া
হৈছে এনেকৈ —

” আৰু তেৱেঁই ( আল্লাই ) সৃষ্টি আৰম্ভ
কৰিছে পিছত তাকে তেওঁ আকৌ
নতুনকৈ সৃজন কৰিব আৰু ই তেওঁৰ পক্ষে
অতি সহজ আৰু আকাশমণ্ডলী আৰু
পৃথিৱীত বিকশিত হৈছে তেওঁৰেই
উচ্চতম উপমা আৰু তেৱেঁই
সৰ্ব্বশক্তিমান মহাজ্ঞানী
” ( কোৰআন 30 :27 )

2) আল্লাই আমাক পৃথিৱীখনক আৰু
বিশ্বব্ৰক্ষণ্ডৰ সকলো বস্তুক কি
উদ্দেশ্য বিহীন ভাৱেই সৃষ্টি
কৰিছে ?

= ) ইয়াৰ উত্তৰ কোৰআনত দিয়া হৈছে
এনেকৈ —

” তেওঁলোকক কোনো উদ্দেশ্য
নোহোৱাকৈ স্ৰজন কৰা হৈছে
নেকি ? নে তেওঁলোক নিজেই স্ৰজন
কাৰক ? ” ( কোৰআন 51 : 35 )

” আৰু আমি স্বৰ্গসমূহ আৰু পৃথিৱীখন
আৰু দুয়োৰে মাজত থকা সকলো বস্তু
বৃথায়ে গঢ়া নাই …. ” ( কোৰআন
38 :27 )

3 ) আল্লাই আমাক কি উদ্দেশ্যত সৃষ্টি
কৰিছে ?

= ) এই বিষয়ে কোৰআনত কোৱা হৈছে
এনেকৈ —

” আৰু মই ( আল্লাই ) জিন আৰু মানুহক
সৃষ্টি কৰিছোঁ এইটো অভিপ্ৰায়েৰে
যাতে তেওঁলোকে মোক উপাসনা
কৰে ” ( কোৰআন 51 : 56 )

4) আমি ইয়াত কি কৰি আছো ?
আল্লাই আমাক কিহৰ বাবে এই
পৃথিৱীত পঠাইছে ?

= ) এই বিষয়ে কোৰআনত কোৱা হৈছে
এনেকৈ —

” যি জনাই মৃত্যু আৰু জন্মৰ সৃষ্টি
কৰিছে যাতে তেওঁ তোমালোকক
পৰীক্ষা কৰিব পাৰে তোমালোকৰ
ভিতৰত কোননো কাৰ্য্যত সৰ্ব্বশ্ৰেষ্ঠ
আৰু সেইজনাই হৈছে শক্তিশালী
অতিশয় ক্ষমাশীল ” ( কোৰআন 67 : 2 )

5) মৃত্যুৰ পিছত কি হ’ব ?

= ) ইয়াৰ উত্তৰ কোৰআনত দিয়া হৈছে
এনেকৈ —

” তোমালোকে কেনেকৈ আল্লাহৰ
প্ৰতি অবিশ্বাস পোষণ কৰা , যিহেতু
তোমালোক নিষ্প্ৰাণ আছিলা ,
তেতিয়া তোমালোকক তেওঁ জীৱন
দান কৰিছে ? তাৰ পিছত তেওঁ
তোমালোকৰ মৃত্যু ঘটাব , অৱশেষত
( কিয়ামতৰ দিনত ) তোমালোকক
পুনৰ্জীৱিত কৰিব, তেতিয়া তেওঁৰ
দৰবাৰলৈ ( শেষ – বিচাৰৰ কাৰণে )
তোমালোকক ঘূৰাই নিয়া হ’ব
” ( কোৰআন 2: 28 )

✍✍.. Sadda Hussain 

Leave a comment