এতিম সকল আৰু মিছকিন সকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ কোৰআনত আল্লাহে নিৰ্দেশ দিছে

(কুৰআন 2:89 ) ” ……. আৰু এতিমসকলৰ
আৰু মিছকিন সকলৰ প্ৰতি ( সদ্ব্যৱহাৰ
কৰিবা ) ; আৰু লোকসকলৰ সৈতে ভদ্ৰ
কথা কবা …..”
(কুৰআন 2:177 ) ” ধাৰ্মিকতা ইটো নহয়
যে ( নামাযৰ কেৱল বাহ্যিক দিশতে )
তোমালোকৰ মুখ পূব বা পশ্চিম দিশত
ঘূৰুৱা , বৰং ধাৰ্মিকতা হৈছে ( তাৰ
মাজত ) যি ঈমান আনে আল্লাহৰ
প্ৰতি , আৰু আখেৰাতৰ দিনৰ প্ৰতি ,
আৰু ফিৰিশ্বতাসকলৰ প্ৰতি , আৰু
( কুৰআন) গ্ৰন্থখনত , আৰু নবীসকলৰ
প্ৰতি , আৰু যিয়ে তেওঁৰ ( আল্লাহৰ )
প্ৰতি মহব্বতবশত : ধন দান কৰে
আত্মীয় – স্বজনক , আৰু এতীমসকলক
আৰু মিছকিন সকলক , আৰু ( অসহায় হৈ
পৰা ) বাটৰুৱাসকলক , আৰু
ভিখাৰীসকলক আৰু ( দাসবিলাকৰ)
মুক্তিপ বাবদ , আৰু যিয়ে নামায
কায়েম কৰে আৰু যাকাত আদায় কৰে
আৰু নিজৰ প্ৰতিজ্ঞা পালনকাৰি
সকল যেতিয়া সেইসকলে ওৱাদ কৰি
থাকে ; আৰু অভাৱ অনাটনত আৰু
আপদকালত আৰু আতঙ্কৰ সময়ত
ধৈযশীলসকলক এওঁলোকেই তেওঁলোক
যিয়ে সত্যনিষ্ঠ, আৰু এওঁলোক নিজেই
ধৰ্মপৰায়ণ “

Leave a comment